নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অৰ্থনীতি উদ্ধাৰৰ মন্ত্ৰণা; বেংক বিষয়াৰে মুখ্যমন্ত্ৰীৰ বৈঠক

নিয়মীয়া বাৰ্তা,২০ মে’: আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত গুৱাহাটীত মন্ত্ৰী, উচ্চপদস্থ চৰকাৰী বিষয়া আৰু বেংক বিষয়াসকলৰ সৈতে অনুষ্ঠিত আলোচনাত মিলিত হয় ।বিভিন্ন বিষয়ববীয়াৰ সৈতে হোৱা মত বিনিময়ত মুখ্যমন্ত্ৰীয়ে অৰ্থনৈতিক উন্নয়নত বেংক সমূহৰ ভূমিকাক লৈ প্ৰস্তুত কৰা এক বিশেষ প্ৰতিবেদনৰ ওপৰত পৰ্যালোচনা কৰে । লগতে প্ৰতিবেদনৰ বিষয় বস্তু আছিল ভগ্নপ্ৰায় অৰ্থনীতিৰ পুনৰুদ্ধাৰ আৰু ‘আত্মনিৰ্ভশীল ভাৰত’ । অসমৰ অৰ্থনীতিক পুনৰুজ্জীৱিত কৰাৰ দিশত বিভিন্নজনৰ পৰা পৰামৰ্শ গ্ৰহণ কৰে।এই বৈঠকত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে- “২০ লাখ কোটি টকাৰ “আত্মনির্ভৰ ভাৰত” পেকেজ হৈছে স্বাৱলম্বন নিশ্চিত কৰাৰ ক্ষেত্ৰত এক বৃহৎ পদক্ষেপ। এই পেকেজে দেশৰ বিভিন্ন খণ্ডৰ বিভিন্ন লোকক সহায়ৰ হাত আগবঢ়াব। ইয়াৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, কেন্দ্ৰীয় বিত্তমন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানী আৰু কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী অনুৰাগ ঠাকুৰ ডাঙৰীয়াক আন্তৰিক ধন্যবাদ জনাইছোঁ ।” উল্লেখ্য যে, অসমৰ অৰ্থনীতি সৱলীকৰণত ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ খণ্ডৰ ভূমিকা যথেষ্ট গুৰুত্বপূৰ্ণ। এই খণ্ডৰ পুনৰুজ্জীৱিতকৰণৰ বাবে সকলো অংশীদাৰক সামৰি এক বিশেষ পৰিকল্পনা প্ৰস্তুত কৰিবলৈ বেংকসমূহক মুখ্যমন্ত্ৰীয়ে আহ্বান জনায়। তদুপৰি, ক’ভিড-১৯ ৰ এই সংকট কালত সকলোৱে যাতে “আত্মনিৰ্ভৰ ভাৰত”ৰ অন্তৰ্নিহিত ধাৰণাক পূৰ্ণ উপলব্ধি কৰিব পাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি উদ্যমীসকলৰ সৱলীকৰণৰ দিশত চৰকাৰৰ সৈতে একেলগে কাম কৰিবলৈও বেংকসমূহক তেখেতে আহ্বান জনায়।

You might also like