নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শদিয়াৰ ট্রাইবেল বেল্টত তাই আহোম মৰাণ–মটক–চুতীয়া-গোৰ্খাক সুৰক্ষিত শ্রেণীৰ মর্যাদা

নিয়মীয়া বাৰ্তা ৯ জুলাইঃ খিলঞ্জীয়াৰ ভূমিৰ অধিকাৰ আৰু প্রশাসনিক সংস্কাৰৰ ক্ষেত্রত ঐতিহাসিক পদক্ষেপ গ্রহণ কৰিছে ৰাজ্যিক কেবিনেটে৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ অধ্যক্ষতাত কালি অনুষ্ঠিত ৰাজ্যিক কেবিনেট বৈঠকে বি টি আৰৰ ট্রাইবেল বেল্টত বসবাস কৰি থকা গোর্খাক আৰু শদিয়াৰ ট্রাইবেল বেল্টত বসবাস কৰি থকা তাই আহোম, মৰাণ, মটক, চুতীয়া আৰু গোর্খা জনগোষ্ঠীক সুৰক্ষিত শ্রেণীৰ মর্যাদা প্রদান কৰে৷

বৃহস্পতিবাৰে জনতা ভৱনত আয়োজিত এখন সংবাদ মেলত ভৈয়াম জনজাতি আৰু পিছপৰা শ্রেণী কল্যাণ, শিক্ষা বিভাগৰ মন্ত্রী ডাঃ ৰণোজ পেগুৱে সেই বিষয়ে সদৰী কৰি কয় যে বি টি আৰৰ ট্রাইবেল বেল্টত জনজাতি, অনুসূচিত জনজাতি, চাহ জনগোষ্ঠী, আদিবাসী লোকৰ লগতে গোর্খা জনগোষ্ঠীৰ লোকেও বসবাস কৰি আহিছে৷ এতিয়াৰে পৰা সেই অঞ্চলত বসবাস কৰি থকা গোর্খা জনগোষ্ঠীৰ লোকসকলকো সুৰক্ষিত শ্রেণীৰ লোক হিচাপে তালিকাভুক্ত কৰি জাননী জাৰি কৰাৰ কেবিনেটে সিদ্ধান্ত গ্রহণ কৰিছে৷ ২০০৩ চনৰ পূর্বৰে পৰা বি টি আৰৰ ট্রাইবেল বেল্ট–ব্লকত বসবাস কৰি থকা গোর্খা জনগোষ্ঠীৰ লোকসকলে এতিয়াৰে পৰা সেই স্থানত মাটিৰ পঞ্জীয়ন, পট্টা, মাটি কিনা–বেচাৰ ক্ষেত্রত অধিকাৰ লাভ কৰিব৷

সেইদৰে ১৯৫১ত শদিয়াত স্থাপন কৰা ট্রাইবেল বেল্টত অনুসূচিত জাতি, জনজাতি, চাহ জনগোষ্ঠী, গোর্খা সম্প্রদায়ৰ লোকৰ উপৰি তাই আহোম, মৰাণ, মটক, চুতীয়া জনগোষ্ঠীৰ লোকেও বসবাস কৰি আহিছে৷ কালিৰ কেবিনেটে শদিয়াৰ ট্রাইবেল বেল্টত বসবাস কৰি থকা তাই আহোম, মৰাণ, মটক, চুতীয়াৰ লগতে গোর্খাসকলকো নতুনকৈ সুৰক্ষিত শ্রেণীৰ তালিকাভুক্ত কৰাৰ সিদ্ধান্ত গ্রহণ কৰে৷ ইয়াৰ ফলত সেই অঞ্চলত বসবাস কৰি থকা সেইসকল লোকৰো মাটিৰ পঞ্জীয়ন, পট্টা লাভ, মাটি কিনা–বেচাৰ ক্ষেত্রত ইমান দিনে সন্মুখীন হৈ অহা সমস্যাৰ অৱসান ঘটিব৷ ভূমিপুত্র আৰু খিলঞ্জীয়া লোকসকলৰ ভূমিৰ অধিকাৰ সুনিশ্চিত কৰাৰ বাবেই চৰকাৰে এই গুৰুত্বপূর্ণ পদক্ষেপ গ্রহণ কৰিছে বুলি মন্ত্রী ডাঃ পেগুৱে প্রকাশ কৰি কয় যে বর্তমানৰ চৰকাৰে ট্রাইবেল বেল্ট ব্লকৰ পুনৰীক্ষণৰ প্রক্রিয়া আৰম্ভ কৰিছে আৰু তাৰ বাবেই জনগোষ্ঠীসমূহক সুৰক্ষিত শ্রেণীভুক্ত কৰাৰ ব্যৱস্থা কৰিছে৷ ডাঃ পেগুৱে আৰু কয় যে জনজাতি অধ্যুষিত মাজুলী, ঢ়কুৱাখনা, ধেমাজিত এতিয়ালৈ ট্রাইবেল বেল্ট–ব্লক নাই৷

চৰকাৰে সেই অঞ্চলসমূহতো নতুনকৈ ট্রাইবেল বেল্ট–ব্লক স্থাপনৰ প্রক্রিয়া আৰম্ভ কৰিব৷ বি টি আৰৰ ট্রাইবেল বেল্টত ১.৬৫ লাখ গোর্খা জনগোষ্ঠীৰ লোকে বসবাস কৰি অহাৰ বিপৰীতে শদিয়াত ট্রাইবেল বেল্টত ৩০ শতাংশ জনজাতি লোকে আৰু ৩৩ শতাংশ তাই আহোম, মৰাণ, মটক, চুতীয়া, গোর্খা জনগোষ্ঠীৰ লোকে বসবাস কৰি আহিছে৷

আনহাতে, ৰাজ্যৰ ইঞ্জিনীয়াৰিং কলেজ আৰু পলিটেকনিকসমূহত শিক্ষক, সহকাৰী প্রফেছৰ, প্রফেছৰ, ফেকাল্টী আদি নিযুক্তি অসম লোকসেৱা আয়োগৰ আওতাৰ পৰা আঁতৰাই আনি অসম ইঞ্জিনীয়াৰিং সেৱা নিয়োগ ব’ৰ্ডৰ অধীনত সম্পন্ন কৰাৰ বাবে কালিৰ কেবিনেটে গুৰুত্বপূর্ণ সিদ্ধান্ত লোৱাৰ বিষয়ে সদৰী কৰি মন্ত্রী ডাঃ পেগুৱে কয় যে এতিয়াৰে পৰা সেই পদসমূহত নিযুক্তি ব’ডৰ অধীনত সম্পন্ন হ’ব৷ ইঞ্জিনীয়াৰিং কলেজ আৰু পলিটেকনিকসমূহত খালী হৈ থকা শিক্ষক পদৰ নিযুক্তি খৰতকীয়া কৰাৰ বাবেই চৰকাৰে এই ব্যৱস্থা গ্রহণ কৰিছে৷

ইপিনে কালিৰ কেবিনেটে প্রশাসনীয় সংস্কাৰৰ ক্ষেত্রতো কেইবাটাও গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰে৷ ৰাজ্যিক কেবিনেটৰ মুখপাত্র তথা ৰাজ্য চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ আৰু সংসদীয় পৰিক্রমা বিভাগৰ মন্ত্রী পীয়ূষ হাজৰিকাই সেই বিষয়ে প্রকাশ কৰি কয় যে বর্তমানৰ ৰাজ্য চৰকাৰখনে দায়িত্বভাৰ গ্রহণ কৰিয়েই গো–সুৰক্ষা আইন এখন অনাৰ ঘোষণা কৰিছে৷ কালিৰ কেবিনেটে সেই গো–সুৰক্ষা আইন বিধানসভাত উত্থাপনৰ বাবে অনুমোদন জনায়৷ অসম বিধানসভাৰ আসন্ন বাজেট অধিৱেশনত সেই বিধেয়ক উত্থাপন হ’ব৷ সেইদৰে কালিৰ কেবিনেটে গাঁওবুঢ়াসকলক গাঁওপ্রধান হিচাপে নামকৰণ কৰাৰ সিদ্ধান্ত গ্রহণ কৰে৷ এতিয়াৰে পৰা গাঁওপ্রধান নিযুক্তিৰ ক্ষেত্রত নূন্যতম বয়স হ’ব ৩০ বছৰ আৰু সর্বাধিক বয়স হ’ব ৬৫ বছৰ৷ একেদৰে চৰকাৰী ভূমিত বসবাস কৰি থকা বহু খিলঞ্জীয়া লোকৰে মাটিৰ পট্টা নাই৷ যিসকল লোক চৰকাৰী ভূমিত বসবাস কৰি আছে আৰু তেওঁলোকক বান, ধুমুহাকে ধৰি প্রাকৃতিক দুর্যোগত ক্ষতিগ্রস্ত হ’লে এতিয়াৰে পৰা চৰকাৰী সাহায্য প্রদান কৰাৰ সিদ্ধান্ত গ্রহণ কৰে৷ সেইদৰে ছিপাঝাৰৰ ধলপুৰ শিৱ মন্দিৰক পর্যটন খণ্ড ৰূপে গঢ়ি তোলাৰ লগতে সেই অঞ্চলৰ মাটি সংৰক্ষণ কৰি ৰখাৰ বাবে মন্দিৰ কমিটীক ১৮০ বিঘা মাটি দিয়াৰ বাবেও কেবিনেটে সিদ্ধান্ত গ্রহণ কৰে৷ আনহাতে, এতিয়াৰে পৰা নিয়োগ বিনিময় কেন্দ্রত নিবনুৱাসকলে অনলাইনযোগে নাম পঞ্জীয়ন কৰাৰ বাবেও কালিৰ কেবিনেটে গুৰুত্বপূর্ণ সিদ্ধান্ত লয়৷ শ্রীশ্রীনিৰুদ্ধ দেৱ ক্রীড়া বিশ্ববিদ্যালয়ে কার্যবাহী পৰিষদ গঠনতো কেবিনেটে অনুমোদন জনায়৷

ইফালে কালিৰ কেবিনেটে পেন্সন আৰু ৰাজহুৱা অভিযোগ বিভাগটোক প্রশাসনীয় সংস্কাৰ আৰু প্রশিক্ষণ বিভাগৰ সৈতে একত্রিত কৰাৰ আন এক গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰে৷ অনুৰূপ ধৰণে জলসিঞ্চন বিভাগৰ মেকানিকেল, চিভিল আৰু ইলেক্ট্রিকেল বিভাগকেইটাও একত্রিত কৰাৰ সিদ্ধান্ত লয়৷ মূলতঃ বিভাগটোৰ কাম–কাজ খৰতকীয়া কৰাৰ বাবেই চৰকাৰে এই সিদ্ধান্ত গ্রহণ কৰে৷ জলসিঞ্চন বিভাগৰ সংমণ্ডলৰ ক্ষেত্রতো এতিয়াৰে পৰা বিধানসভা সমষ্টি ভিত্তিত সংমণ্ডল কৰাৰ সিদ্ধান্ত লয়৷ তদুপৰি কালিৰ কেবিনেটে গ্রহণ কৰা সীমান্ত সম্পর্কতো এক গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰে৷ সীমান্তত দুষৃকতিকাৰীয়ে সংঘটিত কৰা ঘটনাৰ পাছত বিবদমান অঞ্চলত কর্মৰত একাংশ চৰকাৰী বিষয়া–কর্মচাৰীৰ বিৰুদ্ধে সংশ্লিষ্ট চুবুৰীয়া ৰাজ্যৰ এচাম লোকে গোচৰ তৰে৷ অসমৰ ভূখণ্ড ৰক্ষা কৰিবলৈ যোৱা সেইসকল বিষয়া–কর্মচাৰীয়ে পৰৱর্তী পর্যায়ত তেনেধৰণৰ গোচৰৰ বাবে চুবুৰীয়া ৰাজ্যসমূহৰ আদালতলৈ গৈ থাকিব লাগে৷ এতিয়াৰে পৰা তেনে গোচৰৰ ক্ষেত্রত চৰকাৰী বিষয়া–কর্মচাৰীৰ খৰচৰ দায়িত্ব ৰাজ্য চৰকাৰে বহন কৰিব৷

You might also like