নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নির্বাচনী কর্তব্যৰত অৱস্থাতে মৃত্যুবৰণ কৰা পাপু ভূঞা আৰু হেমকান্ত গগৈৰ বাসগৃহত মুখ্যমন্ত্ৰী সােণােৱাল

নিয়মীয়া বাৰ্তা, ১৭ এপ্ৰিলঃ মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালে আজি বিধান সভাৰ নিৰ্বাচনত কর্তব্যৰত অৱস্থাত মৃত্যুবৰণ কৰা লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ পানবাৰীৰ পাপু ভূঞা আৰু পানীগাঁৱৰ আজাদ এলেকাৰ বৰচৰীয়াৰ হেমকান্ত গগৈৰ বাসগৃহলৈ গৈ মৃত ব্যক্তি দুগৰাকীৰ প্রতিচ্ছৱিত মাল্যাৰ্পণ কৰি গভীৰ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে। মুখ্যমন্ত্ৰীয়ে মৃত ব্যক্তি দুগৰাকীৰ পৰিয়ালৰ সদস্য-সদস্যাসকলৰ সৈতে মত-বিনিময় কৰি সমবেদনা জ্ঞাপন কৰে।

মৃত ব্যক্তি দুগৰাকীৰ বাসগৃহলৈ যােৱাৰ সময়ত মুখ্যমন্ত্ৰীৰ সৈতে কেন্দ্রীয় খাদ্য সংসাধন দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, সাংসদ তপন কুমাৰ গগৈ, বিধায়ক প্রশান্ত ফুকন, দুলীয়াজান-নুমলীগড়। পাইপলাইন লিমিটেডৰ অধ্যক্ষ ৰূপম গােস্বামী উপস্থিত থাকে।

You might also like