ধুবুৰীত বৰ্তমানলৈ ৩৭৪টা বাল্য বিবাহৰ বিৰুদ্ধে গোচৰ; আটক ১২৬ গৰাকী
নিয়মীয়া বাৰ্তা, ৩ ফেব্ৰুৱাৰী: মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বাল্য বিবাহ বিৰোধী কঠোৰ স্থিতিৰ পিছত বিষয়টো লৈ সমগ্ৰ ৰাজ্যৰ ল’গতে ধুবুৰী জিলাতো ব্যাপক তৎপৰতা আৰম্ভ হৈছে আৰক্ষীৰ। যোৱানিশাৰ পৰা আৰম্ভ হোৱা অভিযানত ধুবুৰী জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা এতিয়ালৈ ১২৬ গৰাকী ব্যক্তিক আটক কৰিছে আৰক্ষীয়ে। আজি বিয়লি ধুবুৰীত এক সংবাদমেল যোগে এই কথা সদৰি কৰিছে ধুবুৰীৰ আৰক্ষী অধীক্ষক অপৰ্ণা নটৰাজনে। জিলাখনত এতিয়ালৈ আটকাধীন ১২৬ গৰাকীৰ ধুবুৰী থানা এলেকাৰ ২৪ গৰাকী, গৌৰীপুৰৰ ১৭ গৰাকী, গোলকগঞ্জৰ ২৬ গৰাকী, আগমনিৰ ৬ গৰাকী, তামাৰহাটৰ ৯ গৰাকী, বিলাসীপাৰাৰ ৩২ গৰাকী, সাপটগ্ৰামৰ ৩ গৰাকী আৰু চাপৰ থানা এলেকাৰ হ’ল ৯ গৰাকী। এতিয়ালৈ ধুবুৰী জিলাৰ বিভিন্ন থানাত বাল্য বিবাহ সন্দৰ্ভীয় ৩৭৪ টাকা গোচৰ ৰুজু হোৱাৰ বিপৰীতে সেই গোচৰবোৰৰ মুঠ অভিযুক্তৰ সংখ্যা হ’লগৈ প্ৰায় ৬৮৭ গৰাকী লোক। ইপিনে বৰ্তমানে ধুবুৰী জিলাত চলি থকা বাল্য বিবাহ বিৰোধী আৰক্ষীৰ এই অভিযান প্ৰথম পৰ্য্যায়ৰ বুলি সংবাদমেলখনত মন্তব্য কৰিছে আৰক্ষী অধীক্ষকগৰাকীয়ে। ল’গতে আগত সময়ত জিলাখনৰ কোনো প্ৰান্তত বাল্য বিবাহ অনুষ্ঠিত হোৱাৰ কোনো তথ্য থাকিলে আৰক্ষীৰ ওচৰত তথ্য প্ৰদান কৰাৰ বাবেও আজিৰ সংবাদমেলখনত ৰাইজলৈ আহ্বান জনায় আৰু প্ৰয়োজন হ’লে তথ্য প্ৰদানকাৰীৰ পৰিচয় গোপন ৰখাৰো প্ৰতিশ্ৰুতি প্ৰদান কৰিছে জিলাখনৰ আৰক্ষী অধীক্ষক নটৰাজনে। বাল্য বিবাহ বিৰোধী আৰক্ষীৰ এই অভিযান জিলাখনত আগলৈও অব্যাহত থাকিব বুলিও জনাইছে আৰক্ষী বিষয়া গৰাকীয়ে।
অমিতাভ চক্ৰৱৰ্তী, ধুবুৰী