নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্রেছে ধর্ম–ভাষাৰ নামত সংঘাত সৃষ্টিৰে নিৰীহক মৃত্যুৰ মুখলৈ ঠেলি দিছিল

নিয়মীয়া বাৰ্তা ১ এপ্ৰিলঃ নামনি অসমত মাৰাথন নির্বাচনী প্রচাৰ অব্যাহত ৰাখিছে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে৷ আজিৰ দিনটোত মুখ্যমন্ত্রী সোণোৱালে ধুবুৰী, গোলকগঞ্জ, গৌৰীপুৰ, পূব বিলাসীপাৰা, পশ্চিম বিলাসীপাৰা, চিদলী আৰু চাপাগুৰি বিধানসভা সমষ্টিত সাতখনকৈ বিশাল নির্বাচনী সমাৱেশ সম্বোধন কৰে৷ বিজেপি নেতৃত্বাধীন মিত্রজোঁটৰ সমর্থনত নির্বাচনী প্রচাৰ চলাই আটাইকেইখন সমাৱেশত দিয়া ভাষণত মুখ্যমন্ত্রী সোণোৱালে প্রধানতঃ কংগ্রেছ, এআইইউডিএফ আৰু বিপিএফক আক্রমণৰ লক্ষ্য কৰি লয়৷ ধুবুৰী চহৰৰ পার্শ্বৱর্তী ঝগৰাৰপাৰ ষ্টেডিয়ামত আয়োজিত বিশাল নির্বাচনী সভাত মিত্রজোঁটৰ প্রার্থী ডাঃ দেৱময় সান্যালয়ৰ এইবাৰ বিজয় নিশ্চিত বুলি মন্তব্য কৰি মুখ্যমন্ত্রী সোণোৱালে কয় যে কংগ্রেছে ৬০ বছৰ ৰাজত্ব চলালে যদিও ধুবুৰীৰ উন্নয়নৰ বাবে কোনো গুৰুত্ব প্রদান নকৰিলে৷ ইংৰাজৰ দিনত আমদানি আৰু ৰপ্তানিৰ বাবে ধুবুৰী চহৰ বিখ্যাত আছিল৷ কংগ্রেছে পদক্ষেপ গ্রহণ কৰাহেঁতেন ধুবুৰীক বিশ্বৰ বুকুত উজলাই তুলিব পাৰিলেহেঁতেন৷

কংগ্রেছে অৱহেলা আৰু গুৰুত্ব প্রদান নকৰা বাবে ধুবুৰী পিছপৰি থাকিবলগীয়া হৈছিল৷ নৰেন্দ্র মোদীয়ে ২০১৪ চনত যেতিয়া প্রধানমন্ত্রীৰ দায়িত্ব ল’লে, তেতিয়াৰে পৰা এই অঞ্চলৰ ইতিহাস অধ্যয়ন কৰি অঞ্চলটোৰ যাতায়াত আৰু যোগাযোগ ব্যৱস্থা উন্নত কৰাৰ বাবে বহু পদক্ষেপ গ্রহণ কৰিছে৷ বিজেপি আৰু অগপৰ ধুবুৰী জিলাৰ নেতৃবৃন্দ উপস্থিত থকা এই নির্বাচনী সমাৱেশখনতে ধুবুৰীৰ প্রাক্তন এআইইউডিএফৰ বিধায়ক জাহানুদ্দিনে বিজেপিত যোগদান কৰে৷ ইয়াৰ পাছতে গোলকগঞ্জ সমষ্টিৰ বিজেপিৰ প্রার্থী অশ্বিনী ৰায় সৰকাৰৰ সমর্থনত আগমনিত আয়োজিত বিশাল নির্বাচনী সভাত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী সোণোৱালে কয় যে বর্তমানৰ ৰাজ্য চৰকাৰে বিশ্ববীৰ চিলাৰায় কলাক্ষেত্র নির্মাণৰ কাম আৰম্ভ কৰাৰ লগতে এইগৰাকী বীৰৰ নামেৰে বিশ্ববিদ্যালয় নির্মাণৰ দিশতো পদক্ষেপ লৈছে৷

বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰে যোৱা পাঁচ বছৰত বিভিন্ন জাতি–জনগোষ্ঠীৰ মাজত আন্তৰিকতা গঢ়ি তুলিবলৈ সক্ষম হৈছে৷ ইয়াৰ বাবে অসমত শান্তি সম্ভৱ হৈছে৷ কংগ্রেছৰ শাসনকালত সদায়ে অশান্তিৰ সৃষ্টি হৈছিল৷ ধর্ম–ভাষাৰ নামচ সংঘাতৰ সৃষ্টি কৰি নিৰীহ লোকক মৃত্যুৰ মুখলৈ ঠেলি দিছিল৷ কিন্তু বিজেপি চৰকাৰৰ দিনত কোনো নিৰীহ লোকে মৃত্যুক সাবটি ল’বলগীয়া হোৱা নাই৷ প্রথম পর্যায়ৰ নির্বাচনত সকলোতে বিজেপিয়ে জয়লাভ কৰিব বুলি উল্লেখ কৰি তেওঁ পুনৰ কয় যে অসমত পুনৰ বিজেপি চৰকাৰ হোৱাটো নিশ্চিত৷ বিশ্ববীৰ চিলাৰায়ৰ আদর্শৰে আমাৰ মাজত সমন্বয়, ভাতৃত্ববোধ গঢ় দিব লাগিব৷

কংগ্রেছ, এআইইউডিএফৰ দৰে অপশক্তিয়ে অসমত শান্তি আনিব নোৱাৰে৷ ইয়াৰ পিছতে মুখ্যমন্ত্রী সোণোৱালে পূব বিলাসীপাৰা সমষ্টিত বিজেপিৰ প্রার্থী আশোক সিংঘীৰ সমর্থনত শালকোছাত অনুষ্ঠিত আন এখন বিশাল নির্বাচনী সভাত ভাষণ প্রদান কৰি কয় যে বিগত ৫ বছৰে বর্তমানৰ বিজেপি নেতৃত্বাধীন মিত্রজোঁটৰ চৰকাৰখনে সকলো জাতি–জনগোষ্ঠীৰ জনসাধাৰণৰ কল্যাণৰ বাবে সমদৃষ্টিৰে কাম কৰি আহিছে৷ মুখ্যমন্ত্রী সোণোৱালে লগতে গৌৰীপুৰ, পশ্চিম বিলাসীপাৰা, চিদলী আৰু মুছলপুৰত অনুষ্ঠিত আন নির্বাচনী সভাত অংশগ্রহণ কৰি বিজেপি আৰু ইয়াৰ মিত্রজোঁটৰ প্রার্থীসকলক বিপুল পৰিমাণৰ ভোটত জয়যুক্ত কৰাৰ বাবে আহ্বান জনায়৷ আনহাতে, মুখ্যমন্ত্রীয়ে বড়ো জনজাতিৰ আর্থ–সামাজিক, ৰাজনৈতিক উত্তৰণৰ দিশত দিক্ নির্ণায়ক ভূমিকা গ্রহণ কৰা বডোফা উপেন্দ্র নাথ ব্রহ্মৰ পৱিত্র পুণ্য জয়ন্তী উপলক্ষে তেওঁলৈ গভীৰ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে৷
পর্বতঝোৰাৰ দেৱীতলাত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল
বুধবাৰে  পর্বতঝোৰা মহকুমাৰ অন্তর্গত দেৱীতলাত গৌৰীপুৰ বিধানসভা সমষ্টিৰ বিজেপি প্রার্থীৰ হৈ এখন বিশাল নির্বাচনী সভাত অংশগ্রহণ কৰে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে৷ দেৱীতলা হাইস্কুল খেলপথাৰত আজি ধুবুৰী জিলাৰ বিজেপিৰ সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায়ৰ সভাপতিত্বত অনুষ্ঠিত সভাত মুখ্যমন্ত্রী সোণোৱালে এইবাৰ গৌৰীপুৰ বিধানসভা সমষ্টিৰ বিজেপিৰ প্রার্থীজনক অঞ্চলটোৰ সামগ্রিক উন্নয়নৰ স্বার্থত বিপুল ভোটত জয়যুক্ত কৰিবলৈ ৰাইজক আহ্বান জনায়৷ মুখ্যমন্ত্রী সোণোৱালে ভাষণত কয় যে বিজেপিৰ নেতৃত্বত চলা চৰকাৰখনে কোনো ধৰণৰ ভেদভাব নকৰাকৈ সকলোৰে উন্নতিৰ বাবে কাম কৰিছে৷ নামনি অসমৰ সাংস্কৃতিকভাৱে পৰিচিতি থকা গৌৰীপুৰ সমষ্টিত বিগত সময়ত পাঁচটা বছৰ এ আই ইউ ডি এফ দলৰ বিধায়কজনে অসমৰ আন আন সমষ্টিৰ উন্নয়নৰ লগত ফেৰ মাৰিব পৰা নাই৷ মুখ্যমন্ত্রী সোণোৱালে কয় যে এইবাৰো অসমত ডাবল ইঞ্জিনৰ চৰকাৰ অসমৰ ৰাইজৰ আস্থাত ক্ষমতাত অধিষ্ঠিত হ’ব৷ কংগ্রেছ দলৰ প্রতি ৰাইজৰ আস্থা নাইকিয়া হৈছে বাবেই ক্ষমতা লাভৰ লালসাত এআইইউডিএফ দলৰ সহায়ত চৰকাৰ গঠন কৰাৰ সপোন দেখিছে৷ যি অসমৰ ৰাইজে কেতিয়াও গ্রহণ নকৰে৷বিজেপিৰ চৰকাৰ ক্ষমতাত আহিলে সকলো ধৰণৰ উন্নয়নৰ ধাৰা অব্যাহত থাকিব বুলি কয় আৰু ইয়াৰ বাবে গৌৰীপুৰ সমষ্টিৰ পৰা ৰাজনৈতিকভাৱে অভিজ্ঞ বিজেপি প্রার্থী বনেন্দ্র কুমাৰ মুছাহাৰীক ভোট দি জয়যুক্ত কৰাৰ আহ্বান জনোৱাৰ লগতে মাটিৰ পট্টা, চৰকাৰী চাকৰি, সমষ্টি উন্নয়ন আদিৰ প্রতিশ্রুতি দিয়ে মুখ্যমন্ত্রীয়ে৷
পশ্চিম বিলাসীপাৰাত মুখ্যমন্ত্রী
বিলাসীপাৰা পশ্চিম বিধানসভা সমষ্টিত বিজেপিৰ এখন বিশাল নির্বাচনী সভাত উপস্থিত হৈ মুখ্যমন্ত্রী সোণোৱালে সমষ্টিটোৰ বিজেপি প্রার্থী আবু বক্কৰ ছিদ্দিকিৰ হৈ নির্বাচনী প্রচাৰ চলায়৷ পশ্চিম বিলাসীপাৰা সমষ্টিৰ গুটিপাৰা খেলপথাৰত আয়োজিত নির্বাচনী সভাখনত বিজেপি নেতৃত্বাধীন মিত্রজোঁট চৰকাৰৰ বিভিন্ন উন্নয়নমূলক অভিলাষী আঁচনিৰ খতিয়ান দাঙি ধৰি মুখ্যমন্ত্রী সোণোৱালে সমষ্টিটোৰ বিজেপি প্রার্থী ডাঃ আবু বক্কৰ ছিদ্দিকিক বিজয়ী কৰিবলৈ ৰাইজক আহ্বান জনায়৷
জয়ন্ত বসুমতাৰীক জয়যুক্ত কৰি প্রমোদ বডোৰ হাত শক্তিশালী কৰিবলৈ ভোটাৰ ৰাইজক আহ্বান
মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে আজি বিয়লি চিৰাং জিলাৰ ৰুণিখাটাত এখন নির্বাচনী প্রচাৰ সভাত অংশগ্রহণ কৰে৷ জিলাখনৰ অন্তর্গত ৩১নং চিদলী (জনজাতি) বিধানসভা সমষ্টিত ইউপিপিএল দলৰ মনোনীত প্রার্থী হিচাপে এইবেলি বিধানসভা নির্বাচনত প্রতিদ্বন্দ্বিতা আগবঢ়োৱা প্রাক্তন এবছু নেতা জয়ন্ত বসুমতাৰীৰ সমর্থনত অনুষ্ঠিত নির্বাচনী প্রচাৰ সভাত ভাষণ দি মুখ্যমন্ত্রী সোণোৱালে ভোটাৰ ৰাইজক ভোটদান কৰি জয়যুক্ত কৰি প্রমোদ বডোৰ হাত শক্তিশালী কৰিবলৈ বিটিআৰৰ চাৰিওখন জিলাত ভোট যুদ্ধত অৱতীর্ণ হোৱা বিজেপি–ইউপিপিএল–জিএ মনোনীত প্রতিজন প্রার্থীক ড্রেক্টৰ, পদুম আদি দলীয় চিহ্ণত ভোট দি জয়যুক্ত কৰি অসম বিধানসভাৰ মজিয়ালৈ প্রেৰণ কৰাৰ বাবে আহ্বান জনায়৷ তেওঁ কয় যে বিজেপি নেতৃত্বাধীন মিত্রজোঁটৰ চৰকাৰখনে ৰাজ্যৰ পৰা সন্ত্রাসবাদ নির্মূল কৰি শান্তি প্রতিষ্ঠাৰ যি সংকল্প বা লক্ষ্য স্থিৰ কৰি লৈছিল, বিগত পাঁচ বছৰত তাক বাস্তৱায়িত কৰিবলৈ ৰাজ্য চৰকাৰ সক্ষম হৈছে৷ এইক্ষেত্রত প্রয়াত নেতা উপেন্দ্র নাথ ব্রহ্মৰ আদর্শক শিৰোধার্য কৰি যুৱ নেতা প্রমোদ বডোৱে এনডিএফবি আৰু কেন্দ্রীয় চৰকাৰৰ মাজত সম্পাদিত শান্তি চুক্তিৰ ক্ষেত্রত এক বিশেষ ভূমিকা পালন কৰিছিল৷ ইউপিপিএলৰ কার্যবাহী সভাপতি ৰণগৌৰা নার্জাৰীৰ সভাপতিত্বত অনুষ্ঠিত নির্বাচনী প্রচাৰ সভাত আদৰণী ভাষণত মুখ্য কার্যবাহী সদস্য প্রমোদ বডোৱে দেশৰ প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু ৰাজ্যৰ মুখ্যমন্ত্রী সোণোৱালক ভূয়সী প্রশংসা কৰে৷
কংগ্রেছ–বিপিএফে এআইইউডিএফৰ সৈতে কৰিছে এক অপৱিত্র মিত্রতাঃ মুখ্যমন্ত্রী
কংগ্রেছ আৰু বিপিএফে এআইইউডিএফৰ সৈতে কৰিছে এক অপৱিত্র মিত্রতা৷ এই মিত্রতাক আগন্তুক নির্বাচনত চাপাগুৰি সমষ্টিটোৰ ভোটাৰে ওফৰাই পেলাই বিজেপি, জিএছপি আৰু ইউপিপিএল সমর্থিত প্রার্থী উর্খাও গৌৰা ব্রহ্মক বিপুল ভোটত জয়লাভ কৰিব৷ আজি বাক্সা জিলাৰ অদালবাৰীত ৬৩নং চাপাগুৰি সমষ্টিৰ বিজেপি, জিএছপি আৰু ইউপিপিএলৰ মিত্রদলৰ প্রার্থী ইউ জি ব্রহ্মৰ সমর্থনত অনুষ্ঠিত এখন নির্বাচনী সভাত উপস্থিত থাকি মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে এইদৰে কয়৷ ভাষণ প্রসংগত তেওঁ কয় যে আগন্তুক বিধানসভা নির্বাচনত চাপাগুৰি সমষ্টিৰ সকলো শ্রেণীৰ লোককে উন্নতিৰ বাবে কাম কৰা উমৈহতীয়া প্রার্থী ইউ জি ব্রহ্মক ভোট দি বিজয়ী কৰাব৷ আনহাতে সমষ্টিটোৰ প্রার্থী উর্খাও গৌৰা ব্রহ্মই কয় যে বিধান সভা নির্বাচনত যিদিনা ভোটগণনা হ’ব সিদিনাই বিপুল ভোটত তেওঁ জয়ী হ’ব৷ প্রথম পর্যায়ৰ নির্বাচনত বিজেপিৰ মিত্র দলে ইতিমধ্যে ৪০খন আসন পোৱাটো নিশ্চিত৷ কংগ্রেছক সমালোচনা কৰি তেওঁ কয় যে এই দলে ৰাইজৰ কোনো কাম নকৰিলে৷ ৰাস্তা–ঘাটৰ উন্নতি নহ’ল৷ বিপিএফক ক্ষুৰধাৰ সমালোচনা কৰি তেওঁ কয় যে বিটিচিত ৮০ হাজাৰ কোটি ধনৰ কেলেংকাৰি সংঘটিত হৈছে৷ নির্বাচনৰ পিছত সেইবোৰৰ তদন্ত কৰাৰ কথা উল্লেখ কৰি বিপিএফে ৰাজনৈতিক লাভালাভৰ বাবেহে উগ্রবাদ সমস্যাৰ সমাধান কৰা নাছিল বুলি তেওঁ কয়৷

You might also like