চিটফাণ্ড কেলেংকাৰিৰ গোচৰঃ পৰিপূৰক চার্জশ্বীট দাখিল চিবিআইৰ
নিয়মীয়া বাৰ্তা, ২৩ জুলাইঃ চিটফাণ্ড কেলেংকাৰি সন্দর্ভত ৰুজু হোৱা এটা গোচৰত বৃহস্পতিবাৰে পৰিপূৰক চার্জশ্বীট দাখিল কৰিছে তদন্তকাৰী সংস্থা চি বি আয়ে৷ কলকাতাৰ এই প্রতিষ্ঠানটোৱে সঞ্চালক– বিষয়াসহ চাৰিজনৰ বিৰুদ্ধে গুৱাহাটীস্থিত বিশেষ আদালতত এই চার্জশ্বীট দাখিল কৰিছে চি বি আয়ে৷
উল্লেখ্য যে কলকাতাৰ চিটফাণ্ড প্রতিষ্ঠানটোৱে অসমৰ বিভিন্ন প্রান্তত প্রৱঞ্চনাৰ জাল পেলাই বৃহৎ পৰিমাণৰ ধন লুণ্ঠন কৰিছিল৷ ২০১৩ চনলৈ এই প্রতিষ্ঠানটোৱে মুঠ ৯,৩৯,৩৬,৩৫০ টকা জনসাধাৰণৰ পৰা সংগ্রহ কৰিছিল৷ কম দিনৰ ভিতৰতে উপার্জন দুুগুণ কৰাৰ সপোন দেখুৱাই গ্রাহকৰ ধন ওভতাই দিয়া নাছিল চিটফাণ্ড প্রতিষ্ঠানটোৱে৷ ইয়াৰ পূর্বে ২০১৮ চনত ১০ অক্টোবৰত এখন চার্জশ্বীট দাখিল কৰিছিল চিবিআয়ে৷