নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিৰাঙত আক্ৰাছুৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস পালন, কমতাপুৰ- জনজাতিকৰণৰ দাবীত আপোচ নকৰোঁ- আক্ৰাছু

নিয়মীয়া বাৰ্তা,২৯ জুলাইঃ সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ আক্ৰাছুৰ কৰ্মেশ্বৰ ৰায় গোটৰ উদ্যোগত আজি চিৰাঙত ছাত্ৰ সংগঠনটোৰ ৩০ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰা হয়। চিদলীৰ নিকটৱৰ্ত্তী সুন্দৰীত দিনযোৰা কাৰ্যসূচীৰে কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস অনুষ্টুপীয়াকৈ পালন কৰা হয়। সুন্দৰীস্থিত জিলাৰ কাৰ্যালয়ত সামাজিক দূৰত্ব মানি পুৱাৰ ভাগত আক্ৰাছুৰ পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি কৰ্মেশ্বৰ ৰায়ে। পিছত পৰ্যায়ক্ৰমে  আক্ৰাছুৰ মহিলা গোটৰ পতাকা সভানেত্ৰী মালতী ৰায়ে, চিলাৰায় সেনাৰ পতাকা উপ-সেনাধ্যক্ষ দ্বিপজ্যোতি ৰায়ে আৰু সাংস্কৃতিক পতাকা উত্তোলন কৰে আক্ৰাছুৰ মুখ্য উপদেষ্টা হিতেশ্বৰ বৰ্মনে। আক্ৰাছুৰ সাধাৰণ সম্পাদক জীৱেশ ৰায়ে ছহিদ বেদীত মাল্যৰ্পণ কৰে।বৃক্ষৰোপন কৰে চিৰাং জিলা আক্ৰাছুৰ সভাপতি প্ৰাঞ্জল চৌধুৰীয়ে। কাৰ্যসূচীৰ অন্তত আক্ৰাছুৰ  মুখ্য উপদেষ্টা হিতেশ্বৰ বৰ্মনে সাংবাদিকৰ সৈতে মতবিনিময় কৰি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে।   তেওঁ কয় যে, ‘কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণ আৰু কমতাপুৰ ৰাজ্য পুনৰ্গঠনৰ ক্ষেত্ৰত আক্ৰাছুৱে কেতিয়াও আপোচ নকৰে।কমতাপুৰ স্বায়ত্ব শাসন পৰিষদৰ নামত কেন্দ্ৰীয় চৰকাৰে ভেকোভাওনাহে কৰিছে। কিয়নো জনগোষ্ঠীটোৰ সংগ্ৰামী সত্বাৰ লগত আলোচনা নকৰাকৈ একপক্ষীয় ভাবে চৰকাৰে কে এ চি গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।কোচ ৰাজবংশীসকলৰ অধিকাৰ কেনেদৰে পূৰণ কৰিব সেই সম্পৰ্কে কোনো স্পষ্ট কৰা হোৱা নাই।সংগঠনটোৰ দীৰ্ঘদিনীয়া দাবীসমূহ শীঘ্ৰে চৰকাৰে কাৰ্যকৰী নকৰিলে লক ডাউনৰ মাজতো আন্দোলনৰ কাৰ্যসূচী ৰূপায়িত কৰিবলৈ আক্ৰাছু বাধ্য হ’ব।’ মুখ্য উপদেষ্টা বৰ্মনে হুংকাৰ দি লগতে কয় যে, ‘প্ৰয়োজন সাপেক্ষে নিজাববীয়াকৈ ৰাজনৈতিক বিকল্পৰ সন্ধান কৰিম।’ আক্ৰাছুৰ সভাপতি কৰ্মেশ্বৰ ৰায়ে ম’ডেলিটি সম্পৰ্কে সংগঠনটোৰ লগত আলোচনা নকৰাকৈ কে এ চি গঠন কৰিলে সেয়া মানি লোৱা নহ’ব বুলি সকিয়াই দিয়ে।বিভিন্ন ৰাজনৈতিক দলে কোচ ৰাজবংশী জনগোষ্ঠীটোক ৰাজনৈতিক ভাবে নিঃশেষ কৰাৰ ষড়যন্ত্ৰ কৰা বুলিও সভাপতিগৰাকীয়ে অভিযোগ কৰে।

প্ৰতিষ্ঠা দিৱসৰ উপলক্ষ্যে প্ৰকাশ কৰা স্মৃতি গ্ৰন্থ খন উন্মোচন কৰে উপদেষ্টা ফণী সিংহই । অনুষ্ঠানৰ লগত সংগতি ৰাখি এখন আলোচনা চক্ৰ অনুষ্ঠিত কৰা হয় । আলোচনা চক্ৰ সঞ্চালনা কৰে সভাপতি কৰ্মেশ্বৰ ৰায়ে।ইপিনে জিলাখনৰ চিদলী কাশীকোত্ৰা আঞ্চলিক আক্ৰাছুৰ উদ্যোগত তথা শিলঘাগৰী শাখা কোঁচ ৰাজবংশী ছাত্ৰ সন্থা আৰু শিলঘাগৰী শাখা মহিলা সমিতিৰ সহযোগত  শিলঘাগৰী চাৰিআলি চক’ত আক্ৰাছুৰ ৩০ সংখ্যক প্ৰতিষ্ঠা দিৱস   উদযাপন কৰা হয় । অনুষ্ঠানত  আক্ৰাছুৰ পতাকা উত্তোলন কৰে চিদলী আঞ্চলিকৰ সভাপতি  কৃষ্ণকান্ত ৰায়ে । পিছত সমাজকৰ্মী জ্যোতিষ ৰায়ে শ্বহীদবেদীত মাল্যাৰ্পনৰ জৰিয়তে জাতীয় শ্বহীদ সকলক স্মৰণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

You might also like