জিলাৰ সীমান্ত কঠোৰভাৱে বন্ধ–নিৰীক্ষণৰ নির্দেশ মুখ্যমন্ত্রীৰ
নিয়মীয়া বাৰ্তা, ১২ জুলাইঃ ক’ভিডৰ সংক্রমণ উদ্বেগজনক হৈ থকা ৯খন জিলা ক্রমে বিশ্বনাথ, ডিব্রুগড়, গোলাঘাট, যোৰহাট, কামৰূপ মহানগৰ, লখিমপুৰ, নগাঁও, শোণিতপুৰ আৰু শিৱসাগৰ জিলাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষক আৰু স্বাস্থ্য বিভাগৰ শীর্ষ বিষয়াসকলৰ সৈতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই দেওবাৰে ভিডিঅ’ কনফাৰেঞ্চযোগে জিলাকেইখনৰ ক’ভিড পৰিস্থিতিৰ পর্যালোচনা কৰে৷ স্বাস্থ্যমন্ত্রী কেশৱ মহন্তৰ উপস্থিতিত জনতা ভৱনৰ পৰা মুখ্যমন্ত্রী ড০ শর্মাই প্রায় ডেৰ ঘণ্টাজুৰি জিলাকেইখনৰ সাম্প্রতিক পৰিস্থিতিৰ বিতং পর্যালোচনা কৰে৷ পর্যালোচনা বৈঠকখনত মুখ্যমন্ত্রীয়ে ক’ভিডৰ সংক্রমণ নিয়ন্ত্রণৰ বাবে লোৱা পদক্ষেপলানি একাংশ লোকে উলংঘা কৰাৰ ফলত ভাইৰাছৰ পুনৰ সংক্রমণ বৃদ্ধিৰ বিষয়টোক লৈ উদ্বেগ প্রকাশ কৰে৷
নগৰাঞ্চল, গ্রামাঞ্চল আৰু চাহ বাগিচাসমূহত জনসাধাৰণে সমৱেত হোৱা স্থানসমূহ চিনাক্ত কৰি সমগ্র জিলাতেই ক’ভিড নিয়ন্ত্রণৰ নীতি–নির্দেশনা কঠোৰভাৱে বলৱৎ কৰাৰ বাবে তেওঁ উপায়ুক্তসকলক নির্দেশ দিয়ে৷ উক্ত পর্যালোচনা বৈঠকত সংশ্লিষ্ট জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলক সমগ্র জিলা ব্যাপকভাৱে পৰিদর্শনৰ লগতে মুখ্যমন্ত্রী ড০ শর্মাই দণ্ডাধীশসকলৰ মাজত একোটা নির্দিষ্ট অঞ্চল ধার্য কৰি নিৰীক্ষণ ব্যৱস্থা অধিক সক্রিয় কৰিবলৈও নির্দেশ দিয়ে৷
বৃহৎসংখ্যক লোক সমৱেত হোৱা অঞ্চলসমূহ চিনাক্ত কৰি যাতে যাৱতীয় পদক্ষেপ গ্রহণ কৰিব পৰা যায়, সেই উদ্দেশ্যে ড্র’নযোগে নিৰীক্ষণ ব্যৱস্থা আৰম্ভ কৰিবলৈও মুখ্যমন্ত্রী ড০ শর্মাই নির্দেশ দিয়ে৷ আক্রান্তৰ সংখ্যা বৃদ্ধি পাই থকা জিলাসমূহত ব্যাপক টিকাকৰণৰ উপৰি তেনে জিলাৰ সীমা তথা পথসমূহত অনধিকাৰ প্রৱেশ ৰোধৰ অর্থে অহর্নিশে নিৰীক্ষণ ব্যৱস্থা কৰিবলৈ জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলক মুখ্যমন্ত্রী ড০ শর্মাই নির্দেশ দিয়ে৷
বৈঠকখনত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে সম্পূর্ণ কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা হোৱা জিলাসমূহত দোকান–পোহাৰসমূহ যাতে বন্ধ হৈ থাকে আৰু গ্রামাঞ্চলৰ বজাৰসমূহত জনসাধাৰণ সমৱেত হোৱাৰ পৰা যাতে বিৰত ৰাখিব পাৰি, তাৰ বাবে জ্যেষ্ঠ বিষয়াসকলক তেনে স্থান পৰিদর্শনৰ বাবে দায়িত্ব অর্পণ কৰিব লাগিব৷ সকামকে ধৰি আন পাৰিবাৰিক অনুষ্ঠানসমূহত যথেষ্ট লোকৰ সমাগম হয় আৰু ইয়াৰ ফলত ক’ভিডৰ সংক্রমণ বৃদ্ধি পোৱা দেখা গৈছে৷ সেয়ে মুখ্যমন্ত্রী ড০ শর্মাই গ্রামাঞ্চলৰ জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ অর্থে গাঁওবুঢ়াসকলৰ সহযোগত চক্র বিষয়াসকলক পদক্ষেপ ল’বলৈ নির্দেশ দিয়ে৷ সেইদৰে চুলাই মদৰ ঘাটিসমূহ ক’ভিড সংক্রমণৰ অন্যতম উৎস হৈ পৰিছে বুলি মন্তব্য কৰি মুখ্যমন্ত্রী ড০ শর্মাই এনে সকলো ঘাটি উৎখাত কৰিবলৈ জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলক নির্দেশ দিয়ে৷ পর্যালোচনা বৈঠকখনত মুখ্যমন্ত্রীৰ প্রধান সচিব সমীৰ কুমাৰ সিনহা, স্বাস্থ্য বিভাগৰ প্রধান সচিব অনুৰাগ গোৱেল, ৰাষ্ট্রীয় স্বাস্থ্য অভিযান, অসমৰ মিছন সঞ্চালক লক্ষ্মণন এছ আদিকে ধৰি অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে৷
ইপিনে ৰাজ্যখনৰ আটাইকেইখন জিলাত ক’ভিডৰ সংক্রমণ নকমা পর্যন্ত আন্তঃজিলা যাতায়াত বন্ধ থাকিব বুলি সংবাদ মাধ্যমৰ আগত প্রকাশ কৰে মুখ্যমন্ত্রী ড০ শর্মাই৷ এই সম্পর্কত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ৰাজ্যখনত কালি ২,৩০০জন লোক ক’ভিডত আক্রান্ত হৈছে৷ ইয়াৰে ১,৩০০জনেই হৈছে সম্প্রতি ক’ভিডৰ সংক্রমণৰ শীর্ষত থকা ৭–৮খন জিলাৰ পৰা অহা৷ উক্ত ৭–৮খন জিলাৰ বাহিৰে ৩২খন জিলাৰ পৰা ক’ভিডৰ সংক্রমণৰ বেছি কেচ অহা নাই৷ উক্ত ৭–৮খন জিলাৰ বাবে কষ্ট ভোগ কৰিবলগীয়া হৈছে৷
ৰাজ্যখনৰ আটাইকেইখন জিলাত ক’ভিডৰ সংক্রমণ কম নোহোৱা পর্যন্ত আন্তঃজিলা যাতায়াত বন্ধ থাকিব বুলি স্পষ্ট কৰি দি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে এই মুহূর্তত আন্তঃজিলা যাতায়াত খুলি দিলে গোলাঘাটৰ পৰা সংক্রমণ নগাঁও, শিৱসাগৰলৈ সম্প্রসাৰিত হ’ব৷ ফলত পৰিস্থিতিয়ে ঘূৰি গৈ একেটা পর্যায় পাব৷ ৰাজ্যখনত আটাইকেইখন জিলাত ক’ভিডৰ সংক্রমণ কমিলেহে আন্তঃজিলা যাতায়াত খুলি দিব পৰা যাব৷
কামৰূপ মহানগৰ জিলা প্রসংগত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে মহানগৰীখনৰ ভিতৰত সংক্রমণৰ সংখ্যা প্রকৃততে এতিয়াও দুশৰ তলত আছে৷ গুৱাহাটীৰ পৰিস্থিতি উন্নত হোৱা বাবে আন জিলাৰ পৰা বহু লোক চিকিৎসাজনিত কাৰণত ইয়ালৈ আহে আৰু পৰীক্ষণৰ সময়ত পজিটিভ ধৰা পৰে৷ তাৰ বাবেই জিলাখনত সংক্রমণৰ মুঠ সংখ্যা বৃদ্ধি পায়৷ ৰে’লৰ যাতায়াতৰ প্রসংগত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ৰে’লৰ যাতায়াত বন্ধ কৰাৰ ক্ষেত্রত কিছু অসুবিধা আছে৷ অসমৰ মাজেৰে নাগালেণ্ডলৈও ৰে’ল চলাচল কৰে৷ অসমে নাগালেণ্ডৰ যোগাযোগ বন্ধ কৰিব নোৱাৰে৷