নিয়মীয়া বাৰ্তা, ৩১জুলাইঃযোৱা কেইবাদিন ধৰি হৈ থকা প্ৰবল বৃষ্টিপাতৰ ফলত যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে চিৰাং জিলাৰ সদৰ মহকুমাৰ অন্তৰ্গত ৰুণীখাটা আৰু গৰুভাষাৰ বৃস্তিত অঞ্চল। মৰাভূৰ, কলাইঝৰা, ভূৰ নদীৰ বাঢ়নি পানীয়ে বুৰাই পেলাইছে বহু খেতিপথাৰ।চিদলী বিধান সভাৰ অন্তৰ্গত গৰুভাষা, লাউৰীপাৰা, নেপালপাৰা,চান্দপুৰ ,নাগদৰবাৰী,ছালবাৰী, নৰসিংপাৰা, জিতপুৰ,বালাপাৰা আদি অঞ্চলৰ শ শ বিঘা খেতিপথাৰ ভূৰ ,মৰাভূৰ আৰু চম্পা নদীৰ বাঢ়নি পানীয়ে বুৰাই পেলোৱাত ধান খেতি ,পাচলি খেতি, কঠীয়াতলি আদিৰ বিস্তৰ ক্ষতি হৈছে। ইপিনে গৰুভাষাৰ নিকটৱৰ্তী লাউৰীপাৰাত জলসিঞ্চনৰ উপ কেনেলৰ মথাউৰী ছিগি তাণ্ডৱ সৃষ্টি কৰাৰ লগতে খেতি পথাৰ বালিয়ে পুতি পেলাইছে বুলি স্থানীয় সূত্ৰই প্ৰকাশ কৰিছে। তদুপৰি গৰুভাষাৰ যাতায়তৰ প্ৰধান পথত প্ৰৱল বৰষুণৰ ফলত প্ৰকাণ্ড প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈছে । যাৰবাবে পথটোৰে যাতায়াত কৰাত যথেষ্ট সমস্যাৰ সৃষ্টি হৈছে। আনহাতে লাউৰীপাৰাস্থিত দন্তক (গড়কাপ্তানি) পথ ভূৰ নদীৰ খহনীয়াত জাহ যোৱাৰ উপক্ৰম হৈছে। উল্লেখযোগ্য যে, গৰুভাষা বজাৰ, দন্তক পথ, শিৱ আৰু দুৰ্গা মন্দিৰ,চম্পামত এম ই স্কুল খেল পথাৰ,সমূহীয়া কেন্দ্ৰ, ৩১নং ৰাষ্ট্ৰীয় ঘাই পথ ,পশু চিকিৎসালয় আদি ভূৰ নদীৰ খহনীয়াৰ বাবে অস্তিত্বৰ সংকটত পৰিছে।বিভাগীয়া কৰ্তৃপক্ষই খহনীয়া প্ৰতিৰোধৰ বিজ্ঞান সন্মত কাৰ্যব্যৱস্থা গ্ৰহণ নকাৰত খহনীয়াই সংহাৰী ৰূপ ধাৰণ কৰিছে। আনফালে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত থকা প্ৰমোদ উদ্যানলৈও খহনীয়াই ভাবুকি কঢ়িয়াই আনিছে । নেৰানেপেৰা বৰষুণৰ ফলত জিলা সদৰৰ বিভিন্ন স্থান জলমগ্ন হৈ পৰিছে । জলমগ্ন হৈ পৰা ঠাইৰ পানী জিলা কেন্দ্ৰ আৰু উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত ৩১’গ’ ৰাষ্ট্ৰীয় পথৰ দাঁতিত থকা নলাৰে বৈ গৈছে । উক্ত নলাটো খহনীয়াৰ কবলত পৰাত প্ৰমোদ উদ্যানলৈ ভাবুকি কঢ়িয়াই আনিছে । লগতে নলাৰ দাঁতিত বিদ্যুত বিভাগে পুতি ৰখা উচ্চ ক্ষমতাসম্পন্ন বৈদ্যুতিক খুটা এটা খহনীয়াৰ ফলত বাগৰি পৰাৰ উপক্ৰম হৈছে । যিকোনো মুহূৰ্তত খুটা বাগৰি ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা কৰা হৈছে যদিও এই পৰ্যন্ত বিদ্যুত বিভাগৰ দৃষ্টিগোচৰ হোৱা নাই । অঞ্চলটোৰ সচেতন ৰাইজে অতি শীঘ্ৰে বিদ্যুত বিভাগ আৰু জিলা প্ৰশাসনক বিষয়টো গুৰুত্বসহকাৰে লৈ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে ।।