নিয়মীয়া বার্তা, ২ জুনঃ অসমীয়া ভাষাত উপলব্ধ চিনে ৱেব পর্টেল চিনে কথা ডট কম আজিৰ পৰা আনুষ্ঠানিকভাৱে চিনেপ্রেমীলৈ মুকলি কৰি দিয়া হৈছে৷ এই ৱেব পর্টেলত অসমীয়া ভাষাৰ ছবিৰ গুৰুত্বপূর্ণ তথ্যসমূহ সন্নিৱিষ্ট কৰা হ’ব৷ মূলতঃ এই বিষয়ত গুৰুত্বপূর্ণ লেখাসমূহৰ ডিজিটেল সংৰক্ষণেই ৱেব পর্টেলটোৰ প্রধান লক্ষ্য৷
অসমীয়া চিনেমাৰ সোণালী ইতিহাসৰ লগতে ভাৰতীয় বিভিন্ন আঞ্চলিক ভাষাৰ চিনেমা আৰু বিশ্বৰ বিভিন্ন প্রান্তৰ ছবিৰ ইতিহাসৰ পৰা আৰম্ভ কৰি বিভিন্ন তথ্য আৰু পর্যালোচনা এই পর্টেলত উপলব্ধ হ’ব৷ ছবি জগতৰ খ্যাতনামা ব্যক্তিসকলে বিভিন্ন কাৰিকৰী বিষয়সমূহৰ ওপৰত কৰা মন্তব্য তথা সাক্ষাৎকাৰ চিনেকথাত অন্তর্ভুক্ত হ’ব৷
বর্তমান সময়ত চর্চাত থকা জনপ্রিয় ৱেব ছিৰিজসমূহেও ঠাই লাভ কৰিব চিনেকথাত৷ ফেচবুক, ইনষ্ট্রাগ্রাম, টুইটাৰৰ জৰিয়তে সংস্পর্শত থাকিব পাৰিব চিনেপ্রেমী৷