নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২১ জুনত ঘৰতে আন্ত:ৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰিবলৈ ৰাজ্যবাসীলৈ আহ্বান মুখ্যমন্ত্ৰী সোণোৱালৰ

নিয়মীয়া বাৰ্তা, ১৮ জুনঃ বৰ্তমানৰ ব্যস্ত জীৱনশৈলীত শাৰীৰিক আৰু মানসিক দিশত সুস্থ হৈ থকাটো এক গুৰুত্বপূৰ্ণ বিষয় হিচাবে বিবেচনা কৰা হয়। এইক্ষেত্ৰত যোগ চৰ্চায়ে বিশেষ ভূমিকা পালন কৰে।
 অহা ২১ জুন আন্ত:ৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এক বিশেষ বাৰ্তাৰ জৰিয়তে সমূহ ৰাইজক যোগচৰ্চাৰ দ্বাৰা এক নিৰোগী জীৱনৰ অধিকাৰী হ’বলৈ আহ্বান জনাইছে।
লগতে বর্তমানৰ জটিল পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি ঘৰতে স্বাস্থ্যবিধি মানি এই যোগ দিৱস পালন কৰিবলৈও ৰাজ্যবাসীলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰী গৰাকীয়ে ।

You might also like