মুখ্যমন্ত্রীৰ প্রতিক্রিয়াঃ শ্বেৰমানক ২–৩ মাহ ওলাই আহিব নোৱাৰাকৈ গ্রেপ্তাৰ কৰিব লাগিব
নিয়মীয়া বাৰ্তা ৪ ফেব্ৰুৱাৰীঃ বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমেদক দুই–তিনি মাহ ওলাই আহিব নোৱাৰাকৈ গ্রেপ্তাৰ কৰিব লাগিব৷ –এই মন্তব্য মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ৷ বৃহস্পতিবাৰে গুৱাহাটীত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে খুঁটি ভঙাটো আইনমতে জামিনযোগ্য গোচৰ৷ আজি গ্রেপ্তাৰ কৰিলে কালি পুৱাই তেওঁ জামিনত মুক্তিলাভ কৰিব৷ ইয়াৰ ফলত তেওঁ আকৌ জনপ্রিয় হ’ব৷ সেয়ে তেওঁক দুই–তিনি মাহ ওলাই আহিব নোৱাৰাকৈ গ্রেপ্তাৰ কৰিব লাগিব৷ বৰপেটা সত্রৰ খুঁটি ভঙা ঘটনাৰ বাবে তেওঁক গ্রেপ্তাৰ কৰাৰ পাছত মুকলি হ’লেই সংবাদ মাধ্যমেও বিষয়টোক লৈ চর্চা কৰিব৷ কংগ্রেছেও চৰকাৰৰ শ্বেৰমানৰ সৈতে বুজাবুজি আছে বুলি ক’ব৷ বৰপেটা সত্রৰ বেদখলৰ বিৰুদ্ধে যেতিয়া আৰক্ষী–প্রশাসনে উচ্ছেদ চলাব আৰু তেতিয়া শ্বেৰমান আলী আহমেদে বাধা দিব আহিলেই গোচৰটো ভাল হ’ব৷
আনহাতে, বিধায়ক আহমেদে সস্তীয়া জনপ্রিয়তাৰ বাবে কাম কৰি আছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে কংগ্রেছ আৰু তেওঁৰ মাজত জনপ্রিয়তাৰ প্রতিযোগিতা চলিছে৷ সংখ্যালঘুক কোনে কিমান ভাল পায়, তাৰ প্রতিযোগিতা চলি আছে৷ তেওঁলোকৰ মাজত চলা প্রতিযোগিতাত আমি মন্তব্য দিয়াৰ অর্থ নাই৷ অৱশ্যে আইন ভাঙিলে যি কৰিব লাগে, যি কৰিব পাৰোঁ, ৰাইজে দেখিছে৷ সত্রৰ মাটি বেদখল সম্পর্কত প্রদীপ হাজৰিকা, মৃণাল শইকীয়াৰ কমিটীয়ে প্রতিবেদন দিয়াৰ পাছত চৰকাৰে ব্যৱস্থা ল’ব৷