বিশেষ বাৰ্তা, ৫ নৱেম্বৰঃ দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নির্বাচনলৈ দুটা দিন বাকী থকা অৱস্থাত আজি বিজেপিয়ে মুকলি কৰিলে সংকল্প পত্র৷ দেউৰী জনগোষ্ঠীৰ সর্বাংগীণ উন্নয়ন, পৰিষদীয় এলেকাৰ আন্তঃগাঁথনি উন্নয়নৰ লগতে শিক্ষা–স্বাস্থ্যৰ পৰিকাঠামো সলনি কৰাৰ প্রতিশ্রুতিৰে প্রস্তুত কৰা এই সংকল্প পত্র আজি আনুষ্ঠানিকভাৱে উন্মোচন কৰিলে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ বশিষ্ঠত থকা ৰাজ্যিক বিজেপিৰ মুখ্য কার্যালয়ত আনুষ্ঠানিকভাৱে সংকল্প পত্র উন্মোচন কৰি মুখ্যমন্ত্রীয়ে স্পষ্ট কৰিলে যে ৰাজ্য চৰকাৰৰ উন্নয়নমূলক আঁচনিসমূহ ৰূপায়ণৰ সমান্তৰালকৈ সংকল্প পত্রত উল্লেখিত প্রতিটো প্রতিশ্রুতিয়েই ক্ষিপ্রতাৰে কার্যকৰী কৰাৰ ব্যৱস্থা গ্রহণ কৰা হ’ব৷ আজি উন্মোচন কৰা সংকল্প পত্রত মিছন ভূমিপুত্রৰ জৰিয়তে দেউৰী জনগোষ্ঠীৰ ১০০ শতাংশ ছাত্র–ছাত্রীকে ক্ষিপ্রতাৰে জনজাতিৰ প্রমাণ–পত্র প্রদান কৰাৰ কথা উল্লেখ কৰে৷ সমান্তৰালভাৱে মিছন বসুন্ধৰাৰ জৰিয়তে দেউৰী জনগোষ্ঠীয় এলেকাৰ মাটি–বাৰী সম্পর্কীয় সকলো আবেদন তৎকালীন পৰীক্ষাৰে বিষয়সমূহ নিষ্পত্তি কৰাৰ প্রতিশ্রুতি প্রদান কৰে সংকল্প পত্রৰ জৰিয়তে৷ আনহাতে, চৰকাৰী গ্রেজিং এলেকাত যুগ যুগ ধৰি বসবাস কৰি অহা দেউৰী জনগোষ্ঠীয় পৰিয়ালসমূহক নিয়ম অনুসাৰে ভূমি পট্টা প্রদান, দেউৰী পৰিষদীয় এলেকাৰ বাট–পথ, দলংসমূহ পকীকৰণৰ ব্যৱস্থা, দেওশালসমূহৰ সৌন্দর্যবর্ধন আৰু আন্তঃগাঁথনি উন্নয়নত অগ্রাধিকাৰৰ লগতে দেওশালৰ পূজাৰীসকলক আর্থিক অনুদান প্রদানৰো প্রতিশ্রুতি প্রদান কৰা হয় সংকল্প পত্রৰ জৰিয়তে৷ মুখ্যমন্ত্রীয়ে এই সংকল্প পত্রৰ প্রতিশ্রুতিসমূহ উল্লেখ কৰি কয় যে পৰিষদীয় অঞ্চলৰ ছাত্র–ছাত্রীসকলক প্রাদেশিক তথা সর্বভাৰতীয় প্রতিযোগিতামূলক পৰীক্ষাৰ বাবে উচ্চমানৰ পৰীক্ষাৰ ব্যৱস্থা কৰা হ’ব৷ চৰকাৰী–বেচৰকাৰী বিভিন্ন প্রতিষ্ঠান যেনে– আৰক্ষী, ৰে’লৱে, বেংক, এপিএছচি, ইউপিএছচি আদিৰ ক্ষেত্রত নিয়োগৰ বাবে প্রতিজন ছাত্র–ছাত্রীক উপযুক্তভাৱে গঢ়ি তোলাৰ আঁচনি গ্রহণ কৰা হ’ব৷ তদুপৰি দেউৰী স্বায়ত্তশাসিত পৰিষদৰ অন্তর্গত আধ্যাত্মিক তথা সামাজিক–সাংস্কৃতিক স্থানসমূহলৈ আর্থিক অনুদান প্রদান কৰা হ’ব৷ পৰিষদীয় সমষ্টিসমূহৰ উপযুক্ত কৃষক নির্বাচিত কৰি প্রশিক্ষণ প্রদানেৰে প্রামাণিকৃত বীজ উৎপাদনৰ ব্যৱস্থা কৰা হ’ব৷ সংকল্প পত্রত শিক্ষা ব্যৱস্থা উন্নয়নৰ প্রতিশ্রুতি প্রদান কৰি উল্লেখ কৰা হৈছে যে পৰিষদীয় এলেকাৰ প্রতিটো সমষ্টিত উপযুক্তভাৱে জৰীপ কৰোৱাই প্রতিটো সমষ্টিত পর্যায়ক্রমে চৰকাৰী প্রাথমিক বিদ্যালয়ত ডিজিটেল শ্রেণীকোঠাৰ ব্যৱস্থাৰ লগতে আন্তঃগাঁথনি উন্নয়ন সাধন কৰা হ’ব৷ পৰিষদীয় এলেকাৰ দেউৰী ছাত্র–ছাত্রীসকলৰ লগতে অন্যান্য জনগোষ্ঠীৰ ছাত্র–ছাত্রীসকলৰ মাজত ৰাষ্ট্রীয় আৰু ৰাজ্যিক পর্যায়ত প্রশিক্ষণেৰে প্রশাসনিক সেৱা আৰু অন্যান্য প্রতিযোগিতামূলক পৰীক্ষা, বিভিন্ন বেংক আৰু চৰকাৰী প্রতিষ্ঠানত নিয়োগৰ সুবিধাৰ বাবে ব্যৱস্থা কৰা হ’ব৷ মেধাৱী ছাত্র–ছাত্রীসকলক উৎসাহ যোগোৱাৰ বাবে বিশেষ আঁচনিৰ জৰিয়তে বিত্তীয় সাহার্য প্রদান কৰা হ’ব৷ স্বাস্থ্য সেৱাৰ ক্ষেত্রত চৰকাৰী বিভিন্ন চিকিৎসা, কাৰিকৰী আৰু ব্যৱস্থাপনা পাঠ্যক্রমত অধ্যয়নৰত অর্থনৈতিকভাৱে অনগ্রসৰ স্নাতক আৰু স্নাতকোত্তৰ পর্যায়ৰ ছাত্র–ছাত্রীৰ বাবে এককালীন বিত্তীয় সাহার্য প্রদান কৰা হ’ব৷ পৰিষদীয় এলেকাৰ উপযুক্ত স্থানত আভ্যন্তৰীণ ক্রীড়া প্রকল্প নির্মাণ, প্রতিভা সন্ধান, প্রশিক্ষণৰ লগতে ক্রীড়াৰ ক্ষেত্রত উন্নতি সাধন কৰা হ’ব৷ জলজীৱন মিছন, ক্ষিপ্র ৰূপায়ণেৰে পৰিষদীয় এলেকাৰ ১০০ শতাংশ আবাস গৃহত টেপযোগে বিশুদ্ধ খোৱাপানী যোগানৰ ব্যৱস্থা কৰাৰ কথাও আজি সংকল্প পত্রত উল্লেখ কৰে৷ বিজেপিয়ে দেউৰী জনগোষ্ঠীয় ভাষা আৰু সাহিত্য বিকাশৰ বাবে সংশ্লিষ্ট সকলোকে লৈ প্রকল্প প্রস্তুত আৰু সঠিক কার্যকৰীকৰণৰো প্রতিশ্রুতি প্রদান কৰে৷