নিয়মীয়া বাৰ্তা ১৩ মেঃ লকডাউন ৰ মাজতে মধ্য অসমত চলিছে অবৈধ কয়লা ব্যৱসায়। আজি AS 09 AC 2367 নম্বৰৰ ট্ৰাকখনত কয়লাখিনি কঢ়িয়াই আনি থাকোতেই মৰিগাঁও নগৰৰ লঠাবড়ীত স্থানীয় ৰাইজে সন্দেহবশতঃ ট্ৰাকখন আটক কৰোতেই প্ৰকৃত ৰহস্য পোহৰলৈ আহে ৷ সামাজিক ব্যৱধান নামানি প্ৰায় ১০/১৫ জনকৈ সন্দেহজনক লোককো ভৰাই আনিছিল ট্ৰাকখনৰ ভিতৰত ৷ সন্মুখত FCI ৰ লেবেল লগাই কয়লাৰ অবৈধ সৰবৰাহ আৰু মানুহ কঢ়িয়াই অনা ট্ৰাকখন আৰক্ষীয়ে জব্দ কৰিছে যদিও একাংশ লোক পলায়ন কৰে ৷ অৰেঞ্জ জ’ন হিচাপে চিহ্নিত মৰিগাঁও জিলালৈ এইদৰে ক’ৰ পৰা মানুহ কঢ়িয়াই অনা হ’ল সিও এক ভয়ংকৰ কথা ৷ অৱশ্যে আৰক্ষীয়ে তৎপৰতাৰে সমগ্ৰ ঘটনাৰ তদন্ত কৰিছে ৷ আনহাতে জব্দ হোৱা ট্ৰাক খন ৰ মালিক মৰিগাঁও চহৰৰ নাতিদূৰৰ বৰিগাঁও ৰ জন্যক তুটো বুলি জানিব পৰা গৈছে।