নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুখ্যমন্ত্রীৰে বুজাবুজি আছে, তেওঁ কোৱাৰ দৰে কাম কৰি আছোঁ

নিয়মীয়া বাৰ্তা ১৪ নৱেম্বৰঃ বি পি এফৰ সভাপতি তথা প্রাক্তন বিটিচিপ্রধান হাগ্রামা মহিলাৰীৰ নতুন বিস্ফোৰণ৷ আজি সংবাদ মাধ্যমৰ আগত মহিলাৰীয়ে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ সৈতে তেওঁৰ ভাল বুজাবুজি আছে বুলি উল্লেখ কৰাৰ লগতে মুখ্যমন্ত্রীয়ে যিদৰে কাম কৰিব দিছে, সেইদৰে কাম কৰি আছে বুলি বিস্ফোৰক মন্তব্য কৰে৷ উল্লেখ্য যে যোৱা বিধানসভাৰ উপ–নির্বাচনৰ প্রাক্মুহূর্তত মহিলাৰীয়ে সংবাদ মাধ্যমৰ আগত তেওঁলোক মিত্রজোঁটৰ অংশীদাৰ হ’বলৈ গৈ আছে বুলি উল্লেখ কৰাৰ লগতে এই বিষয়ত মুখ্যমন্ত্রীৰ লগত আলোচনা হোৱাৰ বিষয়েও প্রকাশ কৰে৷ সেই আলোচনা অনুসৰিয়েই উপ–নির্বাচনত বি পি এফে অকল গোসাঁইগাঁও সমষ্টিত প্রার্থিত্ব দিয়ে আৰু ভৱানীপুৰ সমষ্টিত বিজেপিক সমর্থন দিয়ে বুলি ঘোষণা কৰে৷ অৱশ্যে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই বি পি এফ দল মিত্রজোঁটৰ অংশীদাৰ নহয় বুলি সেই সময়ত স্পষ্ট কৰি দিয়ে৷ বিষয়টোক লৈ পৰৱর্তী পর্যায়ত হাগ্রামা মহিলাৰীয়ে সম্পূর্ণ নীৰৱতা অৱলম্বন কৰে৷

শেহতীয়াকৈ হাগ্রামা মহিলাৰীয়ে সংবাদ মাধ্যমৰ আগত কয়– ‘মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা মোৰ পুৰণা বন্ধু৷ মুখ্যমন্ত্রী ড০ শর্মাৰ লগত ভিতৰুৱাভাৱে একো যোগাযোগ নাই৷ কিন্তু আমাৰ মাজত ভাল বুজাবুজি আছে৷ তেওঁ যিদৰে কাম কৰিব দিছে, সেইমতে কাম কৰিছোঁ৷ মুখ্যমন্ত্রীয়ে যি কাম কৰি আছে সেয়া এক্সিলেণ্ট৷’ সেইদৰে তেওঁ বিজেপিত যাব বুলি ওলোৱা খবৰ উৰাবাতৰি আখ্যা দি কয় যে সকলো দলৰে চেষ্টা থাকে নিজৰ দলত আনক চামিল কৰাবলৈ৷ বিজেপিয়েও চেষ্টা কৰিছে৷ বি পি এফৰ বর্তমান ১১গৰাকী এম চি এল এ আৰু তিনিগৰাকী বিধায়ক আছে৷ সকলো ঠিকেই আছে৷ কোনেও বি পি এফক বিশ্বাসঘাতকতা কৰি আন দলত নাযায়৷ একেদৰে বি পি এফ দল বিজেপিৰ অংশীদাৰ হ’লে ইউ পি পি এলে বিজেপিৰ সংগ ত্যাগ কৰিব বুলি প্রমোদ বড়োৱে কৰা মন্তব্য সম্পর্কত প্রতিক্রিয়া প্রকাশ কৰি মহিলাৰীয়ে কয় যে সেইটো তেওঁলোকৰ কথা৷ নিজা দলৰ স্থিতি নিজে নিজে ল’ব৷ তেওঁলোক থকা–নথকা সিদ্ধান্ত তেওঁলোকে ল’ব৷ তেওঁ আৰু কয় যে প্রমোদ বড়ো নেতৃত্বাধীন বর্তমানৰ বিটিচি চৰকাৰৰ ১১ মাহ সম্পূর্ণ হৈ গ’ল৷ এই ১১ মাহত তেওঁলোক কিমান সফল হৈছে, সেই বিষয়ে সমাগত বিটিচিৰ অধিৱেশনত তেওঁলোকে গম পাব৷

বি পি এফ দলে  শালবাৰীৰ কমলাবাৰীত অনুষ্ঠিত কৰা দলৰ ৭৭সংখ্যক চি ডব্লিউ চিৰ বৈঠকত বিটিচিৰ পৰা গাঁও কর্তনৰ বিৰোধিতা কৰা, ১৬টা বিভাগ হস্তান্তৰৰ বিৰোধিতা কৰা, ট্রাইবেল বেল্ট আৰু ব্লক প্রত্যাহাৰ কৰাৰ সিদ্ধান্ত লোৱাৰ লগতে দলক শক্তিশালী কৰাৰ বাবে ১০খন জিলা সমিতিত দলৰ প্রাথমিক, ব্লক, জিলা পর্যায়ৰ কর্মীক জিলা ভিত্তিত কর্মশালা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্রহণ কৰে৷ আনহাতে, বি পি এফ নেতা বিধায়ক দুর্গাদাস বড়োৱে কয় যে বিৰোধীৰ আসনত থাকি ৰাজনীতি কৰি যোৱাটো বৰ কঠিন কাম৷ বিৰোধীৰ আসনত থাকিবলৈ ধৈর্য আৰু সহ্যৰ বাৰুকৈয়ে প্রয়োজন হয়৷ বি পি এফ দল প্রথমবাৰৰ বাবে এইবাৰ বিৰোধীৰ আসনত বহিছে৷ তেওঁ ইতিমধ্যে বিৰোধীৰ কর্মৰাজিৰ ওপৰত দলৰ মজিয়াত অৱগত কৰিছে৷ মুখ্যমন্ত্রী ড০ শর্মাই তেওঁলোকৰ সৈতে আলোচনা কৰি সেই প্রস্তাৱসমূহ ৰক্ষা কৰে নে নকৰে, সেয়া মুখ্যমন্ত্রীৰ ওপৰত নির্ভৰ কৰিব বুলি উল্লেখ কৰে৷

You might also like