এয়া লজ্জাজনক গ্রহণযোগ্য নহয়ঃ ড০ শর্মা
নিয়মীয়া বাৰ্তা ১৭ নৱেম্বৰঃ অসম তথা উত্তৰ–পূবৰ লোকক বিভিন্ন সময়ত চাইনীজ বুলি ইতিকিং কৰি অহা উত্তৰ ভাৰতৰ একাংশৰ বাবে বাৰে অপমানিত হ’ব লগা হৈছে অসমবাসী৷ পুনৰ অসমক ইতিকিং কৰি চীনৰ সৈতে তুলনা কৰিলে ৰাজ্যখনৰ লোকক৷ উল্লেখ্য যে শেহতীয়াকৈ কালার্ছ টিভিত সম্প্রচাৰিত হোৱা ৰাষ্ট্রীয় পর্যায়ৰ ৰিয়েলিটী শ্ব’ ‘ডান্স দিৱানে’ত অসমীয়াক অপমান কৰাই নহয়, বর্ণবৈষম্যমূলক আচৰণ কৰিলে অনুষ্ঠানটোৰ এংকৰ ৰাঘৱ জুৱাল৷ উল্লেখ্য যে ইতিমধ্যে সম্প্রচাৰিত হৈ যোৱা এই অনুষ্ঠানত অসমৰ এগৰাকী প্রতিযোগীক তাচ্ছিল্য কৰি চাইনীজ ভাষাৰে মঞ্চলৈ আমন্ত্রণ কৰাই নহয়, এংকৰ ৰাঘৱে অসমৰ প্রতিযোগী কণমানি গুঞ্জনক চীনা নাগৰিক হিচাপে পৰিচয় কৰাই দিছিল৷ বিষয়টোক লৈ সৃষ্টি হোৱা তীব্র প্রতিক্রিয়াৰ মাজতে আজি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই ঘটনাক তীব্র ভাষাৰে গৰিহণা দি এই কার্যক লজ্জাজনক আৰু গ্রহণযোগ্য নহয় বুলি মন্তব্য কৰিছে৷ টুইটাৰযোগে মুখ্যমন্ত্রীয়ে এইবুলি উল্লেখ কৰিছে– এইটো মোৰ দৃষ্টিগোচৰ হৈছে যে জনপ্রিয় ৰিয়েলিটী শ্ব’ৰ হোষ্টে গুৱাহাটীৰ এগৰাকী তৰুণ অংশগ্রহণকাৰীৰ বিৰুদ্ধে বর্ণবাদী ভাষা ব্যৱহাৰ কৰিছে৷ এইটো লজ্জাজনক আৰু সম্পূর্ণৰূপে গ্রহণযোগ্য নহয়৷ আমাৰ দেশত বর্ণবাদৰ কোনো স্থান নাই আৰু আমি সকলোৱে ইয়াক দ্ব্যর্থহীনভাৱে ক্ষতিপূৰণ কৰা উচিত৷ আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচার্যয়ো এই কার্যত প্রতিক্রিয়া প্রকাশ কৰি টুইটাৰযোগে উল্লেখ কৰে যে জন্মগত স্থানৰ ওপৰত আধাৰিত কৰি আমাক বাৰে বাৰে উপহাসৰ বস্তু হিচাপে গণ্য কৰা হৈছে৷ উত্তৰ–পূব বিদেশী সংস্কৃতিৰে সমৃদ্ধ ভঁৰাল নহয়৷ এই ঘটনা গৰিহণা আৰু শাস্তিৰ যোগ্য৷ ইফালে, উক্ত ঘটনাক লৈ এংকৰ ৰাঘৱে অসমবাসীৰ ওচৰত ক্ষমা খুজিবলৈ বাধ্য হৈছে৷