মুখ্যমন্ত্ৰীক ৰাজ্যিক অতিথিশালা খালী কৰিবলৈ আহ্বান কংগ্ৰেছৰ…
নিয়মীয়া বাৰ্তা ২ মাৰ্চঃ অসমৰ মুখ্য নিৰ্বাচনী বিষয়ালৈ প্ৰদেশ কংগ্ৰেছৰ পত্ৰ। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বাসগৃহ হিচাপে ব্যৱহাৰ কৰি থকা ৰাজ্যিক অতিথিশালা খালী কৰিবলৈ আবেদন জনাইছে প্ৰদেশ কংগ্ৰেছে।
ৰাজ্যত নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পিছত নিৰ্বাচনী আচৰণ বিধি জাৰি হোৱাৰ সময়ত চৰকাৰী অতিথিশালা মুখ্যমন্ত্ৰীৰ বাসগৃহ হিচাপে ব্যৱহাৰ হৈ থকাটো নিৰ্বাচনী আচৰণ বিধি ভংগ বুলি পত্ৰখনত উল্লেখ কৰিছে প্ৰদেশ কংগ্ৰেছে।
উল্লেখ্য যে অসম কংগ্ৰেছৰ আইনী শাখাই সোমবাৰে মুখ্য নিৰ্বাচনী বিষয়া নীতিন খাদেক এখন স্মাৰকপত্ৰ দাখিল কৰি বিধানসভা নিৰ্বাচনী আচৰণ বিধি বলৱত হোৱাৰ পিছতো মুখ্যমন্ত্ৰীৰ বাসগৃহ হিচাপে ব্যৱহাৰ কৰা ৰাজ্যিক অতিথি গৃহ খালী নকৰাৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।