মুখ্যমন্ত্ৰীৰ “শিশু সেৱা আঁচনি”ৰ শুভাৰম্ভ
নিয়মীয়া বাৰ্তা ১০ জুনঃ ক’ভিডত পিতৃ-মাতৃহাৰা হোৱা কিশোৰীৰ ভৱিষ্যৎ সুৰক্ষিত কৰি ৰখাৰ দায়িত্ব সাদৰেৰে গ্ৰহণ কৰিছে অসম চৰকাৰে। আৱাসিক বিদ্যালয়ত বিনামূলীয়া শিক্ষা গ্ৰহণ কৰিব পিতৃ-মাতৃহাৰা হোৱা শিশু সকলে।
আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ক’ভিড মহামাৰীত পিতৃ-মাতৃহাৰা হোৱা শিশুসকলক সুবিধা প্ৰদান কৰাৰ বাবে “শিশু সেৱা আঁচনি” নামৰ এক আঁচনি উদ্বোধন কৰে।
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই পিতৃ-মাতৃহাৰা শিশুসকলক চেক, এফডি, লেপটপ আৰু বিভিন্ন উপহাৰৰ লগতে প্ৰমাণ পত্ৰ প্ৰদান কৰে আৰু তেওঁলোকক আজীৱন সহায় কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ।
উল্লেখ্য যে অসম চৰকাৰে বঞ্চিত শিশুসকলক আৱাসিক বিদ্যালয়ত বিনামূলীয়া শিক্ষা দিয়াৰ প্ৰতিশ্ৰুতি দি তেওঁলোকৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ দায়িত্ব গ্ৰহণ কৰিছে।
হিতাধিকাৰী শিশুসকল হৈছে-
শ্ৰীমতী খুছী সোণোৱাল, ডিব্ৰুগড়,শ্ৰীমতী অংকিতা শইকীয়া, যোৰহাট,মাষ্টাৰ অৰ্পন শইকীয়া, যোৰহাট,শ্ৰীমতী মধুজামিনী চৌধুৰী, কামৰূপ (এম),মাষ্টাৰ চয়ন ধিমান চৌধুৰী, কামৰূপ (এম),মাষ্টাৰ ভৈৰৱ বসুমতাৰী, চিৰাংশ্ৰীমতী জেছমি নাৰ্জাৰী, কোকৰাঝাৰ মাষ্টাৰ ৱাকিল হুছেইন, ধুবুৰী।