মাজুলীত ৮৯৪ কোটি টকাৰ প্ৰকল্পৰ শিলান্যাস তথা শুভ উদ্বোধন মুখ্যমন্ত্ৰীৰ
- ‘বিকাশৰ বাবে এটা পষেক’ কাৰ্যসূচীৰ অধীনত মাজুলীত ৮৯৪ কোটি টকাৰ প্ৰকল্পৰ শিলান্যাস তথা শুভ উদ্বোধন মুখ্যমন্ত্ৰীৰ
- আধ্যাত্মিকতা, পৰম্পৰা আৰু বৰ্ণাঢ্য সংস্কৃতিৰে সমৃদ্ধ মাজুলী সম্প্ৰতি বিকাশৰ দিশত দ্ৰুত গতিত অগ্ৰসৰ হৈছে: মুখ্যমন্ত্ৰী
- মাজুলীক বাণিজি্যক চাহিদা সম্পন্ন বৃক্ষৰ ‘হাব’ হিচাপে গঢ়ি তুলিবলৈ কৃষকসমাজক মুখ্যমন্ত্ৰীৰ আহ্বান
নিয়মীয়া বাৰ্তা, ১১ ডিচেম্বৰ: মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ‘বিকাশৰ বাবে এটা পষেক’ কাৰ্যসূচীৰ অধীনত আজি মাজুলী জিলাত প্ৰায় ৮৯৪ কোটি টকাৰ প্ৰকল্পৰ শিলান্যাস তথা শুভ উদ্বোধন কৰে৷ এই উপলক্ষে মুখ্যমন্ত্ৰীয়ে সোৱণশিৰি আৰু লুইত নদীৰ ওপৰত দুখন দলংসহ মাজুলীৰ বালিচাপৰিৰ পৰা লক্ষীমপুৰৰ বঙালমাৰা সংযোগী পথ নিৰ্মাণৰ অৰ্থে ভূমি পূজাত অংশগ্ৰহণ কৰে৷ অসম চৰকাৰৰ ধবজাবাহী আঁচনি অসম মালাৰ অধীনত ৰূপায়ণ কৰিবলগীয়া এই প্ৰকল্পৰ প্ৰকল্প ব্যয় হৈছে ৬৯৪ কোটি টকা৷ মুখ্যমন্ত্ৰীয়ে এই প্ৰকল্পৰ বাবে যিবোৰ পৰিয়ালৰ পৰা ভূমি অধিগ্ৰহণ কৰা হৈছে তেনে পৰিয়ালসমূহক আনুষ্ঠানিকভাৱে ক্ষতিপূৰণৰ ধনৰাশিৰো চেক প্ৰদান কৰে৷
‘বিকাশৰ বাবে এটা পষেক’ কাৰ্যসূচীৰ অধীনত মুখ্যমন্ত্ৰী ড॰ শৰ্মাই আজি ৫১ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলৈ লোৱা মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়, প্ত কোটি টকা ব্যয় সাপেক্ষে বনগাঁৱত চৰকাৰী কাৰিকৰী শিক্ষা প্ৰতিষ্ঠানক উৎকৰ্ষতা কেন্দ্ৰ হিচাপে উন্নীতকৰণ প্ৰকল্প, ১৪ কোটি টকা ব্যয় সাপেক্ষে কেন্দ্ৰীয় মধ্যাহ্ন ভোজন ৰন্ধ গৃহৰ আধাৰশিলা স্থাপন কৰে৷ উল্লেখ্য যে, অক্ষয় পাত্ৰ ফাউণ্ডেশ্যনৰ সহযোগত স্থাপন হ’বলগীয়া এই কেন্দ্ৰীয় মধ্যাহ্ন ভোজন ৰন্ধন গৃহৰ জৰিয়তে মাজুলী জিলাৰ শিক্ষাৰ্থীসকলক পুষ্টিদায়ক খাদ্য প্ৰদানৰ পৰিকল্পনা লোৱা হৈছে৷
আজি মাজুলী ভ্ৰমণ কালতে মুখ্যমন্ত্ৰীয়ে ‘স্বদেশ দৰ্শন’ আঁচনিৰ অধীনত কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা ৬০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা কলাবাৰী ঘাট উন্নয়ন প্ৰকল্প, জনজাতীয় ‘থীম ভিলেজ’, জেংৰাইমুখ আৰু চামগুৰি সত্ৰৰ ভৱন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে৷ বানপানীৰ সময়ত নামনি মাজুলীবাসী ৰাইজৰ সুবিধাৰ্থে কৰতিপাৰত অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কতৃৰ্পক্ষৰ দ্বাৰা ২.৫১ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এটা বহুমুখী বান আশ্ৰয়গৃহও উদ্বোধন কৰে মুখ্যমন্ত্ৰীয়ে৷ তদুপৰি তেওঁ ফুলনিৰ পৰা বনগাঁও হৈ অফলামুখ ঘাটলৈ ৰাইজৰ যাতায়াত সূচল কৰাৰ উদ্দেশ্যে নাবাৰ্ড আৰু ৰাজ্যিক স্ব-অগ্ৰাধিকাৰ উন্নয়ন পুঁজি [গ্ৰামীণ]ৰ শিতানৰ ধনেৰে ১৯.৯৫ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা পথটোও আনুষ্ঠানিকভাৱে উদ্বোধন কৰে৷
এই উপলক্ষে প্ৰদান কৰা ভাষণত মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয় যে লুইতৰ ওপৰত প্ৰস্তাৱিত দলংখন দুই বছৰৰ ভিতৰত আৰু সোৱণশিৰিৰ ওপৰত প্ৰস্তাৱিত দলংখন নিৰ্মাণকাৰ্য ৩ বছৰৰ ভিতৰত সম্পূৰ্ণ কৰাৰ বাবে ৰাজ্য চৰকাৰে লক্ষ্য লৈছে৷ তেওঁ লগতে সদৰে কৰে যে মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়খন ৰাজ্যিক বিশ্ববিদ্যালয়লৈ উন্নীত কৰা হ’ব আৰু ৩ টা পৰ্যায়ত এই বিশ্ববিদ্যালয়খনৰ বাবে সৰ্বমুঠ ২০০ কোটি টকা ৰাজ্য চৰকাৰে ব্যয় কৰিব৷ অৰুণোদয় আঁচনিৰ অধীনত অহা ১৪ ডিচেম্বৰৰ পৰা ৰাজ্য চৰকাৰে নতুন হিতাধিকাৰী অন্তৰ্ভুুক্তিৰ কাম আৰম্ভ কৰিব বুলি প্ৰকাশ কৰি তেওঁ কয় যে মাজুলী জিলাত এই আঁচনিখনৰ অধীনত নতুনকৈ প্ত হাজাৰ হিতাধিকাৰীক অন্তৰ্ভুক্ত কৰা হ’ব৷ তেওঁ লগতে কয় যে জিলাখনত নতুন প্ত হাজাৰ হিতাধিকাৰীয়ে ৰেচন কাৰ্ড লাভ কৰিব আৰু সকলো ৰেচন কাৰ্ড থকা ব্যক্তিয়েই যাতে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ আঁচনিৰ অধীনত লাখ টকা পৰ্যন্ত চিকিৎসা সেৱা লাভ কৰিব পাৰে সেয়া সুনিশ্চিত কৰাৰ বাবে ৰাজ্য চৰকাৰে প্ৰচেষ্টা হাতত লৈছে৷