বিশেষ বাৰ্তা, ১৩ জুলাইঃ অসমীয়াই কর্ম–সংস্কৃতিৰ জৰিয়তে ৰাজ্যখনত আত্মনির্ভৰশীল হৈ মিঞাৰ ওপৰত প্রতিশোধ ল’বলৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ উদাত্ত আহ্বান৷ বদৰুদ্দিন আজমলে অসমীয়াৰ সংজ্ঞা দাঙি ধৰি অস–মিঞা মানেই অসমীয়া বুলি উল্লেখ কৰি অস আৰু মিঞা দুয়ো ভাই ভাই বুলি আজব মন্তব্য কৰে৷ আনকি আজমলে মিঞা অবিহনে অসমীয়া সম্পূর্ণ নহয় বুলিও চৰম ভ্রূকুটিসূচক মন্তব্য কৰে৷ আজমলৰ এনে মন্তব্যৰ প্রতিক্রিয়া মুখ্যমন্ত্রীৰ- বদৰুদ্দিন আজমলে যিটো কৈছে আমি জাতিটোৰ প্রতি অপমান হিচাপে গণ্য কৰিব লাগে৷ অসমীয়াই তাৰ প্রতিশোধ ল’ব লাগে কর্ম–সংস্কৃতিৰ জৰিয়তে৷ অসমীয়াক প্রতিযোগিতাৰ মাধ্যমেৰে মিঞাৰ দখলৰ পৰা চিকিৎসকৰ পদ–পাঁচলি ব্যৱসায়–গাড়ীচালক পদ আজুৰি অনাৰ বাবেও মুখ্যমন্ত্রীয়ে আহ্বান জনায়। তেওঁ কয়, আজি যে আজমলে অসমীয়াক ইতিকিং কৰিব পৰা হ’ল সেইটো প্রশ্ন কৰাতকৈ আজমলৰ কথাই আপোনালোকৰ গাত বিন্ধিব লাগিব, মোৰ গাত বিন্ধিব লাগিব৷ আজমলে অসমীয়াৰ প্রতি যি ইতিকিং কৰিছে, সেয়া তথ্যগত দিশেৰে ইতিকিং কৰিছে৷ আজি অসমত ঈদৰ দিনা সকলো বাছ নোহোৱা যায়৷ অসমীয়া মানুহে যে কাম কম কৰে আৰু মিঞাই যে অলপ বেছিকৈ কৰে তাত দ্বিমত নাই৷ ঈদৰ সময়ত গুৱাহাটীত কোনো যান–যঁট নাছিল৷ গুৱাহাটী মহানগৰীত শাক–পাচলিৰ বজাৰৰ পৰা, ট্রেকাৰ চলোৱাৰ পৰা, বাছ চলোৱাৰ পৰা, ৰিক্সা চলোৱাৰ পৰা গোটেইখিনি মিঞাই কৰে৷ অসমীয়া ল’ৰাই এইবোৰ আঁজুৰি আনিব লাগিব, কাজিয়া কৰি নহয়, প্রতিযোগিতাৰে৷ কেইদিনমান আগত অমিত শ্বাহ অসমলৈ অহাৰ কথা আছিল৷ অমিত শ্বাহৰ অসম ভ্রমণৰ দিনটোত ঈদৰ দিন আছিল৷ ঈদৰ সময়ছোৱাত অসমত বাছ–মটৰ নাপায়৷ কাৰণ বাছৰ ড্রাইভাৰসমূহো মিঞা মানুহেই৷ সেয়ে অমিত শ্বাহৰ মিটিঙে বাতিল কৰিব লগা হ’ল৷ এই প্রসংগতে মুখ্যমন্ত্রী ড০ শর্মাই কয় যে গুৱাহাটীত যিমান বাছ চলে তাৰ ৮০ শতাংশ চালকেই মিঞা সম্প্রদায়ৰ৷ অলা–উবেৰৰ ৭০ শতাংশ চালকো মিঞা৷ তেওঁলোকে যথেষ্ঠ উপার্জনো কৰে৷ সেয়ে আজি আজমলে যিটো ইতিকিং কৰিছে, অসমীয়াই সেইটো ইতিকিং হিচাপে ল’ব লাগে৷ আমি লাচিত বৰফুকনৰ নাম লৈ জীয়াই থকা, চিলাৰায়ৰ নাম লৈ জীয়া থকা প্রাণৱন্তসকলে এই প্রত্যাহ্বান গ্রহণ কৰিব লাগে৷ এবছৰৰ ভিতৰতে কর্মসংস্কৃতিৰ জৰিয়তে আত্মনির্ভৰ হৈ মিঞাই দখল কৰি থকা স্থান সমূহ আমি দখল কৰিব লাগে৷ চৰকাৰে এক মিনিটতে আজিকালি ড্রাইভিং লাইচেন্স দি দিয়ে৷ এনে অৱস্থাত উজনি অসম আৰু মধ্য অসমৰ প্রতিটো সমষ্টিৰ পৰা দুশজনে যদি ড্রাইভিং লাইচেন্স লৈ লয়, সমগ্র গুৱাহাটীত মিঞা চালক সকলৰ স্থান দখল কৰিব পাৰে৷ শাক–পাচলিৰ ব্যৱসায়ো মিঞাৰ দখলত থকাৰ উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে গুৱাহাটীৰ অভাৰ ব্রীজৰ তলত যিমান শাক–পাচলিৰ ব্যৱসায় আছে, সেই ব্যৱসায়ো অসমীয়াই কৰিব পাৰে৷ শাক-পাচলিৰ মূল্য বৃদ্ধিক লৈ সাংবাদিকসকলে সততে তেওঁক প্রশ্ন কৰাৰ বিষয়ে উনুকিয়াই মুখ্যমন্ত্রী ড০ শর্মাই কয় যে সাধাৰণতে কি হৈ আছে? গাঁৱত শাক–পাচলিৰ দাম বহুত কম আছে৷ গুৱাহাটীত শাক–পাচলিৰ ব্যৱসায় মিঞাই কৰে আৰু তেওঁলোকে দাম বেছিকৈ লয়৷ শাক-পাচলিৰ ব্যৱসায়ত অসমীয়া থকাহেঁতেন, অসমীয়াই অসমীয়াৰ পৰা ইমান দাম নল’লেহেঁতেন৷ গুৱাহাটীৰ ফ্লাই অভাৰৰ তল–ফুটপাথ খালী কৰি দিয়াৰ হুংকাৰ দি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে শংকৰদেৱ কলাক্ষেত্রৰ ফ্লাই অভাৰৰ তল তেওঁ ইতিমধ্যে খালী কৰিছে৷ গুৱাহাটীত ফুট পাথসমূহে খালী কৰি দিব৷ এতিয়া অসমীয়া মানুহখিনি শাক–পাচলিৰ ব্যৱসায়ৰ বাবে ওলাই আহিব লাগে৷ আজি আজমলৰ দৰে মানুহ এজনে অসমীয়া জাতিটোক অপমান কৰিব পৰা হ’ল, তাতকৈ কি দুখৰ কথা থাকিব পাৰে বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে আজি অসমত ১০০টা মেডিকেল ছিটৰ ৪৫টাতেই তেওঁলোকে পাইছে৷ ইয়াত তেওঁ ভাল পাইছে৷ কাৰণ মাদ্রাছা বন্ধ কৰক আৰু তেওঁলোকৰ ল’ৰা–ছোৱালীও ডাক্তৰ–ইঞ্জিনিয়াৰিং হওক৷ কিন্তু একে সময়তে আমাৰ মানুহ নপঢ়াটো বেয়া হৈছে৷ এই প্রসংগতে মুখ্যমন্ত্রী ড০ শর্মাই গাঁৱে গাঁৱে ছুপাৰ ১০, ছুপাৰ ৩০ খোলাৰ আহ্বান জনাই কয় যে আজমলৰ জয়গান গাই কি লাভ আছে? আজমলে স্বর্গৰ পৰা প্রফেচাৰ অনা নাই৷ আজমলৰ সকলো প্রফেচাৰ আমাৰেই মানুহ৷ সেয়ে প্রত্যেক সমষ্টিতে একোটাকৈ ছুপাৰ ৩০ খুলিব লাগে৷ এইক্ষেত্রত বিধায়কসকলেও লাগিব লাগে৷ সমষ্টি পুনৰ নির্ধাৰণক লৈ এনে সময় নষ্ট কৰা, টিভিত বাইট দিয়াৰ পৰিৱর্তে ৫ বছৰ এনে ধৰণৰ কামত লাগি থাকি অসমীয়াৰ পৰা ১০গৰাকী লেবৰেট’ৰি টেকনিছিয়ান, ১০গৰাকী নার্চ, ১০গৰাকী ইঞ্জিনিয়াৰ, ১০গৰাকী ডাক্তৰ সৃষ্টি কৰিব পাৰিলে পৰৱর্তী দুবছৰত অসমৰ পৰিৱেশেই সলনি হৈ যাব৷ মুখ্যমন্ত্রী ড০ শর্মাই অসমত চিকিৎসা মহাবিদ্যালয়ত নামভর্তিৰ ক্ষেত্রত অসমীয়াৰ, ভাৰতীয়ৰ আসন বেছি হ’ব লাগে বুলি পোষকতা কৰি এইক্ষেত্রত প্রতিযোগিতামূলক মনোভাবেৰে অধ্যয়নত ব্রতী হ’বলৈ আহ্বান জনায়৷