নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিশুসকল সন্তুষ্ট হ’লে ভগৱানো সন্তুষ্ট হয়ঃ সোণোৱাল

অক্ষয় পাত্রৰ ৰান্ধনিশাল উদ্বোধন মুখ্যমন্ত্রীৰ

নিয়মীয়া বাৰ্তা ২১ জানুৱাৰীঃ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে বুধবাৰে গুৱাহাটীৰ আমিনগাঁৱত অক্ষয়পাত্র ফাউণ্ডেচনৰ দ্বাৰা নির্মিত কেন্দ্রীয় মধ্যাহ্ণ ভোজন ৰান্ধনীশালৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে৷ উল্লেখ্য যে এই কেন্দ্রীয় ৰান্ধনীশাল নির্মাণৰ বাবে ৰাজ্য চৰকাৰে আমিনগাঁৱত ১০ বিঘা ভূমি প্রদান কৰাৰ উপৰি ভাৰতীয় বিমানকোঠ প্রাধিকৰণে প্রয়োজনীয় পুঁজি আগবঢ়াইছে৷ সম্পূর্ণ যান্ত্রিক পদ্ধতিৰে ইয়াত শিশুৰ বাবে খাদ্য ৰন্ধা হ’ব আৰু ইয়াৰ জৰিয়তে কামৰূপ আৰু কামৰূপ মহানগৰ জিলাৰ প্রায় ৫০ হাজাৰ শিশুলৈ মধ্যাহ্ণ ভোজনৰ আহাৰ যোগান ধৰা হ’ব৷ এই যান্ত্রিক কেন্দ্রীয় ৰান্ধনীশাল উদ্বোধন কৰি এই উপলক্ষে অনুষ্ঠিত সভাত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে অক্ষয়পাত্র ফাউণ্ডেচনে সমগ্র দেশৰ বিভিন্ন ঠাইত শিশুসকলৰ বাবে স্বাস্থ্যসন্মত খাদ্য যোগান ধৰি মানৱ সেৱাৰ এক উৎকৃষ্ট নিদর্শন দাঙি ধৰিছে বুলি কয়৷ শিশুসকলক ঈশ্বৰৰ ৰূপ বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে শিশুসকলক যদি সন্তুষ্ট কৰা হয় তেতিয়াহ’লে ভগৱান সন্তুষ্ট হয়৷ সেয়েহে অক্ষয়পাত্রই শিশুসকলক স্বাস্থ্যসন্মত খাদ্য যোগানেৰে প্রকৃত মানৱ ধর্ম পালন কৰিছে বুলিও তেওঁ কয়৷

মুখ্যমন্ত্রীয়ে স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই অক্ষয়পাত্রৰ দৰে অনুষ্ঠান অসমত গঢ় দিয়াৰ বাবে গ্রহণ কৰি অহা পদক্ষেপৰ বাবে মন্ত্রীগৰাকীক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰে৷ অনুষ্ঠানত বক্তব্য প্রদান কৰি স্বাস্থ্য, বিত্ত, লোকনির্মাণ ইত্যাদি বিভাগৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই অক্ষয়পাত্রৰ দৰে অনুষ্ঠানক গুৱাহাটীলৈ আনি মধ্যাহ্ণ ভোজনৰ কার্যসূচী ভালদৰে চলোৱাৰ বাবে আজি কিছু বছৰ আগতে লোৱা পদক্ষেপৰ বিষয়ে উল্লেখ কৰে৷ আজি উদ্বোধন কৰা এই ৰান্ধনীশালৰ জৰিয়তে কামৰূপ জিলাৰ ৪০ হাজাৰ শিশু উপকৃত হ’ব বুলিও তেওঁ কয়৷ অসমত প্রায় ৪২ লাখ স্কুলীয়া ছাত্র–ছাত্রী আছে বুলি উল্লেখ কৰি আজিৰ এই ৰান্ধনীশালৰ জৰিয়তে ৪০ হাজাৰ ছাত্র–ছাত্রীয়ে স্বাস্থ্যসন্মত মধ্যাহ্ণ ভোজন লাভ কৰিবলৈ সক্ষম হ’ব বুলি তেওঁ কয়৷ মন্ত্রীগৰাকীয়ে যোৰহাট আৰু মাজুলীত এনেধৰণৰ ৰান্ধনীশাল স্থাপন কৰাৰ বাবেপদক্ষেপ লোৱা হৈছে বুলি উল্লেখ কৰি প্রতিখন জিলাতে এনেধৰণৰ ৰান্ধনীশাল স্থাপনৰো পোষকতা কৰে৷ ভাষণ প্রসংগত মন্ত্রীগৰাকীয়ে ভাৰতীয় বিমানকোঠ প্রাধিকৰণে এই দিশত লোৱা পদক্ষেপৰো শলাগ লয়৷ এনেধৰণৰ প্রচেষ্টাত ৰাজ্য চৰকাৰে সদায়ে সহায়–সহযোগিতা আগবঢ়াই যাব বুলি তেওঁ কয়৷ অক্ষয়পাত্র ফাউণ্ডেচনৰ উপাধ্যক্ষ চঞ্চলাপতি দাসাই আদৰণী ভাষণ প্রদান কৰি ৰাজ্য চৰকাৰ আৰু ভাৰতীয় বিমানকোঠ প্রাধিকৰণে এই ৰান্ধনীশাল স্থাপনৰ দিশত কৰা সহায়ৰ শলাগ লয়৷ উপাধ্যক্ষগৰাকীয়ে অসমৰ যোৰহাট, মাজুলী আৰু ত্রিপুৰাত এনে ধৰণৰ ৰান্ধনীশাল স্থাপনৰ পদক্ষেপ লৈ থকা হৈছে বুলি কয়৷ অনুষ্ঠানত অক্ষয়পাত্র ফাউণ্ডেচনৰ অধ্যক্ষ জনার্দন দাসা, অক্ষয়পাত্র ফাউণ্ডেচনৰ ৰাষ্ট্রীয় উপদেষ্টা আৰু ন্যাসৰক্ষী প্রমুখ্যে বহুসংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকে৷

You might also like