নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সৰভোগত চিলাৰায় জয়ন্তীৰ দিনা মহাবীৰ চিলাৰায়ৰ ব্ৰঞ্জৰ মূৰ্তি উন্মোচন

নিয়মীয়া বাৰ্তা, সৰভোগ, ১৭ ফেব্ৰুৱাৰীঃ বিশ্ব মহাবীৰ চিলাৰায় জয়ন্তী বৰপেটা জিলা কোঁচ ৰাজবংশী সন্মিলনীৰ উদ্যোগত সৰভোগত কালি উদযাপন কৰা হয়। অসম চৰকাৰৰ ২০১৬-২০২১ বৰ্ষৰ আনটাইড ফাণ্ড আৰু বিধায়কৰ উন্নয়ন পুঁজিৰ উদ্যোগত আৰু বৰপেটা জিলাৰ কোঁচ ৰাজবংশী সন্মিলনীৰ সহযোগত নিৰ্মিত মহাবীৰ চিলাৰায়ৰ পূৰ্ণাংগ ব্ৰঞ্জৰ প্ৰতিমূৰ্তিটোৰ  শুভ উদ্বোধন কৰে অসম চৰকাৰৰ জ্যেষ্ঠ কেবিনেট ৰণজিৎ কুমাৰ দাসে। উল্লেখযোগ্য যে মিৰ্জাৰ ভাস্কৰ্য শিল্পী বিজু দাসে নিৰ্মাণ কৰি উলিওৱা এই মূৰ্তিটো ৩,৫০০ কিলোগ্ৰাম ওজনৰ ব্ৰঞ্জৰে নিৰ্মিত আৰু ১০ ফুট উচ্চ। আনহাতে, এই প্ৰতিমূৰ্তিটো ১৪ ফুট ওখ বেদীত স্থাপন কৰা হৈছে। উক্ত অনুষ্ঠানত উপস্থিত থাকি মন্ত্ৰী গৰাকীয়ে কয় যে সৰভোগ সমষ্টিৰ বিধায়ক হিচাপে ২০১১ চনতে মই চিলাৰায়ৰ প্ৰতিমূৰ্ত্তি স্থাপনৰ দেখা স্বপ্নৰ আজি বাস্তৱ ৰূপটোক দেখিবলৈ পাই মই যথেষ্ট উৎসাহিত হৈছোঁঁ ৷ তেওঁ উল্লেখ কৰে যে বৰ অসমৰ ভাষা, সাহিত্য, সংস্কৃতিৰ সৃষ্টি আৰু বিকাশত মহাপুৰুষ শংকৰদেৱৰ সৈতে এক শক্তিশালী নেতৃত্ব প্ৰদান কৰা বিশ্বৰ সংস্কৃত পণ্ডিত চিলাৰায়ৰ অৱদান সঁচাকৈয়ে বিৰল অতুলনীয় ৷ উক্ত অনুষ্ঠানত উপস্থিত থাকে ভাস্কৰ্য্য শিল্পী বিজু দাস, উদযাপন সমিতিৰ সভাপতি তৰুণ দাস, কাৰ্য্যকৰী সভাপতি সম্পদ কুমাৰ দাস, উপসভাপতি ৰবীন দাস, বৰনগৰ মহাবিদ্যালয়ৰ অবসৰপ্ৰাপ্ত অধ্যাপক হীৰেন মজুমদাৰ প্ৰমুখ্যে ব্যক্তি সকল ৷
You might also like