লাইলাপুৰৰ শ্বহীদৰ পৰিয়ালক চৰকাৰী চাকৰি
নিয়মীয়া বাৰ্তা, ২১ আগষ্ট: অসম–মিজোৰাম আন্তঃৰাজ্যিক সীমান্ত সংলগ্ন কাছাৰ জিলাৰ লাইলাপুৰত শ্বহীদ হোৱা অসম আৰক্ষীৰ ৬ বিষয়া–জোৱানৰ একোজনকৈ নিকটাত্মীয়ক শুকুৰবাৰে আনুষ্ঠানিকভাৱে প্রদান কৰা হ’ল চৰকাৰী চাকৰি৷ বিজেপি নেতৃত্বাধীন মিত্রজোঁট চৰকাৰৰ ১০০ দিন পূর্ণ হোৱা উপলক্ষে অসম প্রশাসনীয় পদাধিকাৰী প্রশিক্ষণ মহাবিদ্যালয়ত এখন সংবাদ মেল সম্বোধন কৰাৰ পূর্বে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই শ্বহীদ বিষয়া–জোৱানকেইগৰা নিকটাত্মীয়ৰ হাতত নিযুক্তি–পত্র অর্পণ কৰে৷
উল্লেখ্য যে যোৱা ২৬ জুলাইত লাইলাপুৰ সীমান্তত মিজো আৰক্ষীৰ নির্বিচাৰ গুলীচালনাত কাটলিচেৰাস্থিত ২১নং অসম আৰক্ষী (আই আৰ) বেটেলিয়নৰ উপ–পৰিদর্শক স্বপন কুমাৰ ৰয়, কনিষ্টবল (এ বি) লিটন শুক্লবৈদ্য, কনিষ্টবল (ইউ বি) মজৰুল হক বৰভূঞা, কাছাৰৰ কাথালস্থিত ৬নং অসম আৰক্ষী বেটেলিয়নৰ কনিষ্টবল নজমুল হুছেইন, ২১নং অসম আৰক্ষী (আই আৰ) বেটেলিয়নৰ কনিষ্টবল ছামছুজ জামান বৰভূঞা আৰু ৬নং অসম আৰক্ষী বেটেলিয়নৰ হাবিলদাৰ শ্যাম সুন্দৰ দুসাদ শ্বহীদ হৈছিল৷
শুকুৰবাৰে শ্বহীদ স্বপন কুমাৰ ৰয়ৰ পত্নী মিতালী ৰয়ক ২১নং অসম আৰক্ষী (আই আৰ) বেটেলিয়নৰ চতুর্থবর্গৰ পদত, লিটন শুক্লবৈদ্যৰ ভগ্নী লিপিকাৰাণী শুক্লবৈদ্যক কাছাৰ জিলা আৰক্ষী অধীক্ষকৰ কার্যালয়ত কনিষ্ট সহায়ক পদত, মজৰুল হক বৰভূঞাৰ পত্নী সুনীতা পাৰবিন বৰভূঞাক কাছাৰ জিলা আৰক্ষী অধীক্ষক কার্যালয়ৰ চতুর্থ বর্গৰ পদত, নজমুল হুছেইনৰ পত্নী ৰ’ৱজি আখতাৰ খানম লস্কৰক ৬নং অসম আৰক্ষী বেটেলিয়নৰ চতুর্থবর্গৰ পদত, ছামছুজ জামান বৰভূঞাৰ পত্নী হেনা চৌধুৰীক ২১নং অসম আৰক্ষী (আই আৰ) বেটেলিয়নৰ চতুর্থবর্গৰ পদত আৰু শ্যাম সুন্দৰ দুসাদৰ পুত্র ছানি দুসাদক ৬নং অসম আৰক্ষী বেটেলিয়নৰ কনিষ্টবল পদত নিযুক্তি দিয়া হৈছে৷
প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে মিজো আৰক্ষীৰ আক্রমণত নিহত শ্বহীদকেইগৰাকীৰ পৰিয়ালক ইতিমধ্যে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ৫০ লাখ টকাকৈ আর্থিক সাহায্য প্রদান কৰা হৈছে৷ তদুপৰি তেওঁলোকৰ নিকটাত্মীয় এজনক চৰকাৰী চাকৰি দিয়াৰ বাবে কেবিনেটত সিদ্ধান্ত গ্রহণ কৰা হৈছিল৷ ঘটনাৰ এমাহ পূৰ নৌহওঁতেই গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্রী ড০ শর্মাৰ নেতৃত্বত ৰাজ্য চৰকাৰখনে এই সিদ্ধান্তক বাস্তৱ ৰূপ দিলে৷ শ্বহীদ নজমুল হুছেইনৰ পত্নী ৰ’ৱজি আখতাৰ খানম লস্কৰক বাদ দি বাকীসকলে মুখ্যমন্ত্রী ড০ শর্মাৰ হাতৰ পৰা নিযুক্তি–পত্র গ্রহণ কৰে৷ বিশেষ অসুবিধাবশতঃ ৰ’ৱজি আখতাৰ খানম লস্কৰ অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰাত মুখ্যমন্ত্রী ড০ শর্মাৰ হাতৰ পৰা নিযুক্তি–পত্র গ্রহণ কৰে তেওঁৰ ভাতৃয়ে৷