নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱত মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে প্ৰধানমন্ত্ৰীৰ আৱাস যোজনা গৃহৰ দ্বিতীয় পৰ্যায়ৰ গৃহ নিৰ্মাণ

নিয়মীয়া বাৰ্তী ২৭ জুলাই : সোমবাৰে নগাঁৱত উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ নগাঁৱত উপস্থিত হৈ ৰাজ্যৰ নগৰাঞ্চলৰ ৭৪৯.৫২ কোটি টকা ব্যয়ৰে দ্বিতীয় পৰ্যায়ত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত হ’বলগীয়া গৃহ নিৰ্মাণৰ কাম আনুষ্ঠানিকভাবে শুভাৰম্ভ কৰে ৷ নগাঁও চহৰৰ চকীটূপত প্ৰধানমন্ত্ৰী আৱাস যোজনা গৃহৰ আধাৰশিলা স্থাপন কৰাৰ পিছতে খগেন মহন্ত প্ৰেক্ষাগৃহত এই উপলক্ষে অনুষ্ঠিত এক সভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত আৰু নগৰ উন্নয়ন দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী পীয়ুষ হাজৰিকায়ে ৷ নগাঁও চহৰৰ খগেন মহন্ত প্ৰেক্ষাগৃহৰ এই সভাতে মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ হিতাধিকাৰী সকলৰ মাজত প্ৰথম কিস্তি ধনৰ চেক বিতৰণ কৰে ৷ উল্লেখ্য যে – প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত অহা এমাহৰ ভিতৰত নগৰাঞ্চলত ২৫ হাজাৰ গৃহৰ নিৰ্মাণ কাৰ্য আৰম্ভ হ’ব বুলি সদৰী কৰে নগৰ উন্নয়ন বিভাগৰ প্ৰধান সচিব নীৰজ বাৰ্মাই।

You might also like