নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বন বিভাগৰ দায়িত্ব পাহাৰ–ৰণ্যৰ সুৰক্ষা ৰাষ্ট্রীয় ঘাইপথত শিল–বালিৰ ট্রাক ধৰা নহয়

বন মহোৎসৱত মুখ্যমন্ত্রীৰ কঠোৰ সকীয়নি

নিয়মীয়া বাৰ্তা ৮ জুলাইঃ অসম আৰক্ষীৰ পাছত এইবাৰ বন বিভাগৰ বৃহৎ সংস্কাৰ সাধনৰ পোষকতা কৰিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ ৭২সংখ্যক বন মহোৎসৱ উপলক্ষে বুধবাৰে নিজ সমষ্টিৰ চাংসাৰিস্থিত সর্বভাৰতীয় আয়ুর্বিজ্ঞান প্রতিষ্ঠান, চমুকৈ এইমছৰ চৌহদত আয়োজন কৰা এক ৰাজ্যিক পর্যায়ৰ অনুষ্ঠানত বন বিভাগৰ সংস্কাৰৰ কথা দোহাৰে মুখ্যমন্ত্রীগৰাকীয়ে৷ অসমৰ পৰিৱেশ তথা বন বিভাগৰ দায়িত্বত থকা মন্ত্রী পৰিমল শুক্লবৈদ্যৰ উপস্থিতিত মুখ্যমন্ত্রী ড০ শর্মাই একপ্রকাৰ কঠোৰ সকীয়নি দি কয়– এচামে পাহাৰ সংৰক্ষণ কৰে৷ এচামে আকৌ ধ্বংস কৰে৷ বন বিভাগৰ দায়িত্ব পাহাৰসমূহৰ লগতে বনজ সম্পদ ৰক্ষা কৰা৷ ৰাষ্ট্রীয় ঘাইপথত শিল–বালিৰ ট্ৰাক ধৰা কাম নহয় বন বিভাগৰ৷ বিষয়া–কর্মচাৰীৰ কাম হ’ল ফৰেষ্ট এলেকাত থাকি গছ–গছনিৰে ভৰপূৰ প্রাকৃতিক সৌন্দর্যৰ লগতে বন্যপ্রাণী সুৰক্ষিত কৰি ৰখা৷ শিল–বালিৰ পাছত দৌৰি থাকিলে কি হ’ব৷ গতিকে এতিয়াৰে পৰা ৰাজপথত নাথাকিব বন বিভাগৰ কোনো বীট অফিচ আৰু চেক গেট৷ মূলতঃ বন বিভাগক পাহাৰ ৰক্ষাৰ দায়িত্ব দিয়া হৈছ৷

তদুপৰি মেঘালয়, নাগালেণ্ডৰ শিল–বালিৰ ট্ৰাক ধৰাৰ দায়িত্ব অসমৰ বন বিভাগৰ কাম নহয় বুলি কয় মুখ্যমন্ত্রীয়ে৷ বেলেগ ৰাজ্যৰ শিল–বালি ধৰিবলৈ তেওঁলোকক দৰমহা দিয়া নাই৷ এতিয়াৰ পৰা বনকর্মীসকলৰ ঠিকনা হ’ব জংঘলত৷ বন বিভাগৰ একাংশ বিষয়া–কর্মচাৰীক লক্ষ্য কৰি মুখ্যমন্ত্রীগৰাকীয়ে কয় যে গছ এডাল ৰোপণ কৰিলেই বন মহোৎসৱ পতা নুবুজায়৷ বন মহোৎসৱত গছ ৰুই মাৰি পেলোৱাতকৈ নোৰোৱাই ভাল৷ আগতে ৰোপণ কৰা গছপুলিবোৰ জীয়াই আছে নে নাই, সেইটোহে ডাঙৰ কথা৷ যোৱা ৫ বছৰীয়া কার্যকালত মন্ত্রী পৰিমল শুক্লবৈদ্যৰ দিনত বন মহোৎসৱ পাতি ৰোপণ কৰা প্রতিজোপা গছপুলি কি পর্যায়ত আছে, আমি জনাৰ প্রয়োজন আছে৷ ড্র’ন আৰু ছেটেলাইটৰ সহায়ত বন বিভাগক একপ্রকাৰ গছপুলিবোৰ হিচাপ কৰিবলৈ নির্দেশ দিয়ে মুখ্যমন্ত্রীয়ে৷ বন বিভাগে যে গছ ৰুইছে, এতিয়া সেইবোৰৰ প্রমাণ লাগে মুখ্যমন্ত্রীক৷

ৰাজ্যৰ প্রধান মুখ্য বন সংৰক্ষক ড০ অলকা ভার্গৱে বন মহোৎসৱৰ তাৎপর্য ব্যাখ্যা কৰা অনুষ্ঠানত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে গছক নিজৰ সন্তানৰ দৰে মৰম কৰিব লাগিব৷ নিজৰ সন্তানৰ দৰে গছ–গছনিসমূহকো সমানে লালন–পালন কৰিলেহে আমাৰ জৈৱ–বৈচিত্র্য ৰক্ষা পৰিব৷ অসমত গছ–গছনি কমি যোৱা মানে, বিশ্বৰ বুকু থৰ হৈ যোৱা৷ সেই কথা অনুভৱ কৰাৰ সময় আহি পৰিছে৷ তাকে নকৰি ৰাজপথত শিল–বালিৰ ড্রাকৰ পিছে পিছে দৌৰি থাকে বন বিভাগ৷ বন বিভাগক টেকন’লজী ব্যৱহাৰত গুৰুত্ব আৰোপ কৰি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কিছুদিন পূর্বে নগাঁও জিলাৰ হাতীচোং পাহাৰত মৃত্যু হোৱা হাতীৰ জাকটোৰ প্রসংগ উনুকিয়াই মুখ্যমন্ত্রী ড০ শর্মাই কয় যে সেই ঘটনাৰ তদন্ত হ’লনে? কাৰোবাৰ বিৰুদ্ধে বিভাগীয় ব্যৱস্থা কৰা হ’লনে? তিনি মাহৰ ভিতৰত যদি বিভাগে তদন্ত সম্পূর্ণ কৰিব নোৱাৰে, তেওঁ নিজেই কৰিব বুলি প্রকাশ কৰে৷ বন্যপ্রাণীৰ বাবে বনাঞ্চল বিপদাপন্ন হ’লে বন বিভাগৰ বিষয়া–কর্মচাৰীক দায়বদ্ধ কৰাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে তেনে বিষয়া–কর্মচাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ কৰা হ’ব৷

উল্লেখ্য যে ৭২সংখ্যক বন মহোৎসৱ অনুষ্ঠান উপলক্ষে এইমছ চৌহদত মুখ্যমন্ত্রীয়ে বিভাগীয় মন্ত্রীসকলৰ সৈতে গছপুলি ৰোপণ কৰে৷ আজিৰ অনুষ্ঠানত বনমন্ত্রী পৰিমল শুক্লবৈদ্যই আদৰণী ভাষণ দিয়ে৷ অনুষ্ঠানত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্রী কেশৱ মহন্ত, কামৰূপ জিলাৰ অভিভাৱক মন্ত্রী চন্দ্রমোহন পাটোৱাৰী, ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ উপৰি কমলপুৰৰ বিধায়ক দিগন্ত কলিতা, বকোৰ বিধায়ক নন্দিতা দাস, হাজোৰ বিধায়ক সুমন হৰিপ্রিয়া, পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়া আৰু কামৰূপ জিলাৰ উপায়ুক্ত কৈলাস কার্তিক এন সমন্বিতে বন বিভাগৰ উচ্চপদস্থ বিষয়া–কর্মচাৰীসক উপস্থিত থাকে৷
এবছৰতে সম্পূর্ণ হ’ব এইমছঃ  মুখ্যমন্ত্রী
আৰু এবছৰমানৰ ভিতৰতে অসম তথা উত্তৰ–পূর্বাঞ্চলৰ প্রত্যাশিত এইমছৰ নির্মাণকার্য সম্পূর্ণ হৈ উঠাৰ সম্ভাৱনাৰ কথা ব্যক্ত কৰিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ আজি চাংসাৰিৰ এইমছ চৌহদত ৭২সংখ্যক বন মহোৎসৱৰ কার্যসূচীত উপস্থিত থাকি মুখ্যমন্ত্রী ড০ শর্মাই সংবাদ মাধ্যমৰ আগত এই সম্ভাৱনাৰ কথা উনুকিয়াই যে অ’ পি ডিৰ কাম–কাজ সম্পূর্ণ হ’লেই তাত উপলব্ধ প্রতিটো বিভাগৰে চিকিৎসা সেৱা মুকলি কৰিব পৰা যাব৷ উল্লেখ্য যে এইমছৰ ৮৫ শতাংশ কাম ইতিমধ্যে সম্পূর্ণ হৈ উঠিছে৷

You might also like