নিয়মীয়া বাৰ্তা, ২১ জুলাইঃ আজি বিয়লি পৰা ধুবুৰী জিলা পৰিষদৰ কাৰ্য্যালয়ত মুখ্যমন্ত্ৰীৰ দূৰ্নীতি নিবাৰক আৰু তদাৰকী কোষৰ এটি দলে আৰম্ভ কৰা অভিযান বৰ্তমানলৈ অব্যাহত আছে। এতিয়ালৈ দলটোৱে বিষয়টো লৈ একো জনোৱা নাই যদিও ধুবুকী জিলা পৰিষদৰ অন্তৰ্গত এটা জিলা পৰিষদৰ সদস্যৰ উৎকোচ সন্দৰ্ভীয় কৰা এক অভিযোগৰ ভিত্তিত এই অভিযান আৰম্ভ হোৱা বুলি জানিব পৰা গৈছে। দলটোৱে জিলা পৰিষদটোত কৰ্মৰত এগৰাকী বিষয়াকে ধৰি আন এগৰাকী কৰ্মচাৰীক জেৰা চলাই থকা বুলি প্ৰকাশ। উল্লেখ্য যে, জিলা পৰিষদটোৰ কাৰ্য্যবাহী বিষয়া বিশ্বজিৎ গোস্বামীক ল’গত লৈ কাৰ্য্যালয় চৌহদত থকা বিষষাগৰাকীৰ চৰকাৰী আবাসগৃহলৈ যোৱা প্ৰত্যক্ষিত হৈছে। তদুপৰি বিষয়া গৰাকীৰ চৰকাৰী বাহনখনো দূৰ্নীতি নিবাৰক আৰু তদাৰকী কোষৰ দলটোৱে তালাচী চলোৱাটো বিশেষ তাৎপৰ্য্যপূৰ্ণ বুলি বিবেচিত হৈছে। অৱশ্যে দলটোৰ এই অভিযানত কাৰ্য্যালয়টোৰ কোনো বিষয়া অথবা কৰ্মচাৰীক কৰায়ত্ত কৰা হ’ব নে নাই সেয়া বৰ্তমানলৈ নিশ্চিত ভাৱে জানিব পৰা নাই।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী