মুখ্যমন্ত্রীৰ সাহায্য পুঁজিলৈ নন্দিল বিশ্ব শর্মাৰ সাঁচতীয়া ২,০০০ টকা
মুখ্যমন্ত্রী পুত্রৰ মহানুভৱতা
নিয়মীয়া বাৰ্তা ২০ মেঃ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ পুত্র নন্দিল বিশ্ব শর্মাৰ মহানুভৱতা৷ ৰাজ্যখনত ক’ভিড মহামাৰীয়ে সৃষ্টি কৰা বিপদৰ সময়ত মুখ্যমন্ত্রীৰ সাহায্য পুঁজিলৈ নন্দিলে দিলে নিজৰ সাঁচতীয়া ধন৷ নিজৰ জমা পুঁজিৰ পৰা নন্দিলে ২,০০০ টকা মানৱ সেৱাৰ বাবে মুখ্যমন্ত্রীৰ সাহায্য পুঁজিলৈ আগবঢ়ায়৷ পুত্রৰ এই কার্যই অন্তৰ চুই গৈছে মুখ্যমন্ত্রী ড০ শর্মাৰ৷ এই সম্পর্কত মুখ্যমন্ত্রী ড০ শর্মাই ছ’চিয়েল মিডিয়াত নিজৰ অনুভৱ ব্যক্ত কৰি কয় যে পুত্রৰ তেনে কার্যত তেওঁ পিতৃ হিচাপে গৌৰৱবোধ কৰিছে৷ ইয়াৰ বাবে তেওঁ পুত্র নন্দিলক ধন্যবাদ জ্ঞাপন কৰে৷
উল্লেখ্য যে সমগ্র দেশৰ লগতে অসমতো ক’ভিডৰ দ্বিতীয় তৰংগৰ প্রভাৱ অতিকে ভয়ংকৰ হৈছে৷ ইয়াৰ পৰিপ্রেক্ষিতত মুখ্যমন্ত্রী ড০ শর্মাই যোৱা ১৭ মে’ত এক গোহাৰিযোগে এই সংকটৰ মুখামুখি হ’ব পৰাকৈ সামর্থ্য বৃদ্ধিৰ বাবে ৰাইজক মুখ্যমন্ত্রীৰ সাহায্য পুঁজিৰ একাউণ্ট নম্বৰ ৩৫৯৬৯৬৬০২৩০ (এছ বি আই) অথবা অসম আৰোগ্য নিধিৰ একাউণ্ট নম্বৰ ৩২১২৪৮১০১০১ (এছ বি আই)ত দান–বৰঙণি আগবঢ়াবলৈ অনুৰোধ জনায়৷ এইদৰে লাভ কৰা বৰঙণিৰ ধন কেৱল ক’ভিডৰ প্রতিৰোধ, প্রতিষেধক ক্রয়, অক্সিজেন বিছনা সংযোজন আৰু অন্যান্য যাৱতীয় কামতহে ব্যৱহাৰ কৰা হ’ব৷ মুখ্যমন্ত্রী ড০ শর্মাৰ সেই আহ্বানৰ পিছতেই পুত্র নন্দিল বিশ্ব শর্মাই মহানুভৱতা প্রদর্শন কৰি নিজৰ সাঁচতীয়া পুঁজিৰ ২,০০০ টকা কালি মুখ্যমন্ত্রীৰ সাহায্য পুঁজিলৈ আগবঢ়ায়৷