সোণাপুৰত চৰকাৰী বৃদ্ধাশ্রম মুকলি মুখ্যমন্ত্রীৰ
নিয়মীয়া বাৰ্তা, ২১ আগষ্ট: মহানগৰীৰ উপকণ্ঠৰ সোণাপুৰৰ ডিগাৰু গেটত সমাজ কল্যাণ বিভাগৰ দ্বাৰা তিনি কোটি পাঁচ লাখ টকাৰে আটকধুনীয়াকৈ নির্মিত এটা বৃদ্ধাৱাসৰ লগতে অসমৰ জ্যেষ্ঠ নাগৰিকৰ বাবে এটা ১৪৫৬৭ নম্বৰৰ ৰাষ্ট্রীয় হেল্পলাইন নম্বৰ শুকুৰবাৰে মুকলি কৰে ৰাজ্যৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই৷
জীৱনৰ অন্তিম ক্ষণত নিজ পৰিয়ালৰ পৰা অৱহেলিত হৈ অন্ন–বস্ত্র–বাসস্থান বাবে হাবাথুৰি খোৱা লোকসকলৰ বাবে ৰাজ্য চৰকাৰে লৈছে এই বিশেষ পদক্ষেপ৷ সোণাপুৰৰ ডিগাৰু গেটত ‘সোণাপুৰ চৰকাৰী বৃদ্ধাশ্রম’ নামেৰে নামকৰণ কৰা এই বৃদ্ধাশ্রমখনত উপলব্ধ হ’ব সকলো সা–সুবিধা৷
উল্লেখ্য যে চাৰি বিঘা ভূমিত স্থাপন কৰা এই বৃদ্ধাশ্রমখনত প্রথম পর্যায়ত ৬০গৰাকীকৈ নিৰাশ্রয় বৃদ্ধ–বৃদ্ধাক ৰাখিব পৰাকৈ কোঠা সাজু কৰা হৈছে৷ প্রতিটো কোঠা অসমৰ স্বনামধন্য ব্যক্তিৰ নামেৰে নামকৰণ কৰা হৈছে ৷ এই বৃদ্ধাশ্রমখনত লগতে আছে আহাৰ গ্রহণৰ বাবে বিশাল সুকীয়া কক্ষ৷ আজি মুকলি কৰা এই চৰকাৰী বৃদ্ধাশ্রমখন পৰিচালনাৰ বাবে ৰাজ্যৰ সমাজ কল্যাণ বিভাগে দায়িত্ব অর্পণ কৰিছে মনালিছা ছ’চাইটীৰ অন্তর্গত মাডাৰ অ’ল্ড এজ হোম কর্তৃপক্ষক আৰু ইয়াত থকা লোকসকলৰ সকলো সুবিধা চৰকাৰে বহন কৰিব৷
ইপিনে, মুখ্যমন্ত্রীগৰাকীয়ে উক্ত অনুষ্ঠানতে ৰাজ্যজুৰি নির্মাণ হ’বলগীয়া এহেজাৰটা আদর্শ অংগনৱাডী কেন্দ্রৰো প্রতীকী শিলান্যাস কৰে৷আজিৰ এই কার্যসূচীত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ৰাজ্যৰ বিত্ত আৰু সমাজ কল্যাণ মন্ত্রী অজন্তা নেওগ, গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজা, দিছপুৰ সমষ্টিৰ স্থানীয় বিধায়ক অতুল বৰা, পূব গুৱাহাটী সমষ্টিৰ বিধায়ক সিদ্ধার্থ ভট্টাচার্য, সমাজ কল্যাণ বিভাগৰ প্রধান সচিব মুকেশ চন্দ্র চাহুকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি৷
ইপিনে, উদ্বোধনী অনুষ্ঠানৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা এখন চমু সভাত মুখ্যমন্ত্রীগৰাকীয়ে অংশগ্রহণ কৰি ভাষণ প্রসংগত কয় যে চৰকাৰখনৰ বাবে আজিৰ দিনটো এক উল্লেখনীয় দিন৷ পিতৃ–মাতৃক বৃদ্ধ বয়সত যিসকল লোকে অৱহেলা কৰে, তেওঁলোকৰ জীৱন কোনোকালে মংগলময় নহয়৷ ভাষণ প্রসংগত মুখ্যমন্ত্রীগৰাকীয়ে কয় যে আজি উদ্বোধন কৰা এই বৃদ্ধাশ্রমখন সুচাৰুৰূপে চলাই নিবলৈ চৰকাৰৰ লগতে ৰাইজৰ পূর্ণ সহযোগিতাৰ প্রয়োজন আৰু তেনে সহযোগিতা পালে আগন্তুক পাঁচ বছৰত ৰাইজৰ কাম সু–সংগঠিতভাৱে আগবঢ়াই নিয়াত সহায়ক হ’ব৷ আজিৰ এই কার্যসূচীৰ লগে লগে ৰাজ্যখনৰ এক লাখ নিবনুৱাক নিযুক্তিৰ কাম আজিৰে পৰা আৰম্ভ হোৱা বুলিও তেওঁ উল্লেখ কৰে৷ ৰাজ্যত থকা পূর্বৰ অংগনৱাডী কেন্দ্রসমূহ দেখিলে বৰ বেয়া লাগে৷ সেয়েহে ৰাজ্যৰ পাঁচ হাজাৰ অংগনৱাডী কেন্দ্রৰ ভিতৰত প্রথম অৱস্থাত এহাজাৰটা আদর্শ অংগনৱাডী কেন্দ্রৰ আধুনিকীকৰণৰ কাম মাংগলিকভাৱে শিলান্যাস কৰে মুখ্যমন্ত্রীগৰাকীয়ে৷
আনহাতে, এই উদ্বোধনী অনুষ্ঠানত উপস্থিত থকা ৰাজ্য চৰকাৰৰ সমাজ কল্যাণ মন্ত্রী অজন্তা নেওগে ভাষণ প্রসংগত ৰাজ্য চৰকাৰৰ সমাজ কল্যাণ বিভাগে বকোত প্রায় ৬৫ বিঘা ভূমিত এশ কোটি টকাৰে শিশু তথা বৃদ্ধ–বৃদ্ধা সু–সংগঠিতভাৱে ৰাখিব পৰাকৈ এক আঁচনি গ্রহণ কৰাৰ কথা উল্লেখ কৰাৰ লগতে সমাজ কল্যাণ এনে এটা বিভাগ, য’ত সমাজৰ অৱহেলিত আৰু দৰিদ্র লোকসকলক সকলো দিশৰ পৰা গুৰত্ব প্রদান কৰা হয় বুলিও মন্তব্য প্রদান কৰে৷ এই অনুষ্ঠানতে দিছপুৰ, পূব গুৱাহাটী, পশ্চিম গুৱাহাটী আৰু জালুকবাৰী বিধানসভা সমষ্টিৰ ২০গৰাকী দিব্যাংগৰ মাজত মুখ্যমন্ত্রীগৰাকীয়ে ইলেক্ট্রিক হুইল চেয়াৰ বিতৰণ কৰে৷