নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কইনা এজনী, দৰা আহিল সাতজন তাৰ পিছৰ ঘটনা শুনিলে চকু কপালত উঠিব আপোনাৰ…

নিয়মীয়া বাৰ্তা ৩১ মাৰ্চঃ  সলনি হৈছে বৰ্তমানৰ জীৱনশৈলী। সলনি হৈছে বহু প্ৰথা। বৰ্তমান ব্যস্তাৰ সময়ত বহুলোকে জীৱন সংগিনী বিচাৰি ঘটক প্ৰতিষ্ঠান সমূহক দায়িত্ব দিয়ে। কিন্তু কিমান বিশ্বাসযোগ্য এই ঘটক প্ৰতিষ্ঠান সমূহ। কেৱল টকা ঘটাৰ আহিলা হৈছে নেকি ঘটক প্ৰতিষ্ঠান সমূহ। তেনে এক ঘটনা পোহৰলৈ আহিছে মধ্যপ্ৰদেশত।

মধ্য প্ৰদেশৰ ৰাজধানী ভুপালত সংঘটিত হৈছে তেনে এক ঘটনা৷ বিবাহৰ বাবে যুৱক-যুৱতীৰ সন্ধান দিয়া অৰ্থাৎ ঘটক হিচাপে কাম কৰা এটা প্ৰতিষ্ঠানে এজন বা দুজন নহয়, সাতজন যুৱকক বিয়াৰ বাবে যুৱতী ঠিক কৰি দিয়াৰ প্ৰলোভনেৰে বৃহৎ পৰিমাণৰ ধন লৈ প্ৰতাৰণা কৰে৷

উল্লেখ্য যে  এগৰাকী যুৱতীকে সাতজন যুৱকৰ বাবে ঠিক কৰি দিছিল এই ভুৱা প্ৰতিষ্ঠানটোৱে৷ ইয়াৰ বাবদ সংস্থাটোৱে লৈছিল বৃহৎ পৰিমাণৰ ধন৷ কিন্তু বিয়াৰ বাবে বিবাহ যাত্ৰীৰ সৈতে কইনাৰ ঘৰত একেদিনাই উপস্থিত হয়গৈ সাতজন দৰা৷ কিন্তু কইনা নিবলৈ আহি কইনাৰ ঘৰত উপস্থিত হোৱাৰ পাছতহে দৰাকেইজন মূৰ্চা যোৱাৰ দৰে হয়৷

ইয়াৰ কাৰণ হ’ল কইনাৰ ঘৰৰ দুৱাৰত ওলমি আছিল তলা৷ ইজনৰ পিছত সিজনকৈ সাতজন দৰা আহি হ’বলগীয়া কইনাৰ ঘৰত উপস্থিত হোৱাত সকলো আচৰিত হয়৷ গতিকে উক্ত ভুৱা ঘটক প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে দৰাকেইজনে অভিযোগ দিয়ে৷ অভিযোগৰ ভিত্তিত কোলাৰ আৰক্ষীয়ে প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে৷ প্ৰতিজন দৰাৰ পৰা প্ৰতিষ্ঠানটোৱে ২০ হাজাৰকৈ টকা লৈছিল৷

You might also like