গ্রাম্য অর্থনীতিৰ বুনিয়াদ শক্তিশালী কৰাত মুখ্য ভূমিকা লওক অইলেঃ মুখ্যমন্ত্রী সোণোৱাল
৪০৯ বাগিচাৰ এমডিচি ৰেহাই অসম গেছ কোম্পানীৰ
নিয়মীয়া বাৰ্তা ১ মেঃ ক’ভিড–১৯ সংক্রমণ প্রতিৰোধকল্পে ভাৰত চৰকাৰে বলৱৎ কৰা লকডাউনে বির্পযস্ত কৰি তুলিছে বিশ্বৰ লগতে অসমৰ অর্থনীতিৰ মেৰুদণ্ড৷ কৃষিখণ্ডত বিনিয়োগ কৰি অসমৰ গ্রামীণ অর্থনীতি সৱল কৰাৰ ক্ষেত্রত ৰাজহুৱা উদ্যোগ প্রতিষ্ঠানসমূহে সহযোগ কৰিবৰ কাৰণে নিজা উৎপাদনী শক্তি বৃদ্ধি কৰক৷–এই মন্তব্য মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ৷ সাম্প্রতিক লকডাউনৰ পৰিপ্রেক্ষিতত ডিব্রুগড জিলাত অৱস্থিত ৰাজহুৱা খণ্ডৰ লাভজনক উদ্যোগ প্রতিষ্ঠানসমূহৰ কাম–কাজৰ বুজ ল’বলৈ বৃহস্পতিবাৰে তৈলনগৰী দুলীয়াজানত উপস্থিত হৈ মুখ্যমন্ত্রীগৰাকীয়ে গেছভিত্তিক ভটিয়নী উদ্যোগ খণ্ডক শক্তিশালী কৰাৰ উদ্দেশ্যে অইল ইণ্ডিয়াই গেছ উৎপাদন বৃদ্ধি কৰাৰ ক্ষেত্রত অধিক মনোনিবেশ কৰিবলৈ পৰামর্শ আগবঢ়ায় মুখ্যমন্ত্রীগৰাকীয়ে৷ প্রয়োজন সাপেক্ষে কৃষিখণ্ডৰ বাবে ৰাজ্যিক, জিলা আৰু খণ্ড পর্যায়ত টাস্ক ফ’ৰ্চ গঠনৰ পোষকতা কৰে৷ মুখ্যমন্ত্রীৰ কার্যসূচী অনুসৰি নামৰূপৰ ৰাজহুৱা প্রতিষ্ঠানসমূহ পৰিদর্শন কৰি বিয়লি দুলীয়াজানস্থিত অসম গেছ কোম্পানীৰ কার্যালয়ত উপস্থিত হয় মুখ্যমন্ত্রী সোণোৱাল৷ গেছ কোম্পানীৰ সভাকক্ষত কোম্পানীৰ বিষয়ববীয়াসকলৰ উপৰি অইল ইণ্ডিয়াৰ শীর্ষ বিষয়াসকলৰ সৈতে একেলগে মিলিত হৈ সামাজিক দূৰত্ব বজাই মুখ্যমন্ত্রীগৰাকীয়ে উদ্যোগ প্রতিষ্ঠান দুটাৰ খতিয়ান লয়৷ এই বৈঠকত বর্তমান পৰিস্থিতিত অইল ইণ্ডিয়াৰ তেল–গেছৰ উৎপাদন আৰু খনন, অসম–ৰুণাচলৰ তৈলক্ষেত্রসমূহত অইলৰ কার্যকলাপৰ উপৰি আন্তঃৰাষ্ট্রীয় পর্যায়ত চলি থকা অইলৰ কামৰ পর্যায়লোচনা কৰা হয়৷ এইক্ষেত্রত মুখ্যমন্ত্রীয়ে অসমৰ ৫৮ হাজাৰৰো অধিকসংখ্যক মহিলা আত্মসহায়ক গোটে বছৰেকত ৯০০ কোটি পৰিমাণৰ উৎপাদনমুখী কাম কৰাৰ এক তথ্য দাঙি ধৰি অইলৰ চি এছ আৰৰ অধীনত এই আত্মসহায়ক গোটবোৰকো পার্যমানে সহযোগ কৰিবলৈ আহ্বান জনায়৷
বৃহস্পতিবাৰে এই বৈঠকতে অইল ইণ্ডিয়াই লকডাউনৰ সময়ছোৱাত কোম্পানীৰ সামগ্রিক কাম–কাজৰ ওপৰত এক তথ্যচিত্র মুকলি কৰা হয়৷ অইলৰ জনসম্পর্কৰক্ষী বিভাগৰ দ্বাৰা নির্মিত ‘Unlocking potential’’ শীর্ষক ৬ মিনিট দৈর্ঘ্যৰ এই তথ্যচিত্রখনি মুকলি কৰে মুখ্যমন্ত্রী সোণোৱালে৷ আনহাতে অসম গেছ কোম্পানীয়েও প্রতিষ্ঠানটোৰ কর্মৰাজিৰ খতিয়ান, লাভ–লোকচান আৰু আগন্তুক কর্মৰাজিৰ সন্দর্ভত গ্রহণ কৰিবলগীয়া নীতি পৰিকল্পনা সদৰী কৰে মুখ্যমন্ত্রীৰ সন্মুখত৷ এই বৈঠকতে মুখ্যমন্ত্রীৰ সাহায্য পুঁজিলৈ গেছ কোম্পানীৰ বিষয়া –কর্মচাৰী সমন্বিতে দুদিনৰ দৰমহা ১৭ লাখ টকা সাহায্য আগবঢ়াই৷ আনহাতে মুখ্যমন্ত্রীৰ উপস্থিতিত অসমৰ ৪০৯ খন চাহ বাগিচাৰ মিনিমাম ডিমাণ্ড চার্জ ৰেহাই দিয়াৰ কথা ঘোষণা কৰিছে অসম গেছ কোম্পানীয়ে৷ এই বৈঠকত গেছ কোম্পানীয়ে অহা ৩ বছৰত ২ লাখ হিতাধিকাৰীক ঘৰুৱা ৰন্ধন গেছ যোগান, আগন্তুক সময়ত ৰাজ্যত ১০০টা চি এন জি কেন্দ্র স্থাপন আদি পৰিকল্পনাৰ বিষয়ে অৱগত কৰে মুখ্যমন্ত্রীক৷ বৈঠকত উপস্থিত থাকে অসম গেছ কোম্পানীৰ অধ্যক্ষ তথা শদিয়াৰ বিধায়কবলীন চেতিয়া, উপাধ্যক্ষ ইন্দ্র গগৈ, পৰিচালন সঞ্চালক গকুল চন্দ্র স্বর্গীয়াৰী প্রমুখ্যে বিভাগীয় বিষয়া ,অইল ইণ্ডিয়াৰ বিষয়াসকলৰ উপৰি দুলীয়াজান বিধায়ক তেৰছ গোৱালা, লাহোৱালৰ বিধায়ক ঋতুপর্ণ বৰুৱা, টিংখাঙৰ বিধায়ক বিমল বডা, যুৱ মর্চাৰ ৰাজ্যিক উপ–সভাপতি তৰংগ গগৈ, টেঙাখাট ৰাজহ চক্রৰ চক্র বিষয়া মির্নাভা দেৱী, জিলা উপায়ুক্ত, ডিব্রুগড জিলা পৰিষদৰ সভানেত্রী ডেইজীৰাণী শ্যাম ফুকন আদি দলীয় কর্মকর্তা৷