নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অমিত শ্বাহক সাক্ষাৎ ড০ শর্মাৰ

ৰাজধানী দিল্লীত মুখ্যমন্ত্রী

নিয়মীয়া বাৰ্তা ২ জুলাইঃ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই বৃহস্পতিবাৰে নতুন দিল্লীত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহক সাক্ষাৎ কৰে৷ দুপুৰীয়া ১২ বজাত গুৱাহাটীৰ পৰা দিল্লীলৈ আহি পোৱা মুখ্যমন্ত্রী ড০ শর্মাই বিয়লি ৩.৩০ বজাত ৬এ, কৃষ্ণ মেনন মার্গস্থিত কেন্দ্রীয় গৃহমন্ত্রীজনৰ চৰকাৰী বাসভৱনত প্রায় আধা ঘণ্টাৰ বাবে শ্বাহৰ সৈতে আলোচনাত মিলিত হয়৷ পাছত টুইটাৰযোগে মুখ্যমন্ত্রী ড০ শর্মাই প্রকাশ কৰা মতে, শেহতীয়াকৈ অসমত চলি থকা ড্রাগ্ছবিৰোধী অভিযান, নাৰী সৰবৰাহ আৰু পশুৰ চোৰাং বেহাৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে গ্রহণ কৰা পদক্ষেপসমূহ সন্দর্ভত তেওঁ কেন্দ্রীয় গৃহমন্ত্রী শ্বাহক অৱগত কৰে৷

সমগ্র বিষয়টোত কেন্দ্রীয় গৃহমন্ত্রীজনে পৰামর্শও প্রদান কৰা বুলি মুখ্যমন্ত্রী ড০ শর্মাই টুইটাৰত জানিবলৈ দিয়ে৷ মন কৰিবলগীয়া যে অসমত সংখ্যালঘুৰ জনসংখ্যা নিয়ন্ত্রণক লৈ চলি থকা বিতর্কৰ মাজত অমিত শ্বাহৰ সৈতে মুখ্যমন্ত্রীজনৰ হোৱা বৈঠকখন আছিল যথেষ্ট তাৎপর্যপূর্ণ৷ তদুপৰি শেহতীয়াকৈ বি পি এফৰ মুৰব্বী হাগ্রামা মহিলাৰীয়ে পুনৰ বিজেপিৰ কাষ চপাক লৈ চলি থকা জল্পনা–কল্পনাৰ মাজত কেন্দ্রীয় গৃহমন্ত্রীজনৰ সৈতে হোৱা এই বৈঠকখন আন এক তাৎপর্যপূর্ণ বিষয় হিচাপে সংশ্লিষ্ট মহলত বিবেচিত হৈছে৷ জানিব পৰা মতে, দুদিনীয়া কার্যসূচী লৈ দিল্লী ভ্রমণৰত মুখ্যমন্ত্রীজনে আজি ৰাষ্ট্রপতি ৰাম নাথ কোৱিন্দক সাক্ষাৎ কৰিব৷ ৰাষ্ট্রপতিৰ বাহিৰেও আজি তেওঁ কেন্দ্রীয় মন্ত্রী স্মৃতি ইৰাণী আৰু পীয়ূষ গোৱেলকো সাক্ষাৎ কৰাৰ কথা৷

You might also like