অখিল গগৈয়ে অসমত নহয়, মঙল গ্রহতহে দিব পাৰিব মাটিৰ পট্টা
নিয়মীয়া বাৰ্তা, ২৩ অক্টোবৰ: পাঁচ বিধানসভা সমষ্টিৰ উপ–নির্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ‘গৰম’ হৈ পৰিছে ৰাজ্যৰ ৰাজনৈতিক প্রেক্ষাপট৷ নির্বাচনী ৰণত জয়ী হোৱাৰ লক্ষ্যৰে শাসক–বিৰোধী উভয় শিবিৰে প্রচাৰ অভিযান অব্যাহত ৰাখিছে৷ প্রচাৰ অভিযানত শাসকীয় মিত্রজোঁটক সন্মুখৰ পৰা নেতৃত্ব দিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ বিগত কেইবাদিন ধাৰাবাহিকভাৱে নির্বাচনী প্রচাৰ চলোৱা মুখ্যমন্ত্রী ড০ শর্মাই শুকুৰবাৰে দলীয় প্রার্থী ৰূপজ্যোতি কুর্মীৰ হৈ মৰিয়নি বিধানসভা সমষ্টিত চাৰিখনকৈ বিশাল নির্বাচনী সমাৱেশ সম্বোধন কৰে৷
ডকলংগীয়া হাতীগড় চাহ বাগিচা খেলপথাৰ, নাগাজাংকাৰ বংশীগোপাল হাইস্কুল খেলপথাৰ, দিহিঙিয়াপাৰ চাহ বাগিচা আৰু তিৰুৱাল প্রাথমিক বিদ্যালয় খেলপথাৰত আয়োজিত নির্বাচনী সমাৱেশকেইখনত ভাষণ দি মুখ্যমন্ত্রী ড০ শর্মাই বিৰোধীক তুলাধুনা দিয়ে৷ বিশেষকৈ ৰাজ্যৰ প্রধান বিৰোধী দল কংগ্রেছৰ লগতে ৰাইজৰ দলৰ প্রতি তীক্ষ্ণ বাক্যবাণ নিক্ষেপেৰে তেওঁ সমালোচনাত সৰৱ হৈ পৰে৷
কংগ্রেছৰ বিৰুদ্ধে আক্রমণাত্মক হৈ তেওঁ কয় যে অসমত এতিয়া বিজেপিৰ বাদে কোনো দলেই নাই৷ কংগ্রেছৰ অৱস্থা কেতিয়াবাই শোচনীয় হ’ল৷ এতিয়া অক্সিজেন লৈহে জীয়াই আছে৷ সেইদৰে মৰিয়নি সমষ্টিৰ জনসাধাৰণক মাটিৰ পট্টা প্রদানৰ প্রতিশ্রুতি দিয়া ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈক তীক্ষ্ণ কটাক্ষ কৰি মুখ্যমন্ত্রী ড০ শর্মাৰ মন্তব্য– মৰিয়নিৰ ৰাইজে ৰূপজ্যোতি কুর্মীক জয়ী কৰোৱাৰ কথা ভাবিয়েই থৈছে৷ কিন্তু তাৰ মাজতে ৰাইজৰ দল ক’ৰ পৰা আহি ওলালহি? অসমৰ মুখ্যমন্ত্রী মইহে৷ গতিকে অসমত মাটিৰ পট্টা হিমন্ত বিশ্ব শর্মাই দিব৷ অখিল গগৈয়ে অসমত নহয়, মঙল গ্রহতহে প্রদান কৰিব পাৰিব মাটিৰ পট্টা৷
ভাষণ প্রসংগত ৰূপজ্যোতি কুর্মীয়ে কংগ্রেছৰ বিধায়ক হৈ থকাৰ পাছতো কিয় দল তথা বিধায়ক পদ এৰি বিজেপিলৈ আহিল তাৰো ব্যাখ্যা দাঙি ধৰে মুখ্যমন্ত্রী ড০ শর্মাই৷ এই সন্দর্ভত তেওঁ কয় যে অসমত এতিয়া বিকাশৰ ৰাজনীতি চলিছে৷ মৰিয়নি সমষ্টি যাতে এই বিকাশৰ পৰা বাদ পৰি যাব নোৱাৰে, তাৰ বাবেই ৰূপজ্যোতি কুর্মী বিজেপিলৈ আহিল৷ কংগ্রেছত থাকি ৰাইজৰ হৈ কাম কৰাৰ সুযোগ নোপোৱাৰ কাৰণেই ৰূপজ্যোতি কুর্মীয়ে বিধায়ক পদ ত্যাগ কৰি বিজেপিৰ প্রার্থী হিচাপে উপ–নির্বাচনত অৱতীর্ণ হৈছে৷ সমষ্টিটোৰ সর্বাংগীণ উন্নয়নৰ স্বার্থত ৰূপজ্যোতি কুর্মীক মৰিয়নিৰ ৰাইজে বিপুল ভোটত জয়যুক্ত কৰি বিধানসভালৈ পঠিয়াব লাগিব৷ ৰূপজ্যোতি কুর্মীয়ে জয়লাভ কৰিলে মৰিয়নিক অসমৰ অন্যতম শ্রেষ্ঠ বিধানসভা সমষ্টি হিচাপে গঢ়ি তুলিবলৈ ৰাজ্য চৰকাৰে সম্ভৱপৰ সকলো ধৰণৰ প্রয়াস হাতত ল’ব৷
ভাষণ প্রসংগত মুখ্যমন্ত্রী ড০ শর্মাই মৰিয়নিবাসীক বহু গুৰুত্বপূর্ণ প্রতিশ্রুতি দিয়ে৷ মৰিয়নি বিধানসভা সমষ্টিৰ এক অন্যতম প্রধান সমস্যা হাতী–মানুহৰ সংঘাত দূৰ কৰাৰ বাবে হোলোঙাপাৰ গিবন অভয়াৰণ্যৰ পৰা জনবসতিপূর্ণ এলেকা তথা কৃষিভূমিলৈ ওলাই অহা বন্যহস্তীৰ বাটত কম ভল্টেজযুক্ত বৈদ্যুতিক তাঁৰৰ বেৰ দিয়াৰ ব্যৱস্থা কৰা হ’ব বুলি ঘোষণা কৰি তেওঁ কয় যে অৰুণোদয় আঁচনিৰ অধীনত মৰিয়নি বিধানসভা সমষ্টিৰ হিতাধিকাৰীৰ সংখ্যা বর্তমানৰ ১৫ হাজাৰৰ পৰা ২১ হাজাৰলৈ বৃদ্ধি কৰা হ’ব৷ মৰিয়নি বিধানসভা সমষ্টিৰ ৪০খন চাহ বাগিচাৰ লাইনৰ পথসমূহ নির্মাণৰ বাবে এক কোটি টকাকৈ মুঠ ৪০ কোটি টকা আগবঢ়োৱা হ’ব৷ জল জীৱন মিছনৰ অধীনত চাহ বাগিচাৰ প্রতিটো পৰিয়াললৈ নলযোগে বিশুদ্ধ খোৱাপানী যোগান ধৰাৰ লগতে বিধানসভা সমষ্টিটোৰ প্রতিটো পৰিয়ালক বিদ্যুৎ সংযোগ প্রদান কৰাৰো তেওঁ প্রতিশ্রুতি দিয়ে৷ মুখ্যমন্ত্রী ড০ শর্মাই লগতে কয় যে মৰিয়নিত এখন চৰকাৰী মহাবিদ্যালয় স্থাপন আৰু এখন বৃহৎ ষ্টেডিয়াম নির্মাণ কৰা হ’ব৷
তদুপৰি বিধানসভা সমষ্টিটোৰ অন্তর্গত ৪০খন চাহ বাগিচাতে নির্মাণ কৰা হ’ব একোখনকৈ মিনি ষ্টেডিয়াম৷ ৰাজ্যৰ চিকিৎসা মহাবিদ্যালয়সমূহত্ চাহ জনগোষ্ঠীৰ ছাত্র–ছাত্রীৰ বাবে সংৰক্ষিত আসনৰ সংখ্যা বর্তমানৰ ২০খনৰ পৰা ২৫খনলৈ বৃদ্ধি কৰাৰ সমান্তৰালভাৱে সকলো মহাবিদ্যালয়তে চাহ জনগোষ্ঠীৰ শিক্ষার্থীৰ কাৰণে আসন সংৰক্ষণৰ ব্যৱস্থা কৰা হ’ব৷ সেইদৰে অসমৰ সকলো চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ সমীপত চাহ বাগিচাৰ ৰোগীসকলৰ লগত অহা ব্যক্তিসকলৰ থকা–মেলাৰ সুবিধাৰ প্রতি লক্ষ্য ৰাখি নির্মাণ কৰা হ’ব অতিথিশালা৷ মৰিয়নি বিধানসভা সমষ্টিৰ ৪০খন চাহ বাগিচাৰ বাবে অতিৰিক্ত ১০খন হাইস্কুল স্থাপনৰ কথাও তেওঁ ঘোষণা কৰে৷
অসম চাহ নিগমৰ অধীনৰ সকলো চিকিৎসালয় ৰাষ্ট্রীয় স্বাস্থ্য মিছনৰ অধীনলৈ আনি উন্নত স্বাস্থ্য সেৱাৰ ব্যৱস্থা গ্রহণ কৰাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে মধুপুৰ গাঁও সংযোগী পথ আৰু দেৱজিৎ বৰা সোঁৱৰণী পথ দুটা অহা তিনি মাহৰ ভিতৰত নির্মাণ কৰি উলিওৱা হ’ব৷ অসম–নাগালেণ্ডৰ মাজৰ সীমা সমস্যা সমাধানৰ ক্ষেত্রত দুয়োখন ৰাজ্যই ইতিবাচক পদক্ষেপ গ্রহণ কৰা বুলি তেওঁ মন্তব্য কৰে৷ এই প্রসংগত তেওঁ কয় যে নাগালেণ্ডে এতিয়া আৰু অসমৰ মাটি দখল কৰিবলৈ নাহে৷ নাগালেণ্ডে অসমৰ মাটি বেদখল কৰা বিষয়টো সমাধান হ’ল৷
ভাষণ প্রসংগত ক’ভিডৰ প্রসংগ উল্লেখ কৰে মুখ্যমন্ত্রী ড০ শর্মাই৷ এই সন্দর্ভত তেওঁৰ ভাষ্য আছিল এনেধৰণৰ– সকলোৰে সহযোগিতাত আমি ক’ভিডৰ পৰা কিছু সকাহ লাভ কৰিছোঁ৷ অসমত ইতিমধ্যে দুই কোটি লোকক ক’ভিড ভেকচিন প্রদান কৰা হৈছে৷ সমগ্র দেশত অক্সিজেনৰ অভাৱ হোৱাৰ সময়তো অসমত অক্সিজেন উভৈনদী হৈ আছিল৷ ক’ভিডত স্বামীহাৰা হোৱা মহিলাসকলক চৰকাৰে দুই লাখ টকাকৈ আর্থিক সাহায্য প্রদান কৰিছে৷
ইফালে নাগাজাংকাৰ বংশীগোপাল হাইস্কুল খেলপথাৰত আয়োজিত নির্বাচনী সমাৱেশত ভাষণ দি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে মৰিয়নি বিধানসভা সমষ্টিৰ অঞ্চলসমূহত ভোগদৈ নৈৰ গৰাখহনীয়া সমস্যা লাঘৱ কৰাৰ বাবে চৰকাৰে তাৎক্ষণিক পদক্ষেপ গ্রহণ কৰিব৷ দেশ আৰু ৰাজ্যৰ বৃহত্তৰ স্বার্থৰ খাতিৰত জীৱন উৎসর্গা কৰা বিধানসভা সমষ্টিটোৰ যুৱক–যুৱতীসকলৰ্ স্মৃতিত নাগাজাংকা অঞ্চলত এটা অত্যাধুনিক প্রেক্ষাগৃহ নির্মাণৰ কথাও তেওঁ ঘোষণা কৰে৷ নাগাজাংকাত উপস্থিত হৈয়েই মুখ্যমন্ত্রী ড০ শর্মাই কার্গিল যুদ্ধত জীৱন আহুতি দিয়া অঞ্চলটোৰ শ্বহীদ ৰূপম গগৈৰ প্রতিমূর্তিত শ্রদ্ধাঞ্জলি অর্পণ কৰে৷ দিহিঙিয়াপাৰ চাহ বাগিচা খেলপথাৰত আয়োজিত বিশাল নির্বাচনী সমাৱেশখনত ভাষণ দি মুখ্যমন্ত্রী ড০ শর্মাই মৰিয়নি বিধানসভা সমষ্টিৰ সকলো হাইস্কুলক উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰাৰ লগতে দিহিঙিয়াপাৰৰ কাষৰীয়া তিনিখন চাহ বাগিচাৰ ৰোগীসকলৰ সহায়ক হোৱাকৈ ৪৫ দিনৰ ভিতৰত তিনিখন এম্বুলেঞ্চ আগবঢ়োৱাৰ প্রতিশ্রুতি দিয়ে৷ হোলোঙাপাৰ গিবন অভয়াৰণ্যক এক আকর্ষণীয় পর্যটনস্থলী গঢ়ি তোলাৰ হকে ৰাজ্য চৰকাৰে পদক্ষেপ গ্রহণ কৰিব বুলিও তেওঁ উল্লেখ কৰে৷
তিৰুৱাল প্রাথমিক বিদ্যালয় খেলপথাৰত আয়োজিত আনখন বিশাল নির্বাচনী সমাৱেশত ভাষণ দি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে বর্তমানৰ ৰাজ্য চৰকাৰখনে চৰকাৰী আঁচনি, চাকৰি আদিৰ ক্ষেত্রত সম্পূর্ণ স্বচ্ছতা অৱলম্বন কৰাৰ উপৰি মুধ্যভোগীক উৎখাত কৰিছে৷ সুপ্রশাসন সুনিশ্চিত কৰাৰ বাবে চৰকাৰখনে ব্যাপকভাৱে ডিজিটেল প্রযুক্তি ব্যৱহাৰত গুৰুত্ব আৰোপ কৰিছে৷ নকছাৰীৰ ৩০খন বিছনাযুক্ত চিকিৎসালয়খনত অন্যান্য সা–সুবিধাৰ উপৰি আল্টাছাউণ্ড উপলব্ধ কৰা হ’ব বুলি উল্লেখ কৰি তেওঁ নকছাৰীত এটা নতুন ক্রীড়া প্রকল্প গঢ়ি তোলাৰ ঘোষণা কৰে৷
নির্বাচনী সমাৱেশকেইখনত মুখ্যমন্ত্রী ড০ শর্মাৰ সৈতে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগু, জলসম্পদ মন্ত্রী পীয়ূষ হাজৰিকা, চাহ জনজাতি কল্যাণ মন্ত্রী সঞ্জয় কিষাণ, সাংসদ পল্লৱলোচন দাস, তপন কুমাৰ গগৈ, কামাখ্যাপ্রসাদ তাছা, বিধায়ক মৃণাল শইকীয়া, বিশ্বজিৎ ফুকন, ৰূপক শর্মা, তেৰছ গোৱালা, অমিয় কুমাৰ ভূঞা, মৰিয়নি বিধানসভা সমষ্টিৰ দলীয় প্রার্থী ৰূপজ্যোতি কুর্মীসহ ৰাজ্যিক বিজেপিৰ কেইবাজনো শীর্ষ নেতা উপস্থিত আছিল৷