নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তেজপুৰত জ্যেষ্ঠজনৰ বাবে আশ্ৰয় গৃহ তপোবন উদ্বোধন ড০ হিমন্ত বিশ্ব শৰ্মা

বাৰ্তা ব্যুৰ’, তেজপুৰ, ২১ জুন : তেজপুৰৰ বিশিষ্ট সমাজকৰ্মী, চিকিৎসক ডাঃ লক্ষ্মী গোস্বামীৰ দীৰ্ঘদিনীয়া সপোন আৰু শোণিতপুৰ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰৰ বিশেষ তৎপৰতাত তেজপুৰীয়া ৰাইজৰ এক বিশেষ অভাৱ পূৰণ কৰি আজি বিয়লি অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই তেজপুৰত আনুষ্ঠানিকভাৱে এক মাংগলিক পৰিৱেশত উদ্বোধন কৰে আটকধুনীয়া জ্যেষ্ঠ জনৰ বাবে আশ্ৰয় গৃহ “তপোবন”। বিশিষ্ট সমাজকৰ্মী ডা০ লক্ষ্মী গোস্বামীয়ে সভাপতিৰ আসনত দীঘলীয়া সময় আসীন হৈ থকা ভাৰতীয় শিশু কল্যাণ পৰিষদৰ তেজপুৰ জিলা সমিতিৰ সৌজন্যত দেশৰ এক বিশেষ কোম্পানী ডিয়াজিঅ’ ইণ্ডিয়াৰ ৮০ লাখ টকা আৰ্থিক অনুদানেৰে দেশৰ আগশাৰীৰ স্বেচ্ছাসেৱী অনুষ্ঠান চি এছ আৰ বক্সৰ জৰিয়তে নিৰ্মাণ প্ৰথম মহলাৰ নিৰ্মাণ সম্পূৰ্ণ হোৱা জ্যেষ্ঠ জনৰ বাবে আশ্ৰয় গৃহ “তপোবন” অসম চৰকাৰৰ গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহল, তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা ,ৰঙাপৰাৰ বিধায়ক কৃষ্ণ কমল তাঁতী আৰু ৮৮ বছৰীয়া বিশিষ্ট সমাজকৰ্মী ডা০ লক্ষ্মী গোস্বামীৰ উপস্থিতিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিক ভাৱে ফিটা কাটি উদ্ঘাটন কৰাৰ পিছত সাংবাদিকৰ আগত অচিৰেই ইয়াৰ ওপৰত মহলাটি সুন্দৰকৈ নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ লগতে সাম্প্ৰতিক সময়ত বিশেষ ভাৱে প্ৰয়োজন হোৱা এনে আশ্ৰয় গৃহৰ তেজপুৰত অভাৱৰ পিছত আজিৰ পৰা ই সাকাৰ ৰূপ পালে বুলি মন্তব্য কৰে। ভাৰতীয় শিশু কল্যাণ পৰিষদৰ তেজপুৰ শাখাৰ সদস্য পংকজ বৰুৱাই আঁত ধৰা অনুষ্ঠানটিত ভাৰতীয় শিশু কল্যাণ পৰিষদৰ তেজপুৰ শাখাৰ সাধাৰণ সম্পাদিকা মৃণালিনী বৰা, চিকিৎসা উপদেষ্টা ডা০ তুল তুল মুখাৰ্জী আৰু বিত্ত সম্পাদিকা মিনু ভূঞাই মুখ্য গৰাকীক বিশেষ ভাৱে সম্ভাষণ জনোৱাৰ মাজতে অসুস্থ দেহাৰে অনুষ্ঠানটিত উপস্থিত থকা ভাৰতীয় শিশু কল্যাণ পৰিষদৰ তেজপুৰ শাখাৰ সভানেত্ৰী ডা০ লক্ষ্মী গোস্বামীয়ে এই সপোন পুৰণ হোৱাৰ পিছত এতিয়া মোৰ মৃত্যু হ’লেও কোনো আক্ষেপ নেথাকিব বুলি কৈ ১৯৮৩ চনৰ সন্ত্ৰাস জৰ্জৰ সময়ছোৱা অৰ্থাৎ জুৱে পোৰা ৮৩ৰ সময়ত ভাতৃ ঘাটি সংঘৰ্ষৰ সময়ত গহপুৰত নিথৰুৱা হোৱা একাংশ শিশুক লৈ তেজপুৰৰ নিকামূলত গঢ়ি তোলা শিশু আশ্ৰয় গৃহৰ পৰা শেহতীয়াকৈ একেখিনি ভূমিতে “আশাদীপ “নিৰ্মাণ কৰাৰ পিছত জীৱনৰ অন্তিমটো সপোন এখন বৃদ্ধ লোকৰ আশ্ৰয় গৃহ আছিল বুলি কয় ।আনহাতে ডা০ লক্ষ্মী গোস্বামীয়ে ১৯৮৩ চনৰ পৰা দীঘলীয়া সময়ৰ অসমৰ সামাজিক বুৰঞ্জী সদৰি কৰি এক আশ্ৰয় গৃহৰ সপোনৰ কথা জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰক অৱগত কৰাত তাৎক্ষণিক ভাৱে জিলা আয়ুক্তগৰাকীয়ে সঁহাৰি দিয়াই নহয় ইয়াৰ বাবে প্ৰয়োজনীয় ধনৰাশিও নিজাববীয়া তৎপৰতাৰে যোগাৰ কৰি আজি সেই সপোনে সাকাৰ ৰূপ পাবলৈ সক্ষম হোৱাত জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰক বিশেষভাৱে কৃতজ্ঞতা জ্ঞাপন কৰে। আনহাতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি মহেন্দ্ৰ ক্ষণত উপস্থিত হৈ আনুষ্ঠানিকভাৱে উদ্ঘাটন কৰি পুনৰ ওপৰ মহলাৰ ধনৰাশি প্ৰদানৰ কথা ঘোষণা কৰাত মুখ্যমন্ত্ৰী গৰাকীকো বিশেষ কৃতজ্ঞতা জ্ঞাপন কৰে। উল্লেখ্য যে ২০২৩ বৰ্ষৰ ১০ অক্টোবৰত শোণিতপুৰ জিলাৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকাই শিলান্যাস কৰাৰ পিছত তেজপুৰৰ যুৱ ব্যৱসায়ী মৃন্ময় কলিতা আৰু সৌৰভ বোথ্ৰাই কোনো ধৰণৰ লাভাংশ নলৈ অতি তৎপৰতাৰে এই তপোবনৰ নিৰ্মাণ সম্পূৰ্ণ কৰি তোলে ।

প্ৰেৰক পুলক কুমাৰ ডেকা

You might also like