বিশেষ বাৰ্তা, ১৭ আগষ্টঃ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি যোৰহাট আৱর্ত্ত ভৱনত জিলাখনৰ বিভিন্ন শিক্ষানুষ্ঠানৰ কৃতী ছাত্র–ছাত্রীসকলৰ সৈতে প্রাতঃজলপানত মিলিত হৈ অন্তৰংগ আলাপ কৰে৷ অন্তৰংগ আলাপৰ সময়ত মুখ্যমন্ত্রীয়ে কয় যে ছাত্র–ছাত্রীসকলৰ মাজত প্রচুৰ সম্ভাৱনীয়তা নিহিত হৈ থাকে৷ এই সম্ভাৱনীয়তা বিকশাই তোলাৰ বাবে ছাত্র–ছাত্রীসকলে এক নির্দিষ্ট লক্ষ্য লৈ কঠোৰ পৰিশ্রম কৰিব লাগিব বুলি তেওঁ কয়৷ বর্তমান যুগ প্রতিযোগিতাৰ যুগ বুলি উল্লেখ কৰি তেওঁ কয় যে এই প্রতিযোগিতাত সফলতা লাভ কৰিবলৈ হলে উদ্ভাৱনী চিন্তাৰে আগুৱাই যাব লাগিব৷ মুখ্যমন্ত্রীয়ে কয় যে আধুনিক বিজ্ঞান আৰু প্রযুক্তিক জীৱনৰ অংগ হিচাপে লৈ নিজকে বিকশাই তোলাৰ বাবে সর্বাত্মক প্রয়াস চলাব লাগিব৷ কৃত্রিম বুদ্ধিমত্তাই সকলো ক্ষেত্রতে এক নতুন পৰিৱর্তনৰ ধাৰা সূচনা কৰিছে বুলি মন্তব্য কৰি মুখ্যমন্ত্রীয়ে কয় যে আমাৰ ছাত্র–ছাত্রীসকলে কৃত্রিম বুদ্ধিমত্তাকে ধৰি আধুনিক প্রযুক্তিৰ জ্ঞান আহৰণ কৰি জীৱনৰ বাটত উজলি উঠিব লাগিব৷ মুখ্যমন্ত্রীয়ে কয় যে ৰাষ্ট্রীয় শিক্ষা নীতিয়ে আজি দেশৰ শিক্ষা ব্যৱস্থাটোক পৰিৱর্তনমুখী পথেৰে আগুৱাই নিয়াৰ দিশত এক পৰিৱেশ নির্মাণ কৰিছে৷ মুখ্যমন্ত্রীয়ে অন্তৰংগ আলাপৰ সময়ত ছাত্র–ছাত্রীসকলৰ বিভিন্ন প্রশ্ণৰ উত্তৰো দিয়ে৷ আনহাতে, ছাত্র-ছাত্রীসকলেও স্বাস্থ্য, শিক্ষাকে ধৰি বিভিন্ন ক্ষেত্রত চৰকাৰখনে লোৱা পদক্ষেপৰ বাবেও মুখ্যমন্ত্রীক ধন্যবাদ জ্ঞাপন কৰে৷ আজিৰ এই বার্তালাপত মন্ত্রী জয়ন্ত মল্লবৰুৱা, সাংসদ ক্রমে তপন কুমাৰ গগৈ, পৱিত্র মার্ঘেৰিটা, কামাখ্যা প্রসাদ তাছা, বিধায়ক ক্রমে হিতেন্দ্র নাথ গোস্বামী, ভৱেন ভৰালী, ভাস্কৰ বৰুৱা, ৰূপজ্যোতি কুর্মী, ঠেঙাল স্বায়ত্ত শাসিত পৰিষদৰ অধ্যক্ষ প্রতাপ কছাৰী, জিলা আয়ুক্ত পুলক মহন্ত উপস্থিত থাকে৷ আনহাতে মুখ্যমন্ত্রীয়ে যোৰহাট আৱর্ত্ত ভৱনৰ চৌহদত গছপুলি ৰোপণ কৰে৷ মুখ্যমন্ত্রীয়ে মৰমৰ যোৰহাটৰ অধীনত সূচনা কৰা দুগ্ধ কঢি়ওৱা চাইকেলো শুভ উদ্বোধন কৰে৷ ইয়াৰ পিছতে মুখ্যমন্ত্রীয়ে যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ সন্মুখত নির্মীয়মান যোৰহাট-কমাৰবন্ধা উৰণ সেতুৰ নির্মাণ কার্যৰো অগ্রগতিৰ বুজ লয়৷ মুখ্যমন্ত্রীয়ে সময়োচিতভাৱে এই কাম সম্পূর্ণ কৰিবলৈ সংশ্লিষ্ট বিভাগক নির্দেশ দিয়ে৷