মহানগৰীত শীঘ্ৰে চলিব ২০০ খন বিদ্যুৎ চালিত, ১০০ খন চিএনজি চালিত বাছঃ মুখ্যমন্ত্ৰী ড০ শৰ্মা
নিয়মীয়া বাৰ্তা, ১ ফেব্ৰুৱাৰীঃ গুৱাহাটী মহানগৰীত জনসাধাৰণৰ সূচল যাতায়াতৰ দিশত ৰাজ্য চৰকাৰে প্ৰদান কৰি অহা বিশেষ গুৰুত্বৰ অংশ হিচাপে আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জু-ৰোড তিনিআলিত দুইলেনযুক্ত উৰণ সেতু এখনৰ নিৰ্মাণকাৰ্যৰ শুভাৰম্ভ কৰে৷ এই উৰণ সেতুখনৰ নিৰ্মাণত ৭৮.৯৩ কোটি টকা ব্যয় হ’ব আৰু ১৮ মাহৰ ভিতৰত এই সেতুখনৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰাৰ লক্ষ্য লোৱা হৈছে৷
এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে গুৱাহাটী মহানগৰীৰ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে নিৰন্তৰ প্ৰচেষ্টা চলাই আহিছে৷ ইয়াৰ ফলস্বৰূপে মহানগৰীখনত ইতিমধ্যে আন্তঃগাঁথনিৰ দিশত হোৱা পৰিৱৰ্তন সকলোৱে প্ৰত্যক্ষ কৰিছে৷ উন্নত প্ৰযুক্তি ব্যৱহাৰ কৰি নিৰ্মাণকাৰ্যসমূহ দ্ৰুততৰ কৰাত গুৰুত্ব আৰোপ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে প্ৰকল্পসমূহ ৰূপায়ণৰ সময়ছোৱাত যাতে জনসাধাৰণে দুৰ্ভোগ ভূগিবলগীয়া নহয়, সেই দিশতো সংশ্লিষ্ট কতৃৰ্পক্ষই দৃষ্টি ৰাখিব লাগে৷ জু-ৰোড তিনিআলিত আজিৰে পৰা নিৰ্মাণকাৰ্য আৰম্ভ হোৱা উৰণ সেতুখন নিদ্ধাৰিত ১৮ মাহৰ পৰিৱৰ্তে ১২ বা ১৫ মাহৰ ভিতৰত সম্পূৰ্ণ কৰি ২০২৩ বৰ্ষৰ ব’হাগ বিহুৰ সময়ছোৱাত মুকলি কৰাৰ বাবে পদক্ষেপ ল’বলৈও তেওঁ লোকনিৰ্মাণ [পথ] বিভাগক আহ্বান জনায়৷
তেওঁ কয় যে ৰাধা গোবিন্দ বৰুৱা পথতে অসম ৰাজ্যিক চিৰিয়াখানাৰ সন্মুখত ৰ’টাৰী নিৰ্মাণৰো পৰিকল্পনা লোৱা হৈছে৷ ইয়াৰ ফলত গণেশগুৰিৰ পৰা চানমাৰি পৰ্যন্ত সমগ্ৰ পথছোৱাত যান-বাহন সমূহে প্ৰায় বাধাহীনভাৱে চলাচল কৰিবলৈ সক্ষম হ’ব৷
ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে ব্ৰহ্মপুত্ৰৰ ওপৰত গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলংখনৰ নিৰ্মাণ ২০২৩ চনৰ ডিচেম্বৰ মাহত সম্পূৰ্ণ হ’ব বুলি মন্তব্য কৰি কয় যে এই দলংখন মুকলি হোৱাৰ লগে লগে গুৱাহাটী মহানগৰীৰ সম্প্ৰসাৰণৰ কামেও এক নতুন গতি লাভ কৰিব৷ গুৱাহাটী মহানগৰীৰ সমীপত এখন উপগ্ৰহীয় নগৰী [ছেটেলাইট চিটি] স্থাপনৰ দিশত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰা আগ্ৰহৰ কথা সদৰি কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে ৰাজ্য চৰকাৰে ইতিমধ্যে এই দিশত চিন্তা-চৰ্চা আৰম্ভ কৰিছে।