নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিৰাঙত আজি পুনৰ মাৰণাস্ত্ৰ আৰু গুলী উদ্ধাৰ

নিয়মীয়া বাৰ্তা, ২৭ আগষ্ট: চিৰাঙত আজি আৰক্ষীয়ে পুনৰ মাৰণাস্ত্ৰ আৰু সক্ৰিয় গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত আজি দিনৰ ১১ বজাত চিৰাং আৰক্ষীয়ে সংবাদ মাধ্যমক অভিযানৰ সময়ত উদ্ধাৰ কৰা মাৰণাস্ত্ৰ আৰু সক্ৰিয় গুলী সমূহ প্ৰদৰ্শন কৰোৱাৰ লগতে অভিযান সম্পৰ্কে বিতং তথ্য অবগত কৰে। আজি পুৱা প্ৰায় ৪ বজাত চিৰাং জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ মেধিৰ নেতৃত্বত তথা বিজনী মহকুমা আৰক্ষী বিষয়া আৰু বিজনী থানাৰ আৰক্ষী বাহিনীৰ সহযোগত লাবদাংগুৰি-সুভাইঝাৰ গড়কাপ্তানি পথৰ পশ্চিম দিশৰ হাবিত অবৈধ মাৰণাস্ত্ৰ উদ্ধাৰ অভিযান চলাই মাৰণাস্ত্ৰ আৰু সক্ৰিয় গুলী সমূহ উদ্ধাৰ কৰে। গাঁতত পুতি ৰখা অৱস্থাত উদ্ধাৰ হোৱা মাৰণাস্ত্ৰ আৰু গুলীৰ ভিতৰত ২ টা এ কে চিৰিজৰ ৰাইফল আৰু ৩টা মেগজিন, এ কে চিৰিজৰ সক্ৰিয় গুলী- ১৬৭ টা, ৫ দশমিক ৫৬ মিঃ মিঃ সক্ৰিয় গুলী-৭টা। চিৰাং আৰক্ষীয়ে ঘটনাৰ লগত জড়িত কোনো ব্যক্তিক আটক কৰা নাই যদিও বিজনী থানাত GDE no- 906 গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে। বিটিএডিত সঘনাই উদ্ধাৰ হোৱা মাৰণাস্ত্ৰ সমূহৰ দৰেই আজি উদ্ধাৰ হোৱা মাৰণাস্ত্ৰ সমূহ অঞ্চলটোত সক্ৰিয় পূৰ্বৰ কোনো এটা উগ্ৰপন্থী সংগঠনৰ সদস্যই গাঁতত পুতি ৰখা বুলি সন্দেহ কৰা হৈছে।

You might also like