চিৰাঙৰ ৰুণিখাটাত মুখ্য মন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ
জয়ন্ত বসুমতাৰীক জয়যুক্ত কৰি প্ৰমোদ বড়োৰ হাত শক্তিশালী কৰিবলৈ ভোটাৰ ৰাইজক আহ্বান সোণোৱালৰ
নিয়মীয়া বাৰ্তা,৩১ মাৰ্চ: মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি বিয়লি চিৰাং জিলাৰ ৰুণিখাটাত এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। জিলা খনৰ অন্তৰ্গত ৩১ নং চিদলী (জনজাতি) বিধানসভা সমষ্টিত ইউপিপিএল দলৰ মনোনীত প্ৰাৰ্থী হিচাপে এইবেলি বিধান সভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দীতা আগবঢ়োৱা প্ৰাক্তন এবছু নেতা জয়ন্ত বসুমতাৰীৰ সমৰ্থনত অনুষ্ঠিত নিৰ্বাচনী প্ৰচাৰ সভাত মুখ্য মন্ত্ৰী সোণোৱালে সভাত উপস্থিত ভোটাৰ ৰাইজক ভোট দান কৰি জয়যুক্ত কৰিবলৈ আহ্বান জনায়। বিটিআৰৰ অন্যতম জনপ্ৰিয় তথা নিকা ভাবমূৰ্তিৰ যুৱ নেতা প্ৰমোদ বড়োৰ হাত শক্তিশালী কৰিবলৈ বিটিআৰৰ চাৰিওখন জিলাত ভোট যুদ্ধত অৱতীৰ্ণ হোৱা বিজেপি- ইউপিপিএল-জিএছপি মনোনীত প্ৰতিজন প্ৰাৰ্থীক ট্ৰেক্টৰ, পদুম আদি দলীয় চিহ্নত ভোট দি জয়যুক্ত কৰি অসম বিধান সভাৰ মজিয়ালৈ প্ৰেৰণ কৰাৰ বাবে বিনম্ৰ অনুৰোধ তথা আহ্বান জনায়।
মুখ্য মন্ত্ৰী জনে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰ খনে ৰাজ্যৰ পৰা সন্ত্ৰাসবাদ নিৰ্মূল কৰি শান্তি প্ৰতিষ্ঠাৰ যি সংকল্প বা লক্ষ্য স্থিৰ কৰি লৈছিল, বিগত পাঁচ বছৰত তাক বাস্তৱায়িত কৰিবলৈ ৰাজ্যৰ চৰকাৰ সক্ষম হৈছে। এই ক্ষেত্ৰত প্ৰয়াত নেতা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ আদৰ্শক শিৰোধাৰ্য কৰি আপোনালোকৰ মৰমৰ যুৱ নেতা প্ৰমোদ বড়োই এনডিএফবি আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত সম্পাদিত শান্তি চুক্তিৰ ক্ষেত্ৰত এক বিশেষ ভূমিকা পালন কৰিছিল। আজি প্ৰমোদ বড়োৰ বাবে বিটিআৰ বাসী ৰাইজৰ সকলো জাতি জনগোষ্ঠীৰ মাজত সদ্ভাৱ স্থাপন হৈছে। অনাগত দিনত বিটিআৰৰ পৰা নিৰ্বাচিত হোৱা ইউপিপিএল দলৰ বিধায়ক সকলে চৰকাৰ গঠনত সহযোগিতা আগবঢ়োৱাৰ সমান্তৰাল ভাৱে বিটিআৰৰ চাৰিওখন জিলাৰ সৰ্বসাধাৰণ ৰাইজৰ উন্নতি সাধন কৰাত মনোনিৱেশ কৰিব পাৰিব। চিদলী সমষ্টিৰ প্ৰধান সমস্যা বিশুদ্ধ খোৱা পানীৰ অভাৱ, খহনীয়া, ভূমিৰ অধিকাৰ, শিক্ষা-স্বাস্থ্য, নিবনুৱা সমস্যা আদি সকলো সমস্যা সমাধান কৰাৰ বাবে আমি প্ৰতিশ্ৰুতিবদ্ধ। দ্বিতীয়বাৰ চৰকাৰ গঠন কৰাৰ পাছত অতি কম দিনৰ ভিতৰতে আমি সকলো সমস্যা সমাধান কৰিম। মাথোঁ আপোনালোকৰ মৰমৰ আৰু আশীৰ্বাদ ইউপিপিএল, বিজেপি তথা মিত্ৰজোঁটৰ প্ৰাৰ্থী সকলৰ পক্ষত থাকিব লাগিব। আপোনালোকে বিপুল ভোটৰ ব্যৱধানত চিদলীৰ পৰা জয়ন্ত বসুমতাৰীক জয়যুক্ত কৰক বুলি মুখ্য মন্ত্ৰী সোণোৱালে সভাত উপস্থিত ভোটাৰ ৰাইজৰ প্ৰতি আহ্বান জনায়।
আজি বিয়লি প্ৰায় ৪ বজাত ৰুণিখাটা আৰক্ষী থানাৰ অন্তৰ্গত আশ্ৰাবাৰী ৰাজহুৱা খেল পথাৰৰ সমীপত সোণোৱালে হেলিকপ্টাৰৰে আহি অৱতৰণ কৰে। হেলিপেডত মুখ্য মন্ত্ৰী জনক বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো, কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী,মনোনীত কাৰ্যবাহী সদস্য মাধৱ ছেত্ৰী আৰু অন্যান্য নেতা সকলে আদৰণি জনায়। ইউপিপিএলৰ কাৰ্যবাহী সভাপতি ৰণগৌৰা নাৰ্জাৰীৰ সঞ্চালনাত অনুষ্ঠিত নিৰ্বাচনী প্ৰচাৰ সভাত মুখ্য মন্ত্ৰী সোণোৱালক আৰণাইৰে উষ্ম আদৰণি জনায়। সভাত নিজৰ আদৰণি ভাষণত মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োই দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী সোণোৱালক ভূয়সী প্ৰশংসা কৰে। নেতা দুজনৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰৰ আৰু ৰাজ্যিক চকাৰ খনে সৰ্বসাধাৰণ ৰাইজৰ বহু আশা-আকাংক্ষা পূৰণ কৰিবলৈ সক্ষম হোৱা বুলি মন্তব্য কৰে। প্ৰমোদ বড়োই পাঁচ বছৰত সকলো অভাৱ দূৰ কৰা সম্ভৱ নহয় বুলি কোৱাৰ লগতে ভোটাৰ ৰাইজক পৰৱৰ্তী পাঁচ বছৰৰ কাৰ্যকালত সেই আধৰুৱা কাম সমূহ কৰাৰ বাবে বিজেপি মিত্ৰজোঁটক সুযোগ প্ৰদান কৰিবলৈ বিটিআৰৰ ভোটাৰ ৰাইজক আহ্বান জনায়। আজিৰ প্ৰচাৰ সভাখনত ৰুণিখাটা অঞ্চলৰ কেইবা সহস্ৰাধিক ভোটাৰ ৰাইজ তথা দলীয় সমৰ্থক উপস্থিত থাকে।।