নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হত্যা–ধর্ষণ–ড্রাগ্ছ গোচৰৰ ছমাহত চার্জশ্বীটঃ ধর্ম যিয়েই নহওক, সকলো অপৰাধীৰ বিৰুদ্ধে একেই ব্যৱস্থা হ’ব লাগিব

নিয়মীয়া বাৰ্তা, ৬ জুলাইঃ অপৰাধীৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতি গ্রহণ কৰা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন চৰকাৰখনে এইবাৰ প্রতিখন আৰক্ষী থানা এলেকা অপৰাধশূন্য কৰাৰ লক্ষ্য স্থিৰ কৰি লৈছে৷ সোমবাৰে এই ইংগিত প্রদান কৰি মুখ্যমন্ত্রী ড০ শর্মাৰ স্পষ্ট মন্তব্য– ‘অপৰাধীৰ বিৰুদ্ধে গ্রহণ কৰা হ’ব কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা৷’ অসম আৰক্ষীৰ ইতিহাসত প্রথমবাৰৰ বাবে সকলো আৰক্ষী থানাৰ ভাৰপ্রাপ্ত বিষয়া (অ’চি)সকলৰ সৈতে সোমবাৰে অনুষ্ঠিত হোৱা সন্মিলনত মুখ্যমন্ত্রীয়ে ইয়াকো স্পষ্ট কৰে যে অনাগত সময়ত আৰক্ষীক গঢ়ি তোলা হ’ব প্রফেছনেল অর্গেনাইজেচন ৰূপে৷

শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত আয়োজিত এই সন্মিলনত উপস্থিত থকা ১১৯জন ইন্সপেক্টৰ, ১৯৭জন এছ আইক উদ্দেশ্যি মুখ্যমন্ত্রীয়ে তেওঁৰ ভাষণত কয়– ‘কোনো লোকে বেয়া কাম কৰি সাৰি যোৱাটো পুলিচৰ ব্যর্থতা৷ দুর্নীতি হোৱা মানেই ভাৰপ্রাপ্ত বিষয়াসকলে কম্প্রমাইজ কৰিছে৷ জ্যেষ্ঠ বিষয়াৰ গাড়ীত তেল ভৰাই দিয়া, চাহ খাবলৈ দিয়া অ’চিৰ কাম নহয়৷ কাৰোবাৰ দুখন গাড়ী এৰি দিয়াটো আৰক্ষীৰ কাম নহয়৷ আৰক্ষী সোণাৰি নহয় যে সোণ ধৰিলে আধা সোণ লুকুৱাই আধা সোণ জমা দিব৷ ছিনিয়ৰ আৰক্ষীক আঙঠি বনাই দিয়াৰ দৰকাৰ কিয়? গাড়ী এখন ধৰিলেই দুয়োটা পার্টী মিলি তয়ো খা, ময়ো খাওঁ এইবোৰ নচলিব৷ সোণ ধৰিলে সোণখিনি দুভাগ কৰা অ’চিৰ কাম নহয়৷ মালখানাত কি কি আছে সকলো ৰেজিষ্টাৰ হ’ব লাগিব৷ আধা খাই আধা জমা দিলে নহ’ব৷ জুৱা খেল আৰক্ষীৰ অনুমতি নহ’লে নচলে৷ গতিকে জুৱা খেল যদি চলিছে, তেন্তে আৰক্ষীৰ অনুমতিতেই চলিছে৷ আৰক্ষীৰ নাম শুনিলেই অপৰাধীয়ে ভয় কৰিব লাগিব আৰু দুখীয়াসকলে আপোনালোকক আশ্রয়ৰ স্থল ৰূপে ভাবিব লাগিব৷’ ভাষণত তেওঁ ভাৰপ্রাপ্ত আৰক্ষী বিষয়াসকলক উদ্দেশ্যি কয়– ‘আপোনালোকে ৰাজনৈতিক হেঁচা বা অন্যান্য প্রলোভনৰ দ্বাৰা প্রৰোচিত নহ’ব৷ জনসাধাৰণৰ প্রতি সেৱা প্রদানৰ ওপৰত গুৰুত্ব আৰোপ কৰক৷ অসম আৰক্ষী সম্পূর্ণ প্রফেছনেল হ’ব লাগিব৷ পুলিচ হ’লেই মদ খাব লাগে বুলি কোনো কথা নাই৷ ভাগৰ লাগিলে মদ খাই ভাগৰ গুচোৱাতকৈ প্রাণায়াম কৰক, যোগাসন কৰক, প্রতিগৰাকী আৰক্ষী নিৰোগী, সুস্থ আৰু বলৱান হ’ব লাগে৷ আপোনালোক সুস্থ হৈ থাকিলেহে আনে সুৰক্ষিত অনুভৱ কৰিব৷’

মুখ্যমন্ত্রীয়ে সোমবাৰৰ এই সন্মিলনতেই প্রতিখন থানাৰ ভাৰপ্রাপ্ত বিষয়াসকলক উদ্দেশ্যি কয়– ‘হত্যা, ধর্ষণ, ড্রাগ্ছ আৰু অস্ত্রৰ বিৰুদ্ধে যি গোচৰ আছে, তাৰ ওপৰত অহা ৬ মাহৰ ভিতৰতে চার্জশ্বীট প্রস্তুত কৰি দাখিল কৰক৷ আপোনালোকে এনে এক পৰিৱেশ সৃষ্টি কৰক, যাতে প্রতিখন থানা এলেকা অপৰাধমুক্ত হয়৷ মৰণোত্তৰ পৰীক্ষাৰ প্রতিবেদন শীঘ্রে লাভ কৰাটো সুনিশ্চিত কৰিব লাগিব৷ ফৰেনছিক প্রতিবেদন লাভৰ ক্ষেত্রত ৰৈ থকাৰ প্রয়োজন নাই৷ আৱশ্যক অনুযায়ী ৰাজ্যৰ বাহিৰৰ পৰাও নমুনা পৰীক্ষা কৰি আনিব লাগিব৷ এইক্ষেত্রত ডি আই জিসকলে বিশেষ দৃষ্টি ৰাখিব লাগিব৷’ বিভিন্ন গোচৰৰ ৰিপ’ট বিচাৰি আৰক্ষী অধীক্ষক আৰু ডি আই জিক সঘনে ফোন কৰক৷ সদায় হোৱাটছএপত এছ এম এছ কৰক৷ মহিলাসকলৰ বিৰুদ্ধে হোৱা অপৰাধৰ ক্ষেত্রত আৰক্ষীক অধিক কঠোৰ হোৱাৰ আহ্বান জনাই মুখ্যমন্ত্রী ড০ শর্মাই কয়– ‘এগৰাকী মহিলা অথবা যুৱতী ধর্ষণৰ পাছত আৰক্ষীৰ ওচৰলৈ আহে ন্যায় বিচাৰি৷ যদি আৰক্ষী থানাতেই পুনৰ তেওঁ ধর্ষিতা হয়, সেয়া কি ধৰণৰ ন্যায় হ’ব? মহিলা–যুৱতীগৰাকীয়ে ভাবিব লাগিব যে তেওঁ এক সুৰক্ষিত স্থানত আহি উপস্থিত হৈছে৷ তেওঁ ভাবিব লাগিব যে ঘৰখনতকৈও তেওঁ আৰক্ষী থানাত বেছি নিৰাপত্তা অনুভৱ কৰিছে৷ গতিকে ধর্ষণৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰতম ভূমিকা লওক আপোনালোকে৷ ধর্ষণকাৰীৰ কোনো ধর্ম নাই৷ যি ধর্মৰেই হওক, সকলোৰে বিৰুদ্ধে একেই ব্যৱস্থা ল’ব লাগিব৷’ আনহাতে, গৰুৰ চোৰাং বেহাৰ প্রসংগও উল্লেখ কৰি তেওঁ কয়– ‘গৰুৰ ফালে নাচাবই আপোনালোকে৷ গৰু পুণ্য জীৱ৷ আমাক গাখীৰ–গোবৰ দিয়াৰ লগতে শস্য উৎপাদনৰ মূল আহিলা গৰু৷ আমি গৰুক পূজা কৰোঁ৷ গতিকে গৰুক লৈ বেহা হ’ব নোৱাৰে৷’

ইফালে, যোৱা সময়ছোৱাত কেইবাজনো অপৰাধীক আৰক্ষীয়ে গুলীওৱাৰ প্রসংগত মুখ্যমন্ত্রীয়ে আজি কয়– ‘আৰক্ষীয়ে গুলীওৱাটো ষ্টাইল হ’ব লাগে৷ বুকুত গুলীয়াব নালাগে, ভৰিত গুলীওৱাৰ আইনে অধিকাৰ দিছে৷’ সন্মিলনত উপস্থিত থকা ধুবুৰী, মানকাচৰ, গোৱালপাৰাকে ধৰি নামনি অসমৰ কেইবাখনো আৰক্ষী থানাৰ ভাৰপ্রাপ্ত বিষয়াক উদ্দেশ্যি মুখ্যমন্ত্রীয়ে কয়– ‘গৰুৰ ওপৰত কোনো কেচেই হ’ব নালাগে৷ চোৰাং গৰু আমাৰ ৰাজ্যত সোমাবই নালাগে৷ কোনোবাই চোৰাংভাৱে আনিলে তাক খেদি খেদি গৈ ধৰিব লাগে৷ আনহাতে, স্থানীয়ভাৱে যি গৰু চুৰি হয়, আৰক্ষী থানাই এইক্ষেত্রত কঠোৰ ব্যৱস্থা গ্রহণ কৰিব লাগিব৷’ পুলিচ ভেৰিফিকেচনৰ প্রসংগ উত্থাপন কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয়– সন্দেহজনক বিষয়সমূহৰ বাহিৰে চাকৰি, পাছপ’ট আদিৰ ক্ষেত্রত আৰক্ষীৰ ভেৰিফিকেচনৰ প্রমাণ–পত্র ৭ দিনৰ ভিতৰত প্রদান কৰাটো সুনিশ্চিত কৰিব লাগিব৷ মুখ্যমন্ত্রীয়ে কয়– প্রতিখন আৰক্ষী থানাই ৩০ দিনৰ ভিতৰত কেইটা ভেৰিফিকেচনৰ কাম সম্পূর্ণ কৰিলে, তাৰ প্রতিবেদন প্রস্তুত কৰিব লাগিব৷ এতিয়া ১ লাখ যুৱক–যুৱতীৰ চাকৰি হ’ব৷ কোনো এজন যুৱক–যুৱতী ভেৰিফিকেচনৰ বাবে থানালৈ আহিব নালাগে৷ ওলোটাই আৰক্ষী থানাই তেওঁলোকক ফোন কৰি ক’ব যে তেওঁৰ কামটো সম্পন্ন হৈছে৷ ভেৰিফিকেচনৰ নামত চাহ নাখাব, চাহ নিজে খুৱাবহে৷ একেদৰে পথ দুর্ঘটনাত মৃত্যু হোৱা ব্যক্তিৰ পৰিয়ালে যাতে শীঘ্রে বীমাৰ ধন লাভ কৰে, তাৰ বাবে ক্ষিপ্রতাৰে ব্যৱস্থা ল’বলৈ মুখ্যমন্ত্রীয়ে সোমবাৰে নির্দেশ দিয়াৰ লগতে কয়– বীমাৰ ধন দাবী কৰাত নিহত ব্যক্তিৰ পৰিয়ালৰ যাতে সহায়ক হয়, সেই দিশত আপোনালোকে যথোচিত ব্যৱস্থা লওক৷ পাছপ’টৰ ক্ষেত্রত যিসকল ভাৰতীয় আৰক্ষী খিলঞ্জীয়া, তেওঁলোকৰ ৰিপ’ট দিয়াৰ বাবে তিলমাত্রও দেৰি নকৰিব৷

আৰক্ষী বিষয়াসকলৰ প্রতি আহ্বান জনাই মুখ্যমন্ত্রীয়ে কয়– ৬ মাহৰ পাছত আপোনালোকক পুনৰ যেতিয়া লগ পাম, তেতিয়া আপোনালোকে ক’বলৈ সক্ষম হ’ব লাগিব যে মোৰ থানা এলেকাত অপৰাধ ১০০ৰ পৰা ৫০লৈ হ্রাস হ’ল৷ মই বিশ্বাস কৰোঁ এই কামখিনি আপোনালোকে কৰিব পাৰিব৷ ড্রাগ্ছৰ প্রসংগত মুখ্যমন্ত্রীয়ে কয়– ড্রাগ্ছৰ বিৰুদ্ধে আপোনালোক অধিক কঠোৰ হ’ব লাগিব৷ ড্রাগ্ছৰ বেহাৰ বাবে মানুহ এতিয়া ওলাব নোৱাৰা হৈছে৷ সাৱধান নহ’লে কাইলৈ আমাৰ ল’ৰা–ছোৱালীয়েও ড্রাগ্ছ খাব৷ যোৱা ৪৫ দিনত আৰক্ষীয়ে যথেষ্ট ভাল কাম কৰিছে৷ উল্লেখ্য যে আজিৰ সন্মিলনতে মুখ্যমন্ত্রী ড০ শর্মাই প্রতি ছমাহৰ মূৰে মূৰে ভাৰপ্রাপ্ত আৰক্ষী বিষয়াসকলৰ সৈতে মুখ্যমন্ত্রীৰ সন্মিলন অনুষ্ঠিত হ’ব বুলি আজি স্পষ্ট কৰে৷ এইক্ষেত্রত তেওঁ কয়– সন্মিলনত আলোচিত বিষয়সমূহৰ ওপৰত কেনে ধৰণৰ অগ্রগতি লাভ কৰা হৈছে, সেই সম্পর্কে পৰৱর্তী সন্মিলনত বিতংভাৱে পর্যালোচনা কৰা হ’ব৷

You might also like