নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোসাঁইগাঁৱত দক্ষতা প্রশিক্ষণ কেন্দ্র উদ্বোধন মুখ্যমন্ত্রীৰ

বিশেষ বাৰ্তা, ১১ অক্টোবৰঃ ৰাজ্যখনৰ যুৱ প্রজন্মৰ দক্ষতা বৃদ্ধিৰ দিশত আন এক পদক্ষেপ হিচাপে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁৱৰ বল্লামগুৰিস্থিত ঔদ্যোগিক প্রশিক্ষণ প্রতিষ্ঠান চৌহদত  লাৰচেন এণ্ড টাৰব এল এণ্ড টি কোম্পানীৰ সহযোগত নির্মাণ কৰা দক্ষতা প্রশিক্ষণ কেন্দ্রৰ শুভ উদ্বোধন কৰে৷ ইয়াৰ পিছতে সাংবাদিকৰ সৈতে হোৱা বার্তালাপৰ সময়ত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে অসম চৰকাৰে ৰাজ্যখনত যুৱ প্রজন্মৰ নিয়োগ সুনিষ্চিত কৰাৰ বাবে দক্ষতা বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰি আহিছে৷ তেওঁ কয় যে চৰকাৰী খণ্ডৰ লগতে ব্যক্তিগত খণ্ডৰ সহযোগিতা আৰু অংশীদাৰিত্বৰেও ৰাজ্যখনত দক্ষতা বিকাশৰ এক নতুন বাতাবৰণ গঢ়ি তোলাৰ দিশত ৰাজ্য চৰকাৰে ইতিমধ্যে ব্যৱস্থা গ্রহণ কৰিছে৷ চৰকাৰী ব্যৱস্থাৰাজীৰ লগতে ব্যক্তিগত খণ্ডয়ো যে দক্ষতা বিকাশৰ দিশত গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিব পাৰে সেই উদ্দেশ্যেৰে ৰাজ্যৰ ঔদ্যোগিক প্রশিক্ষণ প্রতিষ্ঠানৰ লেখীয়া দক্ষতা বিকাশৰ প্রতিষ্ঠানসমূহক আধুনিক কৌশলগত দিশেৰে আগুৱাই নিয়াৰ বাবে ৰাজ্য চৰকাৰে এল এণ্ড টি কোম্পানীৰ লগত বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছে বুলি উল্লেখ কৰি তেওঁ কয় যে ভাৰতৰ নির্মাণ ক্ষেত্রখনৰ এক বৃহৎ নির্মাণ প্রতিষ্ঠান এল এণ্ড টিৰ লগত গোসাইগাঁও, নলবাৰী আৰু গোগামুখৰ আই টি আই কেইখন উন্নীতকৰণ তথা নতুন নতুন যন্ত্রপাতিৰে পৰিচালনা কৰিব৷ ইয়াৰ পৰা নির্মাণ খণ্ডৰ লগত জডিত মানৱ সম্পদ সৃষ্টি কৰিব বুলিও তেওঁ কয়৷ মুখ্যমন্ত্রীয়ে লগতে কয় যে আজি বল্লামগুৰিত দক্ষতা প্রশিক্ষণ কেন্দ্র মুকলি কৰাৰ পিছত অহা এমাহৰ ভিতৰত নলবাৰী আৰু গোগামুখৰ দক্ষতা প্রশিক্ষণ কেন্দ্র মুকলি কৰা হব৷ মুখ্যমন্ত্রীয়ে কয় যে আধুনিক উদ্যোগৰ বাবে অত্যন্ত কাৰিকৰীভাৱে উপযুক্ত দক্ষতাৰে মানৱ সম্পদ সৃষ্টি কৰাৰ বাবে টাটা প্রতিষ্ঠানৰ লগত নতুন শিক্ষা কেন্দ্র মুকলি কৰাৰ বাবে ৩ হাজাৰ কোটি টকা বুজাবুজিৰ চুক্তি কৰা হৈছে৷ তেওঁ লগতে কয় যে এই কেন্দ্রসমূহত কৃত্রিম বুদ্ধিমত্তা থ্রী ডি প্রিণ্টিং আদিৰ দৰে আধুনিক কৌশলসমূহৰ প্রশিক্ষণৰ ব্যৱস্থা কৰা হব৷ ইয়াৰ এটা কেন্দ্র বল্লামগুৰিত স্থাপন কৰা হব৷ ৰাজ্যখনৰ আই টি আই সমূহৰ মানদণ্ড বিশ্ব মানদণ্ডৰ সমপর্যায়ৰ কৰাৰ বাবে প্রচেষ্টা অব্যাহত আছে বুলি তেওঁ কয়৷ প্রযুক্তি দ্রুত ৰূপান্তৰ আৰু নিয়োগৰ ক্ষেত্রখনৰ সম্ভাৱণীয়তাৰ বিশাল ক্ষেত্রখনত আমাৰ ৰাজ্যখনৰ নতুন প্রজন্মই যাতে আগুৱাই যাব পাৰে তেনে দৃষ্টিভংগী সন্মুখত ৰাখি ৰাজ্য চৰকাৰে ইতিমধ্যে পদক্ষেপ গ্রহণ কৰিছে বুলি উল্লেখ কৰি তেওঁ কয় যে আজি এই পদক্ষেপ তাৰেই এক অংশ৷ তেওঁ আশা প্রকাশ কৰি কয় যে এই প্রশিক্ষণ কেন্দ্রত প্রশিক্ষণ গ্রহণ কৰা নিবনুৱা যুৱক–যুৱতীসকলে বিভিন্ন খণ্ডত নিয়োগৰ সুবিধা লাভ কৰিব৷ মুখ্যমন্ত্রীয়ে এই দক্ষতা বিকাশ কেন্দ্র পৰিদর্শন কৰি এল এণ্ড টিয়ে যিসমূহ অত্যাধুনিক সামগ্রী তথা যন্ত্রপাতি প্রশিক্ষার্থীৰ বাবে প্রতিষ্ঠানটোত সংযুক্ত কৰিছে সেইসমূহৰো বুজ লয়৷  অনুষ্ঠানত মন্ত্রী অশোক সিংহল, জয়ন্ত মল্লবৰুৱা, বিটিচিৰপ্রধান প্রমোদ বডো, বিধায়ক জীৰণ বসুমতাৰী, বি টি আৰৰ কার্যবাহী সদস্যসকল ক্রমে উইলছন হাদচা, ৰীও ৰি নার্জাৰী, উকীল মুছাহাৰী, এম এল চি এ সাজল সিংহ, শ্রমিক কল্যাণ বিভাগৰ প্রধান সচিব বি কল্যাণ চক্রৱর্তী, বি টি আৰৰ প্রধান সচিব আকাশদ্বীপ, জিলা আয়ুক্ত পি কে দ্বিবেদী, মহকুমাধিপতি আৰণ্যক শইকীয়া, এল এণ্ড টি কোম্পানীৰ প্রতিনিধিবর্গ প্রমুখ্যে গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে৷
You might also like