নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিটিআৰ চুক্তি ৰূপায়ণ কৰি শীঘ্ৰে বড়ো কছাৰী স্বায়ত্ত শাসিত পৰিষদ গঠনৰ দাবী, চিমেন চাপৰিত ইউবিপিঅৰ প্ৰতিষ্ঠা দিৱস পালন

নিয়মীয়া বাৰ্তা,  ১৮ জুলাইঃ শেহতীয়া বড়ো তথা চুক্তি বিটিআৰ চুক্তি ৰূপায়ণ কৰি শীঘ্ৰে বড়ো কছাৰী স্বায়ত্ত শাসিত পৰিষদ গঠন কৰক।বড়ো কছাৰী স্বায়ত্ত শাসিত পৰিষদ বিটিএডি বাহিৰৰ অসমৰ একৈশখন জিলাত বসবাস কৰা দহ লক্ষ্যাধিক বড়ো জনগণৰ সাংবিধানিক প্ৰাপ্য অধিকাৰ।আজি চিমেন চাপৰিৰ সতীশ বসুমতাৰী বড়ো হাইস্কুলত ইউবিপিঅৰ ধেমাজি জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত সংযুক্ত বড়ো গণ মঞ্চ(ইউবিপিঅ)ৰ সপ্তম প্ৰতিষ্ঠা দিৱসৰ নাগৰিক সভাত মুখ্য অতিথিৰ ভাষনত এইদৰে কয় সংযুক্ত বড়ো গণ মঞ্চৰ সভাপতি মিহিনিশ্বৰ বসুমতাৰীয়ে । ইউবিপিঅৰ ধেমাজি জিলা সমিতিৰ সভাপতি মনোৰঞ্জন বসুমতাৰীয়ে সভাপতিত্ত্ব কৰা প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত নাগৰিক সভাত ইউবিপিঅৰ সভাপতি গৰাকীয়ে পুনৰ কয় বিটিএডিৰ বাহিৰৰ অসমৰ একৈশখন জিলাত বসবাস কৰা দহ লক্ষ্যাধিক বড়ো জনগণৰ ৰাজনৈতিক, আৰ্থ-সামাজিক, শৈক্ষিক, সাংস্কৃতিক দিশৰ উত্তৰণৰ বাবে বড়ো কছাৰী স্বায়ত্ত শাসিত পৰিষদ গঠনৰ বিকল্প নাই বুলি কৈ তেওঁ যোৱা ২৭ জানুৱাৰীত দিল্লীত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ সৈতে বড়ো জাতীয় সংগঠনৰ নেতৃত্বৰে সম্পন্ন হোৱা বিটিআৰ চুক্তিৰ পঞ্চম ধাৰাত সন্নিবিষ্ট দফাসমূহ তৎকালে ৰূপায়ণ কৰি বড়ো কছাৰী স্বায়ত্ত শাসিত পৰিষদ গঠন কৰিবলৈ চৰকাৰক দাবী জনায়। বিজেপি নেতৃত্বৰ মিত্ৰজোঁটৰ চৰকাৰখনে বড়ো সকলক প্ৰদান কৰা নিৰ্বাচনী প্ৰতিশ্ৰুতি পালন কৰি বিটিএডিৰ বাহিৰৰ বড়ো সকলৰ আশা-আকাংক্ষা পূৰণৰ লক্ষ্যত বড়ো কছাৰী স্বায়ত্ত শাসিত পৰিষদ গঠনৰ প্ৰক্ৰিয়া হাতত লবলৈ চৰকাৰক দাবী জনায়।

       ধেমাজি জিলা ইউবিপিঅৰ সাধাৰণ সম্পাদক দিপাঙ্কৰ নাৰ্জাৰীয়ে আতঁধৰা অনুষ্ঠানত এছ বি বড়ো হাইস্কুলৰ সহঃ প্ৰধান শিক্ষক তথা ইউবিপিঅৰ উপদেষ্টা ললিত চন্দ্ৰ বড়ো, এবছুৰ অবিভক্ত লক্ষীমপুৰ জিলা সমিতিৰ প্ৰাক্তন সাধাৰণ সম্পাদক বিমল দৈমাৰী,জোনাই জিলা বড়ো সাহিত্য সভাৰ সভাপতি সোণেশ্বৰ বসুমতাৰী, ধেমাজি জিলা এবছুৰ সভাপতি শিৱৰাম বসুমতাৰী,ধেমাজি জিলা আবৌফৰ সভানেত্ৰী ফুলেশ্বৰী দৈমাৰী, বড়ো প্ৰাথমিক শিক্ষক সন্থাৰ ধেমাজি জিলা সমিতিৰ সাধাৰণ সম্পাদক মনোজ স্বৰ্গীয়াৰীয়ে বিটিএডিৰ বাহিৰৰ একৈশখন জিলাত বসবাস কৰা বড়ো সকলৰ সামগ্ৰিক উন্নয়নৰ বাবে এখন ক্ষমতাযুক্ত স্বায়ত্ত শাসিত পৰিষদ গঠনৰ প্ৰয়োজনীয়তাৰ ওপৰত বক্তব্য দাঙি ধৰি এইক্ষেত্ৰত বড়ো জাতিৰ সকলো শ্ৰেণীৰ ৰাইজক একত্ৰিত ভাবে আগবাঢ়ি আহিবলৈ আহ্বান জনায়।বুদ্ধিজীৱী, সমাজকৰ্মী, কেবাটাওবড়ো জাতীয় সংগঠনৰ নেতা উপস্থিত থকা নাগৰিক সভাত এবছুৰ জনসম্পৰ্কৰক্ষী সম্পাদক বডোছা ব্ৰহ্ম, ধেমাজি জিলা সমিতিৰ উপ সভাপতি লকেন বসুমতাৰী,সৌৰ্জিত নাৰ্জাৰী, সাধাৰণ সম্পাদক উদাং বি বডোছা, ইউবিপিঅৰ সম্পাদক শুক্ৰেশ্বৰ গয়াৰী, উপাধ্যক্ষা সৌমশ্ৰী বড়ো, সদস্যা প্ৰাণজিতা বসুমতাৰী, মিচিং স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰভাত বসুমতাৰী, মলেন্দ্ৰ নাৰ্জাৰী, সাধাৰণ সদস্য ৰাতিৰাম বসুমতাৰী, ধেমাজি জিলা আবৌফৰ উপ সভানেত্ৰী শীলা বসুমতাৰী, সাধাৰণ সম্পাদিকা ভাৰতী হাজোৱাৰী ব্ৰহ্ম,ধেমাজি জিলা পৰিষদৰ সদস্যা শুভাৰাণী বসুমতাৰী, চিমেন চাপৰি মহাবিদ্যালয়ৰ প্ৰবক্তা চবেত বসুমতাৰী, ধনেশ্বৰ নাৰ্জাৰী, কেবাখনো শিক্ষানুষ্ঠানৰ মূৰব্বী, শিক্ষক, সমাজকৰ্মী উপস্থিত থাকে ।

 

অনুষ্ঠানত অনাতাঁৰশিল্পী বীৰেন্দ্ৰ কুমাৰ ব্ৰহ্ম, কন্ঠ শিল্পী ইলা ব্ৰহ্ম,ভাগ্যশ্ৰী বসুমতাৰী , আলাৰী বড়োয়ে গীত পৰিবেশন কৰি উপস্থিত ৰাইজক আপ্লুত কৰে। প্ৰতিষ্ঠা দিৱসৰ পুৱা ৯ বজাত পতাকা উত্তোলন কৰে ধেমাজি জিলা ইউবিপিঅৰ সভাপতি মনোৰঞ্জন বসুমতাৰীৰ লগতে জিলাৰ অন্তৰ্গত সাতখন আঞ্চলিক সমিতিৰ সভাপতি সকলে ।

You might also like