কাকপথাৰত মুখ্যমন্ত্রীৰ প্রেছ উপদেষ্টা হূষীকেশ গোস্বামী; সাংবাদিক পৰাগ ভূঞাৰ পৰিয়ালবর্গক সমবেদনা জ্ঞাপন
নিয়মীয়া বাৰ্তা, ১৫ নবেম্বৰঃ ১১ নৱেম্বৰত এক ৰহস্যজনক পথ দুর্ঘটনাত আহত হৈ পাছত মৃত্যুক আঁকোৱালি লোৱা কাকপথাৰৰ সাংবাদিক পৰাগ ভূঞাৰ তিলনি হৈ যায়৷ ধর্মীয় আৰু সামাজিক ৰীতি–নীতি অনুসৰি এক শোকাকুল পৰিৱেশৰ মাজেৰে সকলোবোৰ সুকলমে সামৰণি পৰে৷ কালিৰ তিলনিৰ দিনা ভূঞাৰ ঘৰত আত্মীয়–কুটুম, দল–সংগঠন, সাংবাদিক আৰু বিভিন্নজন গুণমুগ্ধ উপস্থিত থাকে৷ তদুপৰি অসমৰ মুখ্যমন্ত্রীৰ প্রেছ উপদেষ্টা হূষীকেশ গোস্বামীও উপস্থিত হয়৷ তেওঁ প্রয়াত সাংবাদিকগৰাকীৰ প্রতিচ্ছবিত মাল্যার্পণ কৰাৰ লগতে পৰিয়ালবর্গক সমবেদনা জ্ঞাপন কৰি কয় যে ঘটনাটো চিআইডিক তদন্ত দায়িত্ব দিয়া হৈছে আৰু তেওঁলোকে ১৩ নৱেম্বৰৰ পৰা তিনিচুকীয়া জিলাখনত খোপনি লৈ কামত নামিছে৷ গতিকে তদন্তৰ অন্তত প্রকৃত ঘটনা পোহৰলৈ আহিব আৰু যি দোষী বুলি প্রমাণিত হ’ব তেওঁ নিশ্চয়কৈ দৃষ্টান্তমূলক শাস্তি পাব৷ ইয়াৰ লগতে তেওঁ জানিবলৈ দিয়ে যে পৰাগ ভূঞা আৰু জগদীশ ভূঞাৰ ঘৰৰ লগত পূর্বৰে পৰা তেওঁৰ ব্যক্তিগতভাৱে এক মধুৰ সম্পর্ক আছে৷
পৰাগ ভূঞাৰ তিলনিৰ দিনাখনেই দিনৰ ২ বজাৰ পৰা কাকপথাৰৰ সমূহ সাংবাদিকে একলগ হৈ হিন্দী হাইস্কুলৰ সন্মুখত জাষ্টিজ ফৰ পৰাগ লিখা পোষ্টাৰ হাতে হাতে লৈ এক প্রতিবাদী সভা অনুষ্ঠিত কৰে৷ সভাত কাকপথাৰ প্রেছ ক্লাব, আছাম প্রেছ কৰেছপণ্ডেণ্টছ ইউনিয়ন (আপকু)ৰ তিনিচুকীয়া জিলা সমিতি, বৃহত্তৰ কাকপথাৰ সাংবাদিক সন্থা, ডুমডুমা প্রেছ ক্লাব আদিৰ সাংবাদিকসকল উপস্থিত থাকি পৰাগ হত্যাৰ ন্যায় দাবী কৰে৷