চিৰাঙৰ ছাতিপুৰৰ অনন্ত ৰায়ৰ ঘৰত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ
নিয়মীয়া বাৰ্তা, ১১ফেব্ৰুৱাৰী: বেচৰকাৰী কাৰ্যসূচী লৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি চিৰাং জিলাৰ ঢালিগাঁও থানাৰ অন্তৰ্গত ছাতিপুৰ গাঁৱত উপস্থিত হয়। গুৱাহাটীৰ পৰা হেলিকপ্টাৰ যোগে পোনে পোনে আহি গৃহ মন্ত্ৰী জনে বঙাইগাঁও শোধনাগাৰৰ ক্ৰীড়া প্ৰকল্প চৌহদৰ অস্থায়ী হেলিপেডত অৱতৰণ কৰি ছাতিপুৰ গাঁৱৰ অনন্ত ৰায়ৰ বাসগৃহত উপস্থিত হয়। কোচ ৰাজবংশী সকলৰ দীৰ্ঘদিনীয়া দাবী সমুহ পুৰণৰ হকে আজি গ্ৰটাৰ কোচবিহাৰ পিপ’লচ এছোচিয়েছনৰ অন্যতম প্ৰতিষ্ঠাপক অনন্ত ৰায়ৰ বাসগৃহত কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে এক অনানুষ্ঠানিক আলোচনাত মিলিত হয়। আলোচনাৰ অন্তত কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপৰ পৰা বিৰত থাকে যদিও পশ্চিম বংগত কোচ ৰাজবংশী জনগোষ্ঠীৰ এজন প্ৰভাৱশালী নেতা তথা এক বিশেষ ধৰ্মৰ ধৰ্মীয় গুৰু হিচাপে পৰিচিত ব্যক্তি অনন্ত ৰায়ে সংবাদ মাধ্যমৰ আগত আলোচনা সম্পৰ্কে কিছু কথা প্ৰকাশ কৰে। কোচৰাজবংশী সকলৰ বাবে বিশেষ পেকেজ ঘোষণা, কোচ ৰাজবংশী জনগোষ্ঠীৰ সকলো দাবী পূৰণকে আদি কৰি বহু আস্বাস প্ৰদান কৰে বুলি জনায়। ৰাজবংশীৰ ভূমিত ৰাজবংশী সকল বহিৰাগত নহয়, ইয়াৰ স্থায়ী বাসিন্দা বুলিও গৃহ মন্ত্ৰী শ্বাহে মন্তব্য কৰাৰ লগতে অৰ্ধ সামৰিক বাহিনীত কোচ ৰাজবংশী সকলক নিযুক্তিৰ সুবিধা প্ৰদান কৰা, মহাৰাজ চিলাৰায়ৰ নামত প্ৰশিক্ষণ কেন্দ্ৰ মুকলি কৰিব বুলি গৃহ মন্ত্ৰী গৰাকীয়ে আজিৰ আলোচনাত প্ৰকাশ কৰে বুলি অনন্ত ৰায়ে জনায়। কোচবিহাৰত কাৰ্যসূচী থকাৰ বাবে গৃহ মন্ত্ৰীয়ে তেওঁৰ বাসগৃহত দুপৰীয়াৰ আহাৰৰ পৰিৱৰ্তে তিলৰ লাৰু আৰু পিঠাৰে পুৱাৰ লঘু আহাৰ গ্ৰহণ কৰে বুলিও অনন্ত ৰায়ে প্ৰকাশ কৰে।
অনন্ত ৰায়ৰ বাসগৃহত আতিথ্য গ্ৰহণ কৰাৰ সময়ত ৰাজ্যৰ জ্যেষ্ঠ মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে কেন্দ্ৰীয় গৃহ মন্ত্ৰী শ্বাহক সংগ দিয়ে। ব্যক্তিগত কাৰ্যসূচী লৈ অনন্ত ৰায়ৰ বাসগৃহত আতিথ্য গ্ৰহণ কৰা বুলি প্ৰকাশ কৰিছে যদিও মূলত পশ্চিম বংগৰ আগন্তুক বিধান সভাৰ নিৰ্বাচনক লক্ষ্য কৰি গৃহ মন্ত্ৰী শ্বাহৰ আজিৰ এই ভ্ৰমণ ৰাজনৈতিক ভ্ৰমণ হিচাপে ৰাজনৈতিক ক্ষেত্ৰখনত বিশেষ চৰ্চা চলিছে। আজিৰ আলোচনাৰ সময়ত গ্ৰেটাৰ কোচবিহাৰ পিপ’লচ এচোছিয়েছনৰ সভাপতি নিৰ্মল ৰায়,সম্পাদিকা নমিতা বৰ্মন,কাৰ্য্যালয় সচিব পৰেশ বৰ্মন,সাংস্কৃতিক সম্পাদক ধনঞ্জয় ৰায়,সহকাৰী সম্পাদক মিথুন বৰ্মনৰ লগতে উত্তৰ বংগৰ বিজেপি সাংসদ নিশিত পাৰমাণিক, পশ্চিম বংগৰ বিজেপি দলৰ ৰাজ্যিক প্ৰভাৰী কৈলাশ বিজয় বৰ্গীয়েও ৪৫ মিনিট সময় ধৰি আলোচনাত মিলিত হয়। ছাতিপুৰৰ পৰা গৃহ মন্ত্ৰীজনে কোচবিহাৰ ৰাজবাৰীলৈ গৈ তাত কোচ ৰাজবংশী জনগোষ্ঠীৰ দেৱতা মদন মোহনক দৰ্শন কৰাৰ পিছতে এখন জন সভাত অংশগ্ৰহণ কৰিব। গৃহ মন্ত্ৰী অমিত শ্বাহ বঙাইগাঁও শোধনাগাৰৰ হেলিপেডত অৱতৰণ কৰাৰ সময়ত বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো,উপ মুখ্য কাৰ্যবাহী সদস্য গোবিন্দ বসুমতাৰী, কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী, এবছুৰ সাধাৰণ সম্পাদক খনিন্দ্ৰ বসুমতাৰীয়ে আদৰণি জনায়।