নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধৃত দালালৰ স্বীকাৰোক্তিত মণ্ডল চিঅ’–এছডিঅ’–জ্যেষ্ঠ বিষয়াৰ নাম

মাটিৰ দালালৰ বিৰুদ্ধে ৰাজ্যত অব্যাহত অভিযান

নিয়মীয়া বাৰ্তা ২৩ ছেপ্টম্বৰঃ ৰাজ্যখনত চলি থকা মাটিৰ দালালিত বহুসংখ্যক চৰকাৰী বিষয়া–কর্মচাৰী জড়িত হৈ আছে৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ কঠোৰ নির্দেশত পৰহি নিশাৰে পৰা ৰাজ্যজুৰি মাটিৰ দালালৰ বিৰুদ্ধে চলোৱা অভিযানত এতিয়ালৈ ৫২০জনৰো অধিক দালাল আৰক্ষীৰ জালত পৰিছে৷ ধৃত এই দালালসকলৰ স্বীকাৰোক্তিত বহু মণ্ডল, ৰাজহ চক্র বিষয়া (চি’), এছ ডি অ’, ডাঙৰ পদবীত থকা বিষয়াৰ নামো ওলাইছে৷

বুধবাৰে সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী ড০ শর্মাই এই কথা প্রকাশ কৰি কয় যে অহা ২ অক্টোবৰৰ পৰা ৰাজ্যখনত মিছন বসুন্ধৰাৰ কাম আৰম্ভ হ’ব৷ মাটিৰ নামজাৰি, উত্তৰাধিকাৰীৰ কাম অহা বছৰ ১০ মে’ৰ ভিতৰত চৰকাৰে সম্পূর্ণ কৰিব৷ ইয়াৰ বাবে চৰকাৰে প’র্টেলো খুলিব৷ জনসাধাৰণে প’র্টেলযোগে বা আবেদনযোগে সেই কাম কৰাৰ সুযোগ লাভ কৰিব৷ দুই লাখতকৈও ওপৰত আবেদন আহিব৷ সেয়ে চৰকাৰে অহা ২ অক্টোবৰৰ পৰা কোনো চক্র বিষয়াৰ কার্যালয়ত যাতে দালালৰাজ নচলে, দালাল যাব নোৱাৰে, তাৰ বাবে অভিযান চলাইছে৷ এই অভিযানৰ জৰিয়তে দালালসকলক এটা বার্তা দিব বিচৰা হৈছে তেওঁলোক যেন চক্র বিষয়াৰ কার্যালয়ত যাব নোৱাৰে৷ এই অভিযান থিয়েটাৰ এখনৰ নাটকৰ পূর্বৰ নৃত্য–নাটিকা বুলি অভিহিত কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে আচল থিয়েটাৰত মানুহে কেৱল সেৱাহে দেখা পাব৷ মিছন বসুন্ধৰাৰ সময়ত জনসাধাৰণে ভিডিঅ’ কল কৰিও মাটি বেচা–কিনা কৰিব পাৰিব৷ মুখ্যমন্ত্রী ড০ শর্মাই বিষয়াসকলক অহা ২ অক্টোবৰৰ পৰা কোনো বেয়া কামত লিপ্ত নহ’বলৈ চৰম সকীয়নি দিয়ে৷ মণ্ডলসকলৰ প্রসংগতো তেওঁ কয় যে যিসকলে ইমানদিনে বেয়া কাম কৰি আহিছে, তেওঁলোকেও এতিয়াৰ পৰা ভাল কাম কৰিব৷

আনহাতে মাটিৰ দালালৰ বিৰুদ্ধে চলা অভিযানত কেৱল পুঠি–খলিহনাহে ধৰা হৈছে, ডাঙৰ ডাঙৰ দালালসকলৰ বিৰুদ্ধে অভিযান চলা নাই বুলি সাংবাদিকে কৰা প্রশ্ণৰ উত্তৰত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে যি উৎসৰ পৰা দালালৰ নাম পোৱা হৈছে, তাত ৭০০জনৰ নামহে আহিছে৷ সেইসকল পুঠি–খলিহনা নে ৰৌ–বৰালি, সেই বিষয়ে জনাৰ কোনো ব্যৱস্থা নাই৷ এইক্ষেত্রত কোনোবাই ৰৌ–বৰালি দালালৰ নাম দিলে আৰক্ষীয়ে সেই সম্পর্কত তদন্ত কৰিব আৰু তদন্তত দোষী সাব্যস্ত হ’লে তেওঁলোকক গ্রেপ্তাৰো কৰা হ’ব৷ চক্র বিষয়াৰ কার্যালয়ৰ লগতে ডি টি অ’ৰ কার্যালয়কে ধৰি সকলো কার্যালয়তে দালালৰাজ বন্ধৰ বাবে চৰকাৰ বদ্ধপৰিকৰ৷ ইতিমধ্যে অনলাইনযোগে লার্নাৰ ড্রাইভিং লাইচেঞ্চ দিয়াৰ কাম আৰম্ভ হৈছে৷ এতিয়ালৈকে ৰাজ্যখনত ৩৩ হাজাৰ লোকে অনলাইনযোগে লার্নাৰ লাইচেঞ্চ লাভ কৰিবলৈ সক্ষম হৈছে৷ অহা ২৮–২৯ ছেপ্ঢেম্বৰৰ পৰা অনলাইনযোগে নিয়োগ বিনিময় কেন্দ্রত নিবনুৱাৰ নাম পঞ্জীয়ন প্রক্রিয়াও আৰম্ভ হ’ব৷ ঘৰতে বহি সকলোৱে অনলাইনযোগে নাম পঞ্জীয়ন কৰিব পাৰিব৷

উল্লেখ্য যে মাটিৰ দালালৰাজ বন্ধ কৰিবলৈ মুখ্যমন্ত্রী ড০ শর্মাই যোৱা ৭ ছেপ্টম্বৰত গুৱাহাটীত অতিৰিক্ত উপায়ুক্ত (ৰাজহ) আৰু চক্র বিষয়াসকলৰ এখন সন্মিলনত মাটিৰ দালালৰাজ চলি থকাৰ কথা স্পষ্টভাৱে উল্লেখ কৰি বিষয়াসকলক পৰৱর্তী দিনৰ পৰাই দালালসকলক গামোচা পিন্ধাই বিদায় দিবলৈ নির্দেশ দিয়ে৷ চক্র বিষয়াসকলে নিজেই গামোচা পিন্ধাই দালালসকলক তেওঁলোকৰ কার্যালয়ৰ পৰা বিদায় নিদিলে পৰৱর্তী দিনত তেওঁ নিজেই এটা এটাকৈ দালালক উলিয়াই আনিব বুলিও সকীয়নি দিয়ে৷ কিন্তু মুখ্যমন্ত্রীৰ সেই সকীয়নিৰ পাছতো ৰাজ্যৰ অতিৰিক্ত উপায়ুক্ত আৰু চক্র বিষয়াসকলে দালালৰাজ বন্ধ কৰিবলৈ সক্ষম নহ’ল৷ যাৰ বাবে মুখ্যমন্ত্রী ড০ শর্মাই কঠোৰ নির্দেশ দি আৰক্ষীৰ জৰিয়তে ৰাজ্যখনৰ প্রতিখন জিলাৰ পৰা এটা দিনৰ ভিতৰতে ৫ শতাধিক দালালক গ্রেপ্তাৰ কৰে৷ ধৃত দালালসকলৰ মাজত বহুকেইগৰাকী মণ্ডল, কাননগোও আছে৷

আনকি ধৃত দালালৰ স্বীকাৰোক্তিত আৰু বহু মণ্ডল, ৰাজহ চক্র বিষয়া (চি’), এছ ডি অ’, উচ্চপদস্থ চৰকাৰী বিষয়াৰ নাম প্রকাশ পোৱাত মাটিৰ দালালৰাজ কিমান ভয়ংকৰ ধৰণে ৰাজ্যখনত শিপাইছে, সেই ছবিখন উন্মোচিত হৈ পৰে৷ অৱশ্যে ইয়াৰ লগে লগে কোনসকল বিষয়া–কর্মচাৰী মাটিৰ দালালিত জড়িত হৈ সর্বসাধাৰণক পৰিশ্রান্ত আৰু শোষণ কৰি আহিছে, সেই তালিকাও এতিয়া চৰকাৰৰ নখদর্পণত৷ সেয়ে অনাগত দিনত বিশেষকৈ মিছন বসুন্ধৰা আৰম্ভ হোৱাৰ সময়ছোৱাত ৰাজ্যৰ ৰাজহ বিভাগটো দুর্নীতিৰ পৰা যথেষ্টখিনি যে মুক্ত হ’ব, সেইটো আশা কৰিব পাৰি৷ ড্রাগ্ছৰ পাছতেই মাটিৰ দালালৰ বিৰুদ্ধে মুখ্যমন্ত্রী ড০ শর্মাই চলোৱা কঠোৰ অভিযানে সর্বসাধাৰণ ৰাইজৰ মনত ইতিমধ্যে আশাৰ সঞ্চাৰ ঘটাইছে৷
কঠোৰ অভিযানৰ পাছতো দালালৰ দপ্দপনি অব্যাহত
চৰকাৰে মাটিৰ দালালৰ বিৰুদ্ধে কঠোৰ অভিযান চলাই থকাৰ সময়তো একাংশই এতিয়াও দালালৰাজ অব্যাহত ৰাখিছে৷ বুধবাৰে লখিমপুৰ জিলাৰ নাওবৈচা ৰাজহ চক্র কার্যালয়ত উৎকোচ লৈ হাতে–লোটে গ্রেপ্তাৰ হয় এজন লাট মণ্ডল৷ সেইদৰে তেজপুৰত আজি দুজন, দৰঙত চাৰিজন, ৰঙিয়াত সাতজন আৰু বাক্সাত ১৪জন দালাল গ্রেপ্তাৰ হৈছে৷ আনহাতে, মাটিৰ দালালিৰ বাবে গ্রেপ্তাৰ হোৱা নলবাৰী আৰু নগাঁৱত দুজন লোকৰ দেহত ওলাইছে ক’ভিড পজিটিভ৷
নাওবৈচাত কার্যালয়তে হাতে–লোটে লাট মণ্ডল গ্রেপ্তাৰ
নাওবৈচা ৰাজহ চক্র বিষয়াৰ কার্যালয়তে মাটিৰ ভাগ–বাটোৱাৰা কৰাৰ নামত উৎকোচ লৈ আজি হাতে–লোটে গ্রেপ্তাৰ হয় লাট মণ্ডল থানেশ্বৰ বৰা৷ আব্দুল হেকিম নামৰ এজন লোকৰ পৰা তিনি হাজাৰ টকা উৎকোচ লৈছিল লাট মণ্ডলজনে৷ আনহাতে এই দালালিত জড়িত ছফিকুল ইছলাম নামৰ গাঁওবুঢ়াজন পলাতক অৱস্থাত আছে৷
শোণিতপুৰত পুনৰ দুজন দালাল গ্রেপ্তাৰ
শোণিতপুৰ আৰক্ষীয়ে কালি ১২জনকৈ দালালক গ্রেপ্তাৰ কৰাৰ পাছত আজি পুনৰ দুজন দালালক গ্রেপ্তাৰ কৰে৷ ধৃত দালাল দুজনৰ এজন হৈছে ধর্মেন্দৰ ঠাকুৰ আৰু আনজন হাৰিগাঁৱৰ এগৰাকী মহিলা৷
বাক্সাত আজি ১৪জন দালাল গ্রেপ্তাৰ
আজি বাক্সা জিলাত ১৪জন মাটিৰ দালালক গ্রেপ্তাৰ কৰি জে’ল–হাজোতলৈ প্রেৰণ কৰে৷ ধৃত দালালকেইজন হৈছে– ৰাজা ব্রহ্ম, ৰজত বড়ো, প্রণৱ বড়ো, জগত বৈশ্য, বীৰেন তালুকদাৰ, ইছমাইল আলী, ভুবনেশ্বৰ ৰাভা, মলসিং ৰাভা, বুলেন বসুমতাৰী, কেশৱ দাস, ধ্রুৱজ্যোতি দাস, কুশল বড়ো, পুলেন্দ্র খাটনিয়াৰ আৰু ৰজত বড়ো৷ আনহাতে কালি ৰাজ্যখনত কেইবাগৰাকী লাট মণ্ডল গ্রেপ্তাৰ হোৱাৰ পাছত আজি বাক্সা ৰাজহ চক্রৰ কার্যালয়ত এজনো লাট মণ্ডল উপস্থিত নথকাত কার্যালয়টোলৈ অহা সাধাৰণ লোকসকল যথেষ্ট অসুবিধাৰ সন্মুখীন হয়৷
নলবাৰীত মাটিৰ দালালৰ দেহত ওলাল ক’ভিড পজিটিভ
নলবাৰী আৰক্ষীয়ে জিলাখনৰ পৰা সাংবাদিক, শিক্ষক, লাট মণ্ডলসহ ৩০জনৰো অধিক কুখ্যাত দালালক কালি গ্রেপ্তাৰ কৰে৷ ইয়াৰে এজন নলবাৰী আৰক্ষী থানাত অচেতন হৈ পৰাত লোকজন চিকিৎসাধীন অৱস্থাত আছে৷ শিক্ষক কন্দর্প ডেকাৰ দেহত ক’ভিড পজিটিভ ধৰা পৰাত তেওঁকো হাস্পতালত ভর্তি কৰোৱা হয়৷ সেইদৰে অনিল জৈন, লাট মণ্ডল চক্রেশ্বৰ কলিতা আৰু ছামচুল আলীক আৰক্ষীয়ে অধিক জেৰাৰ বাবে জিম্মাত লৈছে৷ আনকেইজন দালালক ন্যায়িক জিম্মালৈ প্রেৰণ কৰা হৈছে৷
নগাঁৱত ক’ভিডত আক্রান্ত এজন মাটিৰ দালাল
বিশেষ বার্তা, নগাঁও ঃ নগাঁও আৰক্ষীয়ে গ্রেপ্তাৰ কৰা ২২ মাটিৰ দালালৰ ভিতৰত এজনৰ দেহত ক’ভিড পজিটিভ ধৰা পৰে৷ ক’ভিডত আক্রান্ত হোৱা দালালজনক নগাঁৱৰ ক’ভিড কেয়াৰ চেণ্টাৰত ভর্তি কৰোৱা হয়৷ আন ২১জন দালালক আজি আদালতত হাজিৰ কৰাই আৰক্ষীয়ে ৫ দিনৰ জিম্মাত লৈ জেৰা অব্যাহত ৰাখিছে৷
বজালীত ৭জন আৰক্ষীৰ জিম্মাত
বজালী জিলাৰ বিভিন্ন স্থানৰ পৰা গ্রেপ্তাৰ কৰা ১৭জন মাটিৰ দালালক আজি পুৱা গুৱাহাটীৰ বিশেষ ন্যায়িক আদালতত হাজিৰ কৰোৱা হয়৷ আদালতে ৭জনক ৭ দিনৰ বাবে আৰক্ষীৰ জিম্মাত দিয়ে আৰু ১০জনক ন্যায়িক জিম্মালৈ প্রেৰণ কৰে৷ আৰক্ষীয়ে অধিক জেৰাৰ বাবে ন্যায়িক জিম্মাত লোৱা দালালকেইজন হৈছে মণ্টু চৌধুৰী, চম্পক শর্মা, নৰেন্দ্রনাথ গোস্বামী, ভৱেশ কলিতা, অপূর্ব চৌধুৰী, সুৰেশ চৌধুৰী আৰু অমূল্য তালুকদাৰ৷
ৰঙিয়াত ৭ দালাল গ্রেপ্তাৰ
ৰঙিয়া আৰক্ষীয়ে অঞ্চলটোৰ পৰা ৭জনকৈ মাটিৰ দালালক গ্রেপ্তাৰ কৰিছে৷ দালালকেইজন হৈছে কমল হাজৰিকা, হার্ছে আলী, কৰিম আলী, ৰেকিবুদ্দিন আহমেদ, হিল্লাল আলী, ৱাহিদুৰ ৰহমান আৰু চাহিদুৰ ৰহমান৷ অভিযোগ অনুসৰি বিগত সময়ছোৱাত চতিয়াৰ মাটিৰ দালাল ৰূপে পৰিচিত এইকেইজন লোকে খিলঞ্জীয়া লোকৰ কৃষিভূমি হস্তগত কৰি সন্দেহযুক্ত নাগৰিকক বিক্রী কৰি আহিছিল৷
দৰঙত দুই গাঁওবুঢ়াসহ চাৰি দালাল কৰায়ত্ত
দৰং জিলাৰ দলগাঁৱত আজি দুই গাঁওবুঢ়াসহ চাৰিজন দালালক আৰক্ষীয়ে কৰায়ত্ত কৰে৷ চৰকাৰী গাঁওবুঢ়া দুজন হৈছে ২নং মাজগাঁৱৰ জাকিৰ হুছেইন আৰু ১নং মাজগাঁৱৰ আহমেদ আলী৷ সেইদৰে আন দুজন দালাল হৈছে শ্বহিদুল ইছলাম আৰু আক্কাছ আলী৷
বঙাইগাঁৱৰ ১৫ দালাল জামিনত মুক্তি
বঙাইগাঁও আৰক্ষীৰ জালত পৰা ১৫ দালালে আজি জামিন লাভ কৰিছে৷ জিলাখনৰ মাণিকপুৰ আৰক্ষী থানা আৰু বঙাইগাঁও সদৰ আৰক্ষী থানাই গ্রেপ্তাৰ কৰা ১০জন দালালক আজি বঙাইগাঁও ন্যায়িক আদালতে জামিনত মুকলি কৰি দিয়ে৷ সেইদৰে অভয়াপুৰী আৰু বইটামাৰী আৰক্ষীয়ে গ্রেপ্তাৰ কৰা পাঁচ দালালক উত্তৰ শালমাৰাৰ ন্যায়িক আদালতে জামিন প্রদান কৰে৷

You might also like