নিয়মীয়া বাৰ্তা, ২২ জুনঃ জোনাইত চিয়াং নদীৰ বাঢ়নী পানীয়ে সম্পূৰ্ণৰূপে জলমগ্ন কৰি পেলাইছে আজি প্ৰায় এসপ্তাহ ধৰি বৃহত্তৰ বেৰাচাপৰি অঞ্চল৷ চৰকাৰৰ আঁচনিৰে নিৰ্মীয়মান ৫০ লাখ টকীয়া মথাউৰি চিঙি চিয়াং নৈৰ বাঢ়নী পানী মথাউৰি ওপৰেৰে বাগৰি জোনাইৰ বেৰা চাপৰি অঞ্চলৰ ২০-২৫ খন গাঁও জলমগ্ন হৈ পৰিছে ৷ ফলত বহু লোকৰ ঘৰবাৰী , শ শ বিঘা কৃষিভূমি বুৰ গৈ আছে পানীৰ তলত৷
ইফালে জোনাইৰ লুহিজান ঘাটৰ জোনাই নদীৰ সিপাৰে থকা প্ৰায় ১৫ খনৰো অধিক গাঁৱৰ বান বিধ্বস্ত ৰাইজৰ দৈনিক বিপদসংকূল ভাৱে পাৰাপাৰৰ প্ৰতি লক্ষ্য ৰাখি দেওবাৰৰ পৰা জোনাই মহকুমা প্ৰশাসনে লুহিজান ঘাটত এছ ডি আৰ এফ বাহিনীৰ এখন শিবিৰ স্থাপন কৰি ইঞ্জিন চালিত ৰৱৰ নাঁৱৰে অঞ্চলটোৰ ৰাইজক পাৰাপাৰৰ ক্ষেত্ৰত সহায় কৰাৰ লগতে যিকোনো দুৰ্যোগৰ সময়ত উদ্ধাৰৰ বাবে সাজু হোৱা পৰিলক্ষিত হৈছে৷ আনহাতে দেওবাৰে লুহিজান ঘাটৰ জোনাই নদীত বয়বস্তু কঢ়িয়াই টুলুঙা নাৱেৰে পাৰ হোৱা দুজন লোক নাঁও বুৰি উঠি যায় নদীত”৷ কিন্তু ঘাট খনত থকা এছ ডি আৰ এফ বাহিনীয়ে তৎপৰতাৰে উদ্ধাৰ অভিযান চলাই প্ৰায় ডেৰ মিটাৰ নিলগত নাঁৱসহ লোক দুজনক জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷
উল্লেখ্য যে যোৱা প্ৰায় তিনিবছৰ পূৰ্বে নিৰ্মাণৰ কাম আৰম্ভ কৰা দলংখন অসম চৰকাৰ তথা গড়কাপ্তানী বিভাগৰ চৰম হেমাহি আৰু ঠিকাদাৰৰ গাফিলতিত আজিও সম্পূৰ্ণ নহল নিৰ্মাণৰ কাম | ফলত নদীখনৰ সিপাৰে থকা ১৫ খনৰো অধিক গাঁৱৰ ৰাইজৰ লগতে শ শ ছাত্ৰ ছাত্ৰীয়ে দৈনিক জোনাই সদৰৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছে এক বিপদসংকুল যাত্ৰাৰে| কিন্তু ইমানৰ পিছতো জোনাই বিধায়ক বিধায়ক ভূৱন পেগুৰ আৰু সাংসদ প্ৰদান বৰুৱাৰ কোনোধৰনৰ গুৰুত্ব দিয়া পৰিলক্ষিত নহল| ঠিকাদাৰ আৰু জনপ্ৰতিনিধিৰ গাফিলতিৰ ফলত আজি পৰ্য্যন্ত নিৰ্মাণ সম্পূৰ্ন নোহোৱাত বানপীড়িত বাহিৰ জোনাই ৰাইজে অতি শীঘ্ৰে দলংখন সম্পূৰ্ন কৰি যাতায়তৰ সুচল কৰি দিবলৈ বিভাগীয় কৃতপক্ষৰ ওচৰত দাবী জনাইছে।