নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যি কাম কৰিছোঁ সততা আৰু স্বচ্ছতাৰে কৰিছোঁ প্রতিবেদন ৰাজহুৱা কৰাৰ পাছত মুখ্যমন্ত্রীৰ প্রতিক্রিয়া

নিয়মীয়া বাৰ্তা ১২ আগষ্টঃ   অসম চুক্তিৰ ৬নং দফা কার্যকৰীকৰণক লৈ সৃষ্টি হোৱা বিতর্কৰ মাজতে আজি মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ স্পষ্ট মত– খিলঞ্জীয়াৰ সুৰক্ষাৰ বাবে আমাৰ চৰকাৰ দায়বদ্ধ, প্রতিজ্ঞাবদ্ধ৷ অসম চুক্তিৰ প্রতিটো দফা আখৰে আখৰে ৰূপায়ণ কৰাৰ বাবে এই চৰকাৰখনে আন্তৰিকতাৰে পদক্ষেপ লৈ আহিছে৷ উল্লেখ্য যে অসম চুক্তিৰ ৬নং দফা কার্যকৰীকৰণ সমিতিয়ে যোৱা ফেব্রুৱাৰী মাহতে প্রতিবেদন দাখিল কৰাৰ পাছত ৫ মাহ উকলি গ’ল যদিও কেন্দ্র আৰু ৰাজ্য চৰকাৰে এইক্ষেত্রত গ্রহণ কৰা নাই কোনো পদক্ষেপ৷ ইয়াকে লৈ ক্ষুব্ধ হৈ পৰা সদৌ অসম ছাত্র সন্থাই (আছু) মঙলবাৰে প্রতিবেদনৰ সকলো তথ্য ৰাজহুৱা কৰাৰ লগতে বিষয়টোক লৈ বিজেপি নেতৃত্বাধীন কেন্দ্র–ৰাজ্য চৰকাৰৰ গুৰুত্বহীনতাত ক্ষোভ উজাৰে৷ আছুৰ এনে অসন্তুষ্টিক লৈ সৃষ্টি হোৱা বিতর্কৰ পাছতে মুখ্যমন্ত্রী সোণোৱালে এইক্ষেত্রত অসমবাসীক বিভ্রান্ত নহ’বলৈ আহ্বান জনায়৷ তেওঁ কয়– অসম চুক্তিৰ ৬নং দফা ৰূপায়ণেৰে খিলঞ্জীয়া জনসাধাৰণক সাংবিধানিক সুৰক্ষা প্রদানৰ ক্ষেত্রত ৰাজ্য চৰকাৰ প্রতিশ্রুতিবদ্ধ৷ আজি এক বিবৃতিযোগে এই কথা স্পষ্ট কৰি তেওঁ কয়– পূর্বৰ কোনো চৰকাৰে অসম চুক্তিৰ ৬নং দফা ৰূপায়ণৰ বাবে সমিতি গঠন কৰাত আগ্রহ প্রকাশ কৰা নাছিল৷ ৰাজ্যৰ কেতবোৰ ৰাজনৈতিক শক্তিয়ে অসম চুক্তি বাস্তৱত ৰূপায়ণ হোৱাটো নিবিচাৰে৷ কিন্তু ৰাজ্য চৰকাৰখনে এই চুক্তিখন মনে–প্রাণে ৰূপায়ণ হোৱাটো বিচাৰে৷ চৰকাৰে অসম আন্দোলনৰ শ্বহীদৰ ত্যাগ অথলে যাবলৈ নিদিয়ে৷ মুখ্যমন্ত্রীয়ে ইয়াকো উল্লেখ কৰে যে অসম চুক্তিৰ ৬নং দফা ৰূপায়েণেৰে অসমৰ খিলঞ্জীয়া জনসাধাৰণক সাংবিধানিকভাৱে সুৰক্ষিত কৰাৰ বাবে কেন্দ্রীয় চৰকাৰে গঠন কৰি দিয়া সমিতিখনত সদৌ অসম ছাত্র সন্থাক সদস্য হিচাপে অন্তর্ভুক্ত কৰা হৈছে৷ কিন্তু তেওঁলোকে সঁহাৰি নজনালে৷ তদুপৰি কেইবাগৰাকীও সন্মানীয় সদস্যই সমিতিখনৰ পৰা পদত্যাগ কৰিছিল৷ ফলত অসম চুক্তিৰ ৬নং দফা ৰূপায়ণৰ কাম–কাজত স্থবিৰতা আহে৷ কিন্তু ইয়াৰ পাছতো বিগত বর্ষৰ ১৭ জুলাইত অৱসৰপ্রাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শর্মাৰ নেতৃত্বত এখন ১৩জনীয়া কমিটী গঠন কৰি দিয়া হয়৷ ৰাজ্য চৰকাৰে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহক জনোৱা অনুৰোধমর্মে কেন্দ্রীয় গৃহ মন্ত্রালয়ে দ্বিতীয়বাৰৰ বাবে সমিতিখন গঠন কৰি দিয়ে৷ এই কথাই অসম চুক্তি ৰূপায়ণৰ দিশত থকা ৰাজ্য চৰকাৰৰ সদিচ্ছা প্রতিফলিত কৰিছে৷ সমিতিয়ে যোৱা ২৫ ফেব্রুৱাৰীত প্রতিবেদন দাখিল কৰিছিল যদিও অতি দুর্ভাগ্যজনকভাৱে সেই সময়ৰ পৰাই বর্তমানলৈকে ক’ৰোনা মহামাৰীয়ে সমগ্র বিশ্বতে সংক্রমণ অব্যাহত ৰাখি জনজীৱন স্থবিৰ কৰি পেলাইছে৷ যাৰ বাবে সমগ্র দেশৰ লগতে অসমতো মার্চ মাহত লকডাউন কার্যসূচী আৰম্ভ হয়৷ তদুপৰি অসমে ক’ৰোনাৰ লগতে বান–খহনীয়া, ভূমিস্খলন, ধুমুহা, বজ্রপাত, ছোৱাইন ফিভাৰ, বাঘজানৰ অগ্ণিকাণ্ডৰ দৰে ঘটনাৰ প্রত্যাহ্বান গ্রহণ কৰিব লগা হৈছে৷ ইয়াৰ মাজতো অসম চুক্তিৰ ৬নং দফা ৰূপায়ণৰ বাবে আন্তৰিকতাৰে পদক্ষেপ লৈ আহিছে৷ ভাৰত চৰকাৰেও সমান্তৰালভাৱে এইক্ষেত্রত পদক্ষেপ লৈ আছে৷ কিন্তু চৰকাৰক নির্ধাৰিত সময়সীমা নিদিয়াকৈ ৬নং দফা ৰূপায়ণ সমিতিৰ প্রতিবেদন আনুষ্ঠানিকভাৱে ৰাজহুৱা কৰাটো অত্যন্ত আশ্চর্যজনক৷ এই চৰকাৰখনে জনসাধাৰণৰ স্বার্থ বিঘ্ণিত হ’ব পৰা কোনো কামেই কৰা নাই আৰু ভৱিষ্যতেও নকৰে৷ যি কাম কৰিছোঁ, সততা আৰু স্বচ্ছতাৰে কৰিছোঁ৷ জনসাধাৰণক অন্ধকাৰত ৰাখি কোনো কামেই চৰকাৰখনে কৰা নজিৰ নাই৷

You might also like