নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমত শান্তিৰ নতুন যুগৰ সূচনা হৈছে : মুখ্যমন্ত্রী 

🎯শিৱসাগৰ-চৰাইদেউত বিকাশ যাত্ৰা কেইবাটাও প্রকল্প উদ্বোধন, ভূমিপূজন  তথা শিলান্যাস মুখ্যমন্ত্রীৰ
🎯২৫নং অসম আৰক্ষী অএনজিচি বেটেলিয়ন চৌহদ, ৰপ্তানিমুখী গাহৰি–মাংস সংসাধন প্রকল্প উদ্বোধন মুখ্যমন্ত্রীৰ
🎯বর্তমানৰ ৰাজ্য চৰকাৰে বিকাশৰ লগতে ঐতিহ্য আৰু পৰম্পৰা ৰক্ষাৰ বাবেও কাম কৰি আছে
নিয়মীয়া বাৰ্তা ডিজিটেল, ১২মাৰ্চঃ অসমৰ সর্বাংগীণ উন্নয়ন নিশ্চিত কৰাৰ দিশত ৰাজ্য চৰকাৰে বৃহৎ পদক্ষেপ হিচাপে অব্যাহত ৰখা বিকাশ যাত্রাৰ অংশ হিচাপে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি শিৱসাগৰ আৰু চৰাইদেউ জিলাত বিভিন্ন প্রকল্প উদ্বোধন, শিলান্যাস তথা ভূমিপূজন কৰে৷ মুখ্যমন্ত্রীয়ে আজি ঐতিহাসিক শিৱসাগৰ জিলাত প্রায় ৪৫৪ কোটি টকা ব্যয় সাপেক্ষে ৰূপায়ণ কৰা ৩২টা প্রকল্পৰ শুভ উদ্বোধন আৰু শিলান্যাস কৰে৷ মুখ্যমন্ত্রীয়ে ১২.৬৬ কোটি টকা ব্যয় সাপেক্ষে নির্মাণ কৰা ডিমৌৰ ৰাইচাই গ্রাম্য ক্রীড়া ষ্টেডিয়ামখন জিলাখনৰ খেলুৱৈসকলৰ সেৱাত আজি উৎসর্গা কৰে৷ ইয়াৰ উপৰি মুখ্যমন্ত্রীয়ে উদ্বোধন কৰা আন প্রকল্পসমূহ হৈছে  ৮ কোটি টকা ব্যয়ৰে ভাধৰা হাইস্কুল চৌহদত নির্মাণ কৰা বিএড কলেজ, ১০ কোটি টকা ব্যয়েৰে আমগুৰিত নির্মাণ কৰা ক্রীড়া প্রকল্প, ১০ কোটি টকা ব্যয়েৰে ধোদৰআলিৰ পৰা বেলেংবাৰী মহন গাঁও হৈ ৰহদৈ আলিলৈ নির্মাণ আৰু উন্নয়ন সাধন কৰা পথ প্রকল্প, ১ কোটি টকা ব্যয়েৰে জিলাখনত নির্মাণ কৰা ৪টা আদর্শ অংগনৱাড়ী কেন্দ্র, ২.৫০ কোটি টকা ব্যয়ৰে দিচাং বান্ধৰ সোঁপাৰে নঙলাপাৰাৰ পৰা বাঁহগড়লৈ বগীবিল এলেকাৰ সুৰক্ষাৰ বাবে ৰূপায়ণ কৰা প্রকল্প, ১.৫০ কোটি টকা ব্যয়ৰে দিচাং বান্ধৰ পশ্চিম পাৰে পথালিগড়ৰ পৰা বাঁহগড়লৈ মথাউৰিৰ ভঙা অংশৰ পুনৰ নির্মাণ৷ তদুপৰি জিলাখনত ৮৪.৯৩ কোটি টকা ব্যয়েৰে জলজীৱন মিছনৰ অধীনত নির্মাণ কৰা ৭২খন ৰাজহুৱা পানী যোগান আঁচনিও আজি মুখ্যমন্ত্রীয়ে লোকার্পণ কৰে৷ উল্লেখ্য যে আজি উদ্বোধন কৰা এই ৮টা প্রকল্পৰ মুঠ ব্যয় হৈছে ১৩১ কোটি টকা৷ মুখ্যমন্ত্রীয়ে আজি শিলান্যাস কৰা প্রকল্পসমূহ হৈছে অসম মালা ২.০ৰ অধীনত শিৱসাগৰ জিলাত ১০০ কোটি টকা ব্যয়েৰে দিখৌমুখৰ আন্তঃজিলা ফেৰীঘাটৰ পৰা নাজিৰা টাউন অ এন জি চি তিনিআলি পথলৈ ২৮ কিলোমিটাৰ পথ, আৰ আই ডি এফৰ পুঁজিৰে খামুন দিৰৈঘাটৰ পৰা ডিমৌ হৈ ধাইবাৰীলৈ যোৱা পথছোৱাৰ বহলীকৰণ আৰু সবলীকৰণ প্রকল্প৷ উল্লেখ্য যে, ৩৫ কিলোমিটাৰ দৈর্ঘ্যৰ এই পথছোৱা ৮১.৮৬ কোটি টকা ব্যয়ৰে নির্মাণ কৰা হব৷ জিলাখনত আজি লোকনির্মাণ পথ বিভাগে ৰূপায়ণ কৰিবলগীয়া আন ১৫টা পথ প্রকল্পৰো মুখ্যমন্ত্রীয়ে শিলান্যাস কৰে৷ সর্বমুঠ ২৭টা পথৰ নির্মাণ আৰু উন্নয়ন সাধন কৰিবলগীয়া এই পথ প্রকল্পসমূহৰ ৰূপায়ণত সর্বমুঠ ৮০.২৬ কোটি টকা ব্যয় হব৷ মুখ্যমন্ত্রীয়ে আজি গৃহ নির্মাণ আৰু নগৰ পৰিক্রমা বিভাগৰ অন্তর্গত জিলাখনত ৰূপায়ণ কৰিবলগীয়া ৪টা প্রকল্পৰো শিলান্যাস কৰে৷ এহ প্রকল্প কেহটা হৈছে ১৯.১৭ কোটি টকা ব্যয়ৰে নির্মাণ কৰিবলগীয়া শিৱসাগৰ পানী যোগান আঁচনি, ১৪.৭৬ কোটি টকা ব্যয়ৰে নির্মাণ কৰিবলগীয়া আমগুৰি পানী যোগান আঁচনি, ১.৯৮ কোটি টকা ব্যয়ৰে পৌৰসভাৰ জমা হৈ থকা গোটা আৱর্জনা বায় মাহনিঙেৰে নিষ্কাশন কৰিবলৈ ৰূপায়ণ কৰিবলগীয়া প্রকল্প আৰু ১.৯৩ কোটি টকা ব্যয়ৰে শিৱসাগৰ পৌৰসভাৰ অধীনৰ এ এছ টি চি তিনিআলিৰ পৰা ফণীধৰ চলিহা পথৰ দুয়োপাৰে পেভার্চ ব্লকেৰে পথছোৱা বহলীকৰণেৰে এটি ৰোডৰ উন্নয়ন৷ ইয়াৰ উপৰি মুখ্যমন্ত্রীয়ে আজি শিলান্যাস কৰা আন প্রকল্পকেহটা হৈছে  ১২.৭৭ কোটি টকা ব্যয়ৰে শিৱসাগৰত নির্মাণ কৰিবলগীয়া আৱর্ত ভৱন, ৭.০২ কোটি টকা ব্যয়ৰে শিৱসাগৰ পুলিচ ৰিজার্ভত আৰ চি চি আৱাসগৃহৰ সৈতে অন্যান্য আন্তঃগাঁথনিৰ উন্নয়ন সাধন কৰিবলগীয়া প্রকল্প, ২.৩৪ কোটি টকা ব্যয়ৰে অসম আর্হিৰ উপ-স্বাস্থ্য কেন্দ্র আৰু আয়ুষ ডিচপেনছেৰী নির্মাণ তথা ৭৫ লাখ টকা ব্যয়ৰে জিলাখনৰ বিভিন্ন স্থানত আদর্শ অংগনৱাডী কেন্দ্রৰ নির্মাণ৷ এহ প্রকল্পসমূহৰ নির্মাণত সর্বমুঠ ৩২৩ কোটি টকা ব্যয় কৰা হব৷ আজিৰ অনুষ্ঠানতে ২৬খন চাহ বাগিছালৈ মুখ্যমন্ত্রীয়ে একোখনকৈ এম্বুলেঞ্চ প্রদান কৰে ৷ এই উপলক্ষে শিৱসাগৰ জিলাৰ ডিমৌস্থিত ৰাইচাই গ্রাম্য ষ্টেডিয়ামত আয়োজিত এক বিশাল ৰাজহুৱা সভাত ভাষণ প্রদান কৰি মুখ্যমন্ত্রীয়ে কয় যে ৰাজ্য চৰকাৰে বিকাশ আৰু উন্নয়নৰ সমান্তৰালভাৱে ঐতিহ্যৰ সংৰক্ষণ তথা সংবর্দ্ধনৰ দিশত বিশেষ গুৰুত্ব প্রদান কৰি আহিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে শিৱসাগৰক এখন ঐতিহ্যময় জিলালৈ ৰূপান্তৰ সাধন কৰাৰ দিশত ৰাজ্য চৰকাৰে নিৰন্তৰভাৱে কাম কৰি আহিছে৷ তেওঁ লগতে কয় যে ৰংঘৰক সজাই–পৰাই তোলাৰ পদক্ষেপ লোৱা হৈছে৷ তলাতল ঘৰ আৰু ৰংঘৰৰ সংযোগ সাধনৰ দিশতো ৰাজ্য চৰকাৰে প্রয়াস চলাব৷ মুখ্যমন্ত্রীয়ে কয় যে অসমত শান্তিৰ নতুন যুগৰ সূচনা হৈছে৷ এনেদৰে শান্তি অব্যাহত থাকিলে কেইবছৰমানৰ ভিতৰতে অসম সর্বশ্রেষ্ঠ ৰাজ্য হিচাপে পৰিগণিত হব৷ ভাষণ প্রসংগত মুখ্যমন্ত্রীয়ে কেন্দ্রীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে লোৱা বিভিন্ন জনকল্যাণকামী আঁাঁচনিসমূহৰ বিষয়েও উল্লেখ কৰে৷ অনুষ্ঠানত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগু, সাংসদ তপন কুমাৰ গগৈ, বিধায়ক সুশান্ত বৰগোঁহাই, দেউৰী স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য ভৈৰৱ দেউৰী প্রমুখ্যে বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে৷ আনহাতে মুখ্যমন্ত্রী ড০ শর্মাই আজি বিকাশ যাত্রাৰ অংশ হিচাপে চৰাইদেউ জিলাৰ মাহমৰাৰ গৰৈমাৰিস্থিত মাহমৰা স্পর্টছ কমপ্লেক্সত আয়োজিত এক বিশাল ৰাজহুৱা সভাত উপস্থিত হৈ প্রায় ২১০ কোটি টকা ব্যয় সাপেক্ষে কেইবাটাও উন্নয়নমূলক প্রকল্পৰ শুভ উদ্বোধন আৰু শিলান্যাস কৰে৷ মুখ্যমন্ত্রীয়ে জিলাখনত আজি উদ্বোধন কৰা প্রকল্পসমূহৰ ভিতৰত গৰৈমাৰীত ১০ কোটি টকা ব্যয় সাপেক্ষে নৱনির্মিত মাহমৰা ক্রীড়া প্রকল্প, লোকনির্মাণ গৃহ বিভাগৰ দুখন আঁচনি ক্রমে ৫.৪৩ কোটি টকা ব্যয় সাপেক্ষে নির্মাণ কৰা অসম দর্শনৰ অধীনস্থ টঙীয়াৰ পৰা চাহেবখানালৈ যোৱা বনাঞ্চলিক গ্রাম্য পথ আৰু ২.৫২ কোটি টকা ব্যয় সাপেক্ষে এপার্টৰ অধীনত নির্মাণ কৰা দগাভেটাৰ পৰা গডপাৰা অভিমুখী পথ৷ মুখ্যমন্ত্রীয়ে উদ্বোধন কৰা আন প্রকল্পসমূহ হৈছে  ৩ কোটি টকা ব্যয় সাপেক্ষে নির্মাণ কৰা চৰাইদেউ জিলা আৰক্ষী অধীক্ষকৰ কার্যালয়ৰ নতুন ভৱন, ২.৩০ কোটি টকাৰে এপার্টৰ অধীনত বজাৰ আধুনিকীকৰণ আৰু উন্নীতকৰণ কার্যসূচীৰ জৰিয়তে নির্মিত মথুৰাপুৰ সাপ্তাহিক বজাৰ, ২.৬২ কোটি টকা ব্যয়েৰে নির্মিত চৰাইদেউ পুলিচ ৰিজার্ভত পি ই বি পুলিচ বেৰেক, তদুপৰি কেন্দ্রীয় চৰকাৰৰ ধবজাবাহী আঁচনি জল জীৱন মিছনৰ অধীনত মুঠ ৩৬.৮৬ কোটি টকাৰ ২৬ টা ৰাজহুৱা পানী যোগান আঁচনিৰ আজি তেওঁ শুভ উদ্বোধন কৰে৷ মুখ্যমন্ত্রীয়ে আজি চৰাইদেউ জিলাত কেহবাটাও গুৰুত্বপূর্ণ প্রকল্পৰো শিলান্যাস কৰে৷ এই শিলান্যাস কৰা প্রকল্পসমূহৰ ভিতৰত অসম মালা ২.০ৰ অধীনত ৯৭.০২ কোটি টকা ব্যয় সাপেক্ষে পাটসাঁকোৰ পৰা জাজলী পাঁচআলি হৈ পিঠাগুটিলৈ যোৱা পথ নির্মাণ কার্য, মুখ্যমন্ত্রীৰ উন্নত পকীপথ নির্মাণ আঁচনিৰ অধীনত ১২.৫০ কোটি টকা আবন্ঢিত পুঁজিৰে কাকতিবাৰিৰ পৰা বটুৱা পথ আৰু ডবা চাৰিআলিৰ পৰা জাজলী তিনিআলিলৈ যোৱা পথৰ নির্মাণ, ১২.৫০ কোটি টকা আবন্ঢিত পুঁজিৰে ৰহণ শ্যাম গাঁও পথ আৰু টিঙালিবাম পথৰ পথৰ নির্মাণ, নাবার্ডৰ ৩.০৫ কোটি টকা অর্থ সাহায্যৰে নির্মাণ হবলগীয়া পুৰণি জবকা হাতীগড পথ আৰু ২.২৫ কোটি টকাৰে মাজ লংপতীয়া পথৰ নির্মাণ, মুখ্যমন্ত্রীৰ পকীপথ নির্মাণ আঁচনিৰ অধীনত ২.৬৯ কোটি টকা আবণ্টিত পুঁজিৰে বৰনামঘৰ কৃষিপাম, চাৰিমুঠিয়া ১ নং কোঁৱৰ গাঁও পথ, চোলাধৰা পথ, ধামধূলিৰ পৰা মাজগাঁও পথ আৰু ৰঙাপাৰা পথৰ নির্মাণ, ২.৫৫ কোটি টকা আবন্ঢিত পুঁজিৰে কুঁৱৰীবাৰি পথ, ফুকন পথাৰ পথ, গোবিন্দপুৰ ৰাৱত বস্তি আলি পথৰ নির্মাণ,  ২.৩৫ কোটি টকা আবন্ঢিত পুঁজিৰে জুটুলিবাৰি পথ, চন্দ্রজ্যোতি পথ, নাৰায়ণপুৰ ২ নং নির্মালিয়া গাঁও পথ, লুখুৰাখন কচুপথাৰ পথৰ নির্মাণ, ২.১০ কোটি টকা আবন্ঢিত পুঁজিৰে জলহা হৰিজন আলি, মধ্য চটিয়না গুৰি পথৰ নির্মাণ, মুখ্যমন্ত্রীৰ নগৰীয়া পকীপথ নির্মাণ আঁচনিৰ অধীনত ৩.৪৩ কোটি টকা আবন্ঢিত পুঁজিৰে সোণাৰি নগৰৰ ১৩ টা পথৰ নির্মাণ আৰু চৰাহদেউ জিলাৰ সোণাৰি আৰক্ষী থানাত ৭.০২ কোটি টকা আবন্ঢিত পুঁজিৰে আৱাসগৃহকে ধৰি আন ভালেকেহটা আন্তঃগাঁথনি উন্নয়নৰ কাম৷ এই উপলক্ষে আয়োজিত সভাত ভাষণ প্রদান কৰি মুখ্যমন্ত্রীয়ে কয় যে যোৱা ২৯ ফেব্রুৱাৰীৰ পৰা আৰম্ভ হোৱা বিকাশ যাত্রাত অসমৰ চুকে-কোণে প্রায় ২৩ হাজাৰ কোটি টকাৰ বিভিন্ন উন্নয়নমূলক আঁচনিৰ আধাৰশিলা স্থাপন তথা উদ্বোধন কৰা হৈছে৷ বর্তমানৰ ৰাজ্য চৰকাৰে ইতিপূর্বে আৰম্ভ কৰা বিকাশৰ বাবে এদিন কার্যসূচীৰ অধীনত প্রায় ২৬ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে বিভিন্ন উন্নয়নমূলক আঁাঁচনি গ্রহণ কৰিছিল৷ আনহাতে, প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে গুৱাহাটী আৰু যোৰহাটত অনুষ্ঠিত সভাত ঘোষণা কৰা প্রায় ১৬ হাজাৰ কোটি টকা আৰু প্রায় ১৮ হাজাৰ কোটি টকাৰ উন্নয়নমূলক আঁাঁচনিকে ধৰি বর্তমান ৰাজ্যখনত প্রায় ১ লাখ কোটি টকাৰ বিভিন্ন উন্নয়নমূলক আঁচনি চলি আছে বুলি তেওঁ কয়৷ অসমত পূর্বতেও কেইবাখনো চৰকাৰ আহিছিল যদিও অসমৰ পোন্ধৰতম মুখ্যমন্ত্রী হিচাপে যোৱা দুটা বছৰত অসমখনক আগুৱাই নিয়াৰ নিৰন্তৰ প্রচেষ্টা অব্যাহত ৰখা বুলি সভাত মুখ্যমন্ত্রীয়ে উল্লেখ কৰে৷ বৰাক-ব্রহ্মপুত্র, পাহাৰ-ভৈয়াম, উজনি-নামনি, উত্তৰ অসমকে ধৰি চৌদিশে উন্নয়নৰ ধাৰা অব্যাহত আছে বুলি উল্লেখ কৰি তেওঁ কয় যে বর্তমান অসমত ২৩ খন মেডিকেল কলেজৰ কাম চলি আছে৷ ৰাইজে কেতিয়াও কল্পনা কৰা নাছিল যে শিৱসাগৰ আৰু চৰাইদেউত মেডিকেল কলেজ হব আৰু ২০২৬ চনৰ আগতে চৰাইদেউ মেডিকেল কলেজৰ নির্মাণৰ কাম সম্পূর্ণ হব বুলি তেওঁ কয়৷ নৱগঠিত চৰাইদেউ জিলাত অসমৰ অন্যান্য জিলাৰ সমানে আগুৱাই লৈ যাব লাগিব বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে বর্তমানৰ ৰাজ্য চৰকাৰে বিকাশৰ লগতে ঐতিহ্য আৰু পৰম্পৰা ৰক্ষাৰ বাবেও কাম কৰি আছে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ সদিচ্ছাত আহোম যুগৰ গৌৰৱোজ্জ্বল ইতিহাসৰ স্বাক্ষৰ বহন কৰা ঐতিহাসিক চৰাইদেউ মৈদামে আজি ইউনেস্ক্ৰ বিশ্ব ঐতিহ্যক্ষেত্রৰ স্বীকৃতি লাভ কৰাৰ পথ প্রশস্ত হৈছে৷ এই সন্মানে জিলাখনক বিশ্বৰ পর্যটন মানচিত্রতো জিলিকাই তুলিব বুলি তেওঁ কয়৷ ইয়াৰ পূর্বে আজি মুখ্যমন্ত্রীয়ে শিৱসাগৰৰ ডিমৌ পথাৰত নির্মিত ২৫ নং অসম আৰক্ষী অএনজিচি বেটেলিয়ন চৌহদটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে৷ উল্লেখ্য যে, ১৩৬ বিঘা ভূমিত প্রায় ১৫ কোটি টকা ব্যয়েৰে নির্মিত এহ প্রকল্পটোত আৱাসিক ভৱন, বিষয়াসকলৰ থকাৰ ব্যৱস্থা, মেগ্জিন ভৱন আদিকে ধৰি বহু সুবিধা উপলব্ধ হৈছে৷ এই অনুষ্ঠানত শিক্ষা আদি বিভাগৰ মন্ত্রী ডাঃ ৰণোজ পেগু, অসম আৰক্ষীৰ প্রশিক্ষণ আৰু সশস্ত্র আৰক্ষীৰ মহাপৰিদর্শক অখিলেশ কুমাৰ সিং তথা অএনজিচিৰ কেইবাগৰাকী শীর্ষ বিষয়া প্রমুখ্যে গণ্য–মান্য ব্যাক্তিসকল উপস্থিত থাকে৷ ইয়াৰ পিছতে মুখ্যমন্ত্রীয়ে নাজিৰাৰ চানবছাত ভাৰত চৰকাৰৰ বাণিজ্য আৰু উদ্যোগ মন্ত্রালয় তথা অসম চৰকাৰৰ যুটীয়া প্রচেষ্টাত স্থাপিত ৰপ্তানিমুখী গাহৰি–মাংস সংসাধন প্রকল্পটো আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে৷ অসম পশুধন আৰু হাঁহ–কুকুৰা নিগম পৰিসীমিতৰ দ্বাৰা ৰূপায়ণ হোৱা এহ প্রকল্পটোৱে ৰাজ্যৰ গাহৰি পালকসকলৰ গাহৰিৰ মাংস ৰপ্তানিৰ পথ মুকলি কৰি তেওঁলোকক আর্থিকভাৱে যথেষ্ট উপকৃত কৰিব৷
You might also like