নিয়মীয়া বাৰ্তা, ২১ জুলাই :ক্ৰমান্বয়ে চিৰাং জিলাত ক’ভিড ১৯ পজিটিভৰ সংখ্যা বৃদ্ধি হবলৈ ধৰিছে। জিলাখনত যোৱা ২৪ ঘন্টাত ২৮ গৰাকী ব্যক্তি ক’ভিড-১৯ ত আক্ৰান্ত হোৱাৰ তথ্য জিলা স্বাস্থ্য বিভাগে সদৰি কৰিছে। আজি পজিটিভ চিনাক্ত হোৱা সকলৰ ভিতৰত ঢালিগাঁৱৰ তিনিগৰাকীক ক্ৰমে ৰবিশংকৰ প্ৰসাদ (২৬),আশা দেৱী(৪৮),বিনয় মুছাহাৰী(৪৭),ছাপাগুৰিৰ ৰজে ব্ৰহ্ম(২৭),ছেন্ট আগষ্টিন চিকিৎসালয়ৰ সূমুতী মাৰাক (২৫),ৰৌমাৰী দাউখানগৰৰ হাছিম আলী (২০)। আনহাতে বিজনী মহকুমাৰ অন্তৰ্গত দহলাপাৰাৰ প্ৰবীন নাৰ্জাৰী(৪৩),চুপাৰীগুৰিৰ দ্বীপচৰণ চৌধুৰী (২৭),আমটেকাৰ নীৰেন গয়াৰী(৩০),কাজদহাৰ অজয় দৈমাৰী (৩৩),নাম্বাৰপাৰাৰ জহুৰুল ইছলাম (৩৭),বৰলাউগাঁওৰ ছাইদুল হক খান (২১),পুৰণি বিজনীৰ ছাহিল আহমেদ(১৯),নদিয়াপাৰাৰ সঞ্জয় গয়াৰী(৪২), ৰুণিখাটাৰ অৰ্জুন অধিকাৰী (৪০), শান্তিপুৰৰ মহেন্দ্ৰ ঠাকুৰ(৫৩),পাটাবাৰীৰ নিৰ্মল ছেত্ৰী (২৫),খুংগ্ৰীংৰ ফ্ৰাঞ্চিচ দৈমাৰী (২৫), স্বাগত হস্পিতালৰ ৰাজু প্ৰধান(৩৯),ৰাজু নাথ (৩০),সবিতা বড়ো (৩১) আৰু প্ৰতিমা ৰায়(২৫)। চিদলী থানাৰ চেকেণ্ড অ’চি অনুপ কুমাৰ মোদক (৫৯),গৰুভাষা চিকিৎসালয়ৰ নৃত্যম কুমাৰ নাথ (৫৪)। আনহাতে বেংতলৰ একেটা পৰিয়ালৰ ক্ৰমে ৰিপিখাং কুমাৰ নাৰ্জাৰী(৪),পাৰিবল নাৰ্জাৰী(৩৪),লীনা নাৰ্জাৰী(৩২) আৰু বিশিখা নাৰ্জাৰী(১১) কোভিড-১৯’ পজিটিভ হিচাপে চিনাক্ত কৰা হৈছে বুলি জিলা স্বাস্থ্য বিভাগৰ সূত্ৰই প্ৰকাশ কৰিছে। অৱশ্যে স্বাস্থ্য বিভাগৰ সূত্ৰই পজিটিভ হিচাপে চিনাক্ত কৰা ব্যক্তি সকলৰ ভ্ৰমণ বৃত্তান্ত সদৰি কৰা নাই । কোভিড আক্ৰান্ত আটাইকে চিকিৎসা প্ৰদান কৰাৰ বাবে কাজলগাঁওস্থিত জেএছবি অসামৰিক চিকিৎসালয় আৰু কাশীকোত্ৰাৰ আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে বুলি একেটা সূত্ৰই প্ৰকাশ কৰিছে । জিলা খনত এই মূহুৰ্তত ১৪৮ জন কোভিড আক্ৰান্ত হোৱাৰ বিপৰীতে ১০৬ জনে আৰোগ্য লাভ কৰিছে।।