নিয়মীয়া বাৰ্তা, ১৮ আগষ্ট: চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী এখন গাঁৱৰ হাবিত গাঁতত পুতি ৰখা অৱস্থাত আৰক্ষীয়ে মাৰণাস্ত্ৰ আৰু গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। চিৰাং আৰক্ষীয়ে বিশেষ সূত্ৰে লাভ কৰা তথ্যৰ আধাৰত আজি পুৱা অভিযান চলাই ৰুণীখাটা আৰক্ষী থানাৰ অন্তৰ্গত তথা শান্তিপুৰ আৰক্ষী পহৰা চকীৰ সমীপৱৰ্ত্তী খাগ্ৰাবাৰী গাঁৱৰ হাবিত এই সমূহ মাৰণাস্ত্ৰ আৰু সক্ৰিয় গুলী উদ্ধাৰ কৰে। গাঁৱৰ একাংশ লোকৰ উপস্থিতিত আজি পুৱা প্ৰায় ৭:৪০ বজাত উদ্ধাৰ কৰা মাৰণাস্ত্ৰ সমূহ হ’ল HK চিৰিজৰ ৰাইফল ১টা,AK চিৰিজৰ ৰাইফল ১টা আৰু মেগজিন ২টা,Uzi টাইপ ফায়াৰ আৰ্ম ১টা আৰু ২টা মেগজিন,২টা কাৰখানা নিৰ্মিত পিষ্টল, AK চিৰিজৰ সক্ৰিয় গুলী ৯৩ টা,৫.৫৬ গুলী ২৫ টা আৰু অন্যান্য কিছু আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰে। চিৰাং জিলা আৰক্ষী অধীক্ষক সুধাকৰ সিঙে সংবাদ মাধ্যমৰ আগত প্ৰকাশ মতে জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ মেধিৰ নেতৃত্বত তথা ৰুণীখাটা চক্ৰ আৰক্ষী পৰিদৰ্শক ৰুস্তমৰাজ ব্ৰহ্মৰ সহযোগত চলোৱা অভিযানত উদ্ধাৰ হোৱা মাৰণাস্ত্ৰ সমূহ নগালেণ্ডৰ স্থানীয় সংবাদ পত্ৰ আৰু পলিথিনত মেৰিয়াই ৰখা অৱস্থাত উদ্ধাৰ হোৱালৈ লক্ষ্য কৰি, মাৰণাস্ত্ৰ সমূহ পূৰ্বে জিলা খনত সক্ৰিয় হৈ থকা কোনো উগ্ৰপন্থী সংগঠনৰ বুলি সন্দেহ প্ৰকাশ কৰিছে। ঘটনা সংক্ৰান্তত শান্তিপুৰ আৰক্ষী পহৰা চকীত GDE No-297 নম্বৰত এটি গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।