নিয়মীয়া বাৰ্তা ১৩ ছেপ্টেম্বৰঃ উত্তৰ–পূর্বাঞ্চলত এটাও সশস্ত্র সংগঠন থকালৈকে শান্তি অহা বুলি ক’ব পৰা নাযাব৷ অসমত নাথাকিলেও মণিপুৰৰ অথবা নাগালেণ্ড বা ত্রিপুৰাৰ পৰা সন্ত্রাসবাদী আহিব পাৰে৷ সেয়েহে সাৱধানতা অৱলম্বন কৰাটো প্রয়োজনীয়৷ –এই মন্তব্য মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ৷ সশস্ত্র বাহিনী বিশেষ ক্ষমতা আইন (আফ্ছপা)ৰ অধীনত অসমক পুনৰ ৬ মাহলৈ অশান্ত অঞ্চল হিচাপে ঘোষণা কৰা সন্দর্ভত প্রতিক্রিয়া প্রকাশ কৰি কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত অনুষ্ঠিত এক অনুষ্ঠানৰ অন্তত মুখ্যমন্ত্রী ড০ শর্মাই কয়– অসমক অশান্ত অঞ্চল হিচাপে পুনৰ ঘোষণা কৰা হৈছে৷
যিহেতু ইয়াত উগ্রবাদী সংগঠন এতিয়াও আছে৷ অকল আলফাই নহয়, উত্তৰ–পূর্বাঞ্চলত কেইবাটাও উগ্রবাদী সংগঠন আছে৷ এই উগ্রবাদী সংগঠনসমূহৰ যিকোনো কার্যকলাপৰ বাবে সামৰিক–অর্ধসামৰিক্ বাহিনীক ক্ষমতা প্রদান কৰিবই লাগিব৷ অশান্ত অঞ্চল হিচাপে ঘোষণা কৰা আইনৰ লগত সাধাৰণ ৰাইজৰ কোনো সম্পর্ক নাই৷
কেৱল আৰক্ষীক অধিকাৰহে প্রদান কৰা হৈছে৷ ৰাজ্যত হঠাৎ কিবা এটা ঘটনা ঘটিলে তাৰ উত্তৰ কোনে প্রদান কৰিব? যেতিয়ালৈ এনএছচিএন (আই এম) অথবা আলফা (স্বাধীন)ৰ শান্তি আলোচনা শেষ নহয়, পিএলএকে ধৰি বহু সংগঠন উত্তৰ–পূর্বাঞ্চলত শক্তিশালী হৈ আছে৷ সেয়েহে জীৱনৰ নিৰাপত্তা প্রথম৷ এয়া চৰকৰী প্রক্রিয়া৷ এই চৰকাৰী প্রক্রিয়া এফালে চলি থাকক আৰু আনফালে শান্তি আলোচনা চলি থাকক৷