নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তৃতীয়টো বানে প্লাৱিত কৰিলে চিৰাং জিলাৰ বিজনীৰ বিস্তীৰ্ণ অঞ্চল

নিয়মীয়া বাৰ্তা ৩১ জুলাইঃ তৃতীয়টো বানে প্লাৱিত কৰিলে চিৰাং জিলাৰ বিজনীৰ বিস্তীৰ্ণ অঞ্চল। কাণামাক্ৰা নদীৰে ভূটানৰ পৰা নামি অহা বাঢ়নী পানীয়ে প্লাৱিত কৰিলে নেহৰু বাজাৰ, লাংদাংপাৰা, চামঠাইবাৰীকে আদি কৰি এক বৃহৎ এলেকা। পথৰ ওপৰেদি বাগৰিছে হোৰা-হোৰে পানী। কেবাটাও শিবিৰত আশ্ৰয় গ্ৰহণ বাৰ্নাত্যৰ। ভূটানৰ পৰা নামি অহা বাঢ়নী পানীৰ ফলত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে চিৰাং জিলাৰ কাণামাক্ৰা নদী। ফলত প্লাৱিত হৈ পৰিছে বিজনী মহকুমাৰ অন্তৰ্গত পুবগুল্ডীৰ নেহেৰু বজাৰ অঞ্চল। নৈখনৰ বাঢ়নী পানীয়ে নেহেৰু বাজাৰ, লাংদাংপাৰা, চামঠাইবাৰীকে আদি কৰি বুৰাই পেলাইছে কেইবাখনো গাওঁ। পথ-পথেৰে হোৰা-হোৰে পানী বাগৰাৰ ফলত বিছিন্ন হৈ পৰিছে যোগাযোগ ব্যৱস্থা। ঘৰে-দুৱাৰে পানী সোমাই পৰাৰ ফলত কেবাটাও বান শিবিৰত আশ্ৰয় গ্ৰহণ কৰিব লগীয়া হৈছে বাৰ্নাত্যৰ। আলই-আথানি হৈ পৰিছে পশু-পক্ষী। এক হাহাকাৰময় পৰিস্থিতি সৃষ্টি হোৱা পৰিলক্ষিত হৈছে উক্ত অঞ্চলত। ইফালে মহকুমাটোৰ পাণবাৰীত বুঢ়ী সুঁতিৰ বাঢ়নী পানীয়ে ২ নং চাউৰাং, দহলাপাৰা, কচুবিল আদি অঞ্চল প্লাৱিত কৰি বিস্তৰ ক্ষতিসাধন কৰে। আনফালে পুব খামাৰপাৰাতো মাক্ৰা নদীৰ বাঢ়নী পানীয়ে লাহাতিপাৰা, লাহাতিপাৰা বাজাৰ, কেপপাৰা আদি অঞ্চল বুৰাই পেলায়। নৈখনৰ বাঢ়নী পানীয়ে বড়োবাজাৰ-বাগৰগাঁও সংযোগী পথ চিঙাই লৈ যায়। যাৰ ফলত বিছিন্ন হৈ পৰিছে উক্ত অঞ্চলৰ যোগাযোগ ব্যৱস্থা।
ইফালে চিৰাং আৰু বঙাইগাঁও জিলাৰ বিজনী ৰাজহ চক্ৰৰ অন্তৰ্গত কেইবাখনো গাঁও এইবেলি আই নৈৰ বানৰ কৱলত পৰাৰ পাছত এতিয়াও পানীৰ তলত আছে । নেৰানেপেৰা বৰষুণৰ ফলত হোৱা আই নৈৰ বাঢ়নী পানীয়ে বঙাইগাঁও জিলাৰ পৰা চিৰাং হৈ পুনৰ বঙাইগাঁওৰ সীমা মূৰীয়া অঞ্চল ক্ষতিগ্ৰস্ত কৰে | বঙাইগাঁও জিলাৰ ১ নং জাৰাগুৰী, ২ নং জামদহাৰ মাজেৰে প্ৰবেশ কৰি চিৰাঙৰ নধীয়াপাৰা, কাছদহা, কুমৰগাঁও পুনৰাই ২ নং জামদহা, ৩ নং জামদহা, ৪ নং আৰু ৫ নং জামদহা , ১ নং জাৰাগুৰীকে ধৰি বৃহত্তৰ ভাণ্ডাৰা অঞ্চল পাব্লিত কৰি তোলে। যাৰ ফলত বিগত উক্ত অঞ্চল সমূহৰ বানপীড়িত ৰাইজে পথৰ দাঁতিত অস্থায়ী ঘৰ সাজি আশ্ৰয় লৈ থাকিবলগীয়া হৈছে।

You might also like